নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ পশ্চিম প্ৰান্তত হাহাকাৰঃ জলবন্দী জনগণ

নিয়মীয়া বাৰ্তা, ১৫ জুন : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ,ধাৰাপুৰ, লংকেশ্বৰ, গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বিস্তীৰ্ণ এলেকা বৰষুণৰ পানীয়ে বুৰাই পেলোৱাত জনগণ জলবন্দী হৈ থাকিব লগা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেবাটাও আবাসৰ লগতে বহু বিভাগৰ সন্মূখত পানী বন্ধ হৈ আছে । একেদৰে লংকেশ্বৰ, আজাৰাৰ বহু নাগৰিকৰ বাসগৃহৰ ভিতৰলৈ পানী সোমাই যোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ধাৰাপুৰ চাৰিআলিৰ সদাব্যস্ত মূল চ’কটো কৃত্ৰিম বানপানীৰ কৱলত পৰি প্লাৱিত হৈ পৰাত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ পৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছে । চাৰিআলি চ’কটোৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰা পানী পৰিবাহী নলা-নৰ্দমা সমূহ একাংশ অবিবেচক লোকে বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। সদাব্যস্ত ধাৰাপুৰ চাৰিআলি চ’কটোৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা আজাৰা ৰাজহ চক্ৰ বিষয়া গৰাকীক একাধিকবাৰ অৱগত কৰি আহিছে যদিও তেনে অভিযোগৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই স্থানীয় বিধায়ক তথা চক্ৰ বিষয়াগৰাকীয়ে । সম্প্রতি ধাৰাপুৰ চাৰিআলি চ’কটো পাৰ হ’বলৈ সৰ্বসাধাৰণ ৰাইজৰ আহুকালৰ সীমা নোহোৱা হৈছে । লেতেৰা পানীৰে চ’কটো বুৰ গৈ থকাত ধাৰাপুৰ মজলীয়া বিদ্যালয় আৰু ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীকে ধৰি শিক্ষক – শিক্ষয়িত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈ পৰিছে । উল্লেখ্য যে ধাৰাপুৰ চাৰিআলি চ’কটোৰ পৰা অতিৰিক্ত পানী ভাগ ওলাই যাবলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে অতীজৰে পৰা এটা পানী পৰিবাহী নলা আছিল যদিও একাংশ পুঁজিপতি লোকে ফ্লেট নিৰ্মাণৰ গইনা লৈ পানী পৰিবাহী নলাটো বন্ধ কৰি দিয়াত এজাক বৰষুণতে চ’কটোৰ পৰা পানী ওলাই যাব নোৱাৰি জলমগ্ন হৈ পৰে । পূৰ্বতে ধাৰাপুৰ চাৰিআলি চ’কটোৰ পৰা অতিৰিক্ত পানীভাগ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে থকা পানী পৰিবাহী নলাটোৰ বৈ গৈ দীপৰ বিলত পৰিছিল । কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে-লগে নলাটোৰ দাঁতিত থকা কৃষিভূমি সমূহ একাংশ পুঁজিপতি গোষ্ঠীয়ে সৰ্বসাধাৰণ কৃষিজীৱী গঞাক ধনৰ লোভ দেখুৱাই ক্ৰয় কৰি ফ্লেট নিৰ্মাণ কৰাৰ লগতে ফ্লেটৰ সন্মুখ ভাগটো “কমাৰ্চিয়েল কম্প্লেক্স” হিচাপে গঢ়ি তুলিছে । বৰ্তমানে “পূজা এনক্লেভ , লেকভিউ আৰু সুপ্ৰিয়া গাৰ্ডেন” নামৰ ফ্লেট তিনিটাৰ কৰ্তৃপক্ষই নিজস্ব মইমতালিৰে তেওঁলোকৰ অহা-যোৱাৰ সুবিধাৰ বাবে পানী পৰিবাহী নলাটো বন্ধ কৰি ৰাখিছে । তদুপৰি তৰুণ চন্দ্ৰ দাস নামৰ “কমাৰ্চিয়েল কম্প্লেক্স” কেইটালৈ অনবৰতে বিভিন্ন বয়বস্তু কঢ়িয়াই অনা গাড়ী চলাচল কৰি থকাৰ বাবেও “কমাৰ্চিয়েল কম্প্লেক্স”ৰ গৰাকীয়ে নলাটো বন্ধ কৰি দিছে । ইপিনে এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সমাধান কৰাৰ বাবে যোৱা ২১ মে’ত ধাৰাপুৰ ছাত্র সন্থা আৰু আজাৰা ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় । আলোচনা কালত চক্ৰ বিষয়া গৰাকীয়ে নিজেই উক্ত স্থান খিনি পৰ্যবেক্ষণ কৰাৰ লগতে পূৰ্বৰ পানী পৰিবাহী নলাটো খান্দি দি ধাৰাপুৰ চাৰিআলিৰ কৃত্ৰিম বানপানীৰ সমস্যাটো মষিমূৰ কৰিব বুলি ধাৰাপুৰ ছাত্র সন্থাক প্ৰতিশ্ৰুতি দিয়ে । কিন্তু অতি পৰিতাপৰ কথা এই যে আজি পৰ্যন্ত চক্ৰ বিষয়া গৰাকীয়ে ধাৰাপুৰ চাৰিআলি চ’কটোৰ লগতে পূৰ্বৰ পানী পৰিবাহী নলাটোৰ স্থান খিনি পৰ্যবেক্ষণ কৰিবলৈ আহৰি নোপোৱাত ধাৰাপুৰ ছাত্ৰ সন্থাই চক্ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাশ কৰে। আনহাতে স্থানীয় বিধায়ক গৰাকীয়ে লোক নিৰ্মাণ বিভাগক সমস্যাটো সন্দৰ্ভত ইতিমধ্যে অৱগত কৰিছে যদিও লোক নিৰ্মাণ বিভাগেও এই সন্দৰ্ভত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে । ধাৰাপুৰ চাৰিআলিৰ কৃত্ৰিম বানপানীৰ সমস্যাটো যদিহে সমাধান কৰাৰ ক্ষেত্ৰত বিধায়ক আৰু চক্ৰ বিষয়া গৰাকীয়ে কোনো ধৰণৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ধাৰাপুৰ ছাত্ৰ সন্থাই আগন্তুক কেইদিনৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

প্ৰেৰক অমল কলিতা

You might also like