উজনি অসমত বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলস্তৰ অব্যাহতভাৱে বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত বান-সম্পৰ্কীয় ঘটনাত আৰু ২১জন লোকৰ মৃত্যু ঘটিছে। ইয়াৰ সৈতে ৰাজ্যখনত চলিত বানত মুঠ মৃতকৰ সংখ্যা ৩১জনলৈ বৃদ্ধি পাইছে।
শেহতীয়াকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিৱসাগৰত ১৩জন, চৰাইদেউত ৫জন, গোলাঘাটত ২জন আৰু যোৰহাটত ১জন অন্তৰ্ভুক্ত। ইফালে নাজিৰা অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হোৱাত আতংকৰ সৃষ্টি হৈছে।
ডিজিটেল ডেস্ক, ২২ জুলাই