ৰূপহীহাট লাওখোৱাৰ বৌ বজাৰে আকৰ্ষিত কৰিছে পথচাৰীক
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ৰূপহীহাটৰ লাওখোৱা অভয়াৰণ্যৰ প্ৰাকৃতিক মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ তাৰ গাতে পদপথত আছে এক বিশেষ বজাৰ । যত দোকানী ৰূপত কেৱল মহিলা।ৰূপহীহাটৰ লাওখোৱাত আছে এই বিশেষ বজাৰখন । নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ দাঁতিত এই বিশেষ বজাৰ। এই বজাৰত আপুনি থলুৱা উৎপাদিত শাক-পাচলিৰ লগতে উপভোগ কৰিব পাৰিব এক মনোমোহা প্ৰাকৃতিক দৃশ্য। উজনিৰ পৰা নামনিলৈ যোৱা লোকে পাচলি ক্ৰয় কৰিবলৈ ভিৰ কৰে এই বিশেষ বজাৰখনত। এই বজাৰখনে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।কোনো ধৰণৰ বেংকৰ পৰা বা মাইক্ৰফাইনেঞ্চৰ পৰাও ঋণ নোলোৱাকৈ নিজৰ ঘৰত উৎপাদিত শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে এইসকল মহিলাই। এই বিশেষ বজাৰখন গড়লৈ উঠিছিল যোৱা লকডাউনৰ সময়ত। বৰ্তমান এই বিশেষ বজাৰখনক বৌ বজাৰ বুলি নামকৰণ কৰিছে ইয়াৰ স্থানীয় ৰাইজে।
প্ৰেৰক জহিৰুল ইছলাম