নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজয়ী স্পেইনক বীৰোচিত আদৰণি অনুৰাগীৰ

ফিফা বিশ্বকাপ ২০২৬ৰ খিতাপ জয় কৰি স্বদেশলৈ উভতি অহা বিশ্বজয়ী স্পেইন ফুটবল দলক ৰাজধানী মাদ্ৰিদত অভূতপূৰ্ব বীৰোচিত সম্বৰ্ধনা জনোৱা হয়। হুডখোলা বাছত চহৰ পৰিভ্ৰমণ কৰা স্পেইন দলটোক অভিনন্দন জনাবলৈ ৰাজপথত সমৱেত হয় প্ৰায় ২ লাখ অনুৰাগী।

অধিনায়ক ৰ’ড্ৰি, তাৰকা ফুটবলাৰ লামিন য়ামাল, ফেৰান ট’ৰেছ, পাউ কুবাৰ্ছি আৰু উনাই ছিমনকে ধৰি বিশ্বজয়ী দলটোক দেখা পাবলৈ মাদ্ৰিদৰ ৰাজপথত জনসমুদ্ৰৰ সৃষ্টি হয়। ৰঙা-হালধীয়া ধোঁৱা, পতাকা আৰু সংগীতেৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ চহৰখনত।

বিশ্বজয়ী ফুটবলাৰসকলেও অনুৰাগীসকলৰ সৈতে বিজয়ৰ আনন্দ ভাগ-বতৰা কৰে। বিশেষকৈ ছিবেলেছ স্কোৱাৰত আয়োজন কৰা বিজয় উৎসৱত খেলুৱৈসকলে ডিজে (DJ)-ৰ ভূমিকাত অৱতীৰ্ণ হৈ সংগীত বজাই নাচ-গানেৰে সকলোকে মতলীয়া কৰি তোলে।

ইয়াৰ পূৰ্বে স্পেইন দলটোৱে ৰাজপ্ৰাসাদত উপস্থিত হৈ ৰজা ফেলিপ ষষ্ঠ আৰু ৰাজকুমাৰী লিঅ’ন’ৰক সাক্ষাৎ কৰে। এই সময়ত অধিনায়ক ৰ’ড্ৰিয়ে ৰজাৰ হাতত বিশ্বকাপৰ প্ৰতিলিপি (Replica Trophy) আৰু নিজৰ ৪ নম্বৰ জাৰ্ছী উপহাৰ দিয়ে।

পিছত দলটোৱে প্ৰধানমন্ত্ৰী পেড্ৰো ছানচেজকো সাক্ষাৎ কৰি শুভেচ্ছা গ্ৰহণ কৰে। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছতে আৰম্ভ হয় বৃহৎ বিজয় শোভাযাত্ৰা।

উল্লেখযোগ্য যে নিউ জাৰ্ছীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফাইনেলত ফেৰান ট’ৰেছৰ অতিৰিক্ত সময়ৰ একমাত্ৰ গ’লৰ সহায়ত স্পেইনে আৰ্জেণ্টিনাক ১-০ গ’লত পৰাস্ত কৰি ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই ঐতিহাসিক জয়ৰ আনন্দত এতিয়া উৎসৱমুখৰ হৈ পৰিছে সমগ্ৰ স্পেইন।

ডিজিটেল ডেস্ক, ২২ জুলাই

You might also like