প্রাকৃতিক দুর্যোগঃ উঃ মাঃৰ প্রথম বর্ষৰ সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণৰ নিৰ্দেশ
নিয়মীয়া বাৰ্তা, ১০ জুনঃ উচ্চতৰ মাধ্যমিকৰ প্রথম বার্ষিকৰ সকলো শিক্ষার্থীক উত্তীর্ণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ এই সন্দর্ভত শিক্ষা সংসদে সকলো শিক্ষানুষ্ঠানলৈ পত্র প্রেৰণ কৰি চলিত বর্ষত প্রথম বর্ষৰ পৰীক্ষাত অৱতীর্ণ হোৱা অথবা আধা পৰীক্ষা দিয়া, পৰীক্ষাত অৱতীর্ণ নোহোৱা সকলো শিক্ষার্থীকে দ্বিতীয় অর্থাৎ চূড়ান্ত বর্ষলৈ উত্তীর্ণ কৰি দিয়াৰ নির্দেশ দিছে৷ শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে জাৰি কৰা নির্দেশনাটোত প্রাকৃতিক দুর্যোগৰ বাবে শিক্ষা সংসদে এই সিদ্ধান্ত লোৱা বুলি স্পষ্ট কৰিছে৷
ইফালে মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে ছেবাই পৰীক্ষাৰ বহী পুনৰীক্ষণৰ বাবে এক অনলাইন প’র্টেল মুকলি কৰিছে৷ sebaonline.org এই প’র্টেলৰ জৰিয়তে শিক্ষার্থীয়ে তেওঁলোকৰ বহী পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব৷ উত্তৰবহীৰ ফটো কপী বিচাৰিও আবেদন কৰিব পাৰিব এই প’র্টেলত৷ আজি অর্থাৎ শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা ২০ জুনৰ সন্ধিয়া ৫ বজালৈ এই প’র্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ আনহাতে, শিক্ষা সংসদে প্রতিখন শিক্ষানুষ্ঠানক উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষৰ শিক্ষার্থীক চূড়ান্ত বর্ষলৈ উত্তীর্ণ কৰি দিয়াৰ লগতে শিক্ষার্থীসকলৰ নম্বৰ আপলোড কৰিবলৈও নির্দেশ দিছে৷ যাতে তেওঁলোকৰ ভৱিষ্যৎ ব্যৱহাৰৰ বাবে মার্কশ্বীট জাৰি কৰিব পৰা যায়৷