জলমগ্ন নগৰবেৰাৰ ৰাজপথ মেৰামতিত বিধায়িকা নন্দিতা দাসৰ তৎপৰতাত ৰাইজৰ শলাগ
নিয়মীয়া বাৰ্তা,১৭ জুন: কামৰূপৰ বকো সমষ্টিৰ প্ৰান্তৱৰ্তী নগৰবেৰাৰ ৰাস্তা-ঘাটৰ অৱস্থা আজিকোপতি সুগম-সুচল হৈ নুঠাত ৰাইজৰ যাতায়তৰ আহুকাল অব্যাহত আছে | নগৰবেৰা বজাৰৰ নিউ মাৰ্কেটত বছৰটোৰ সৰহকাল জলমগ্ন হৈ থকা প্ৰায় এক কিঃ মিঃ পথ অতিবৃষ্টিৰ ফলত জলপৃষ্ঠ বৃদ্ধি পোৱাত যাতায়ত সমূলি বিঘ্নিত হৈ পৰিছিল | ৰাইজৰ এনে বিপৰ্যয়ৰ বতৰা পাই আজি সমষ্টিৰ বিধায়িকা নন্দিতা দাসে নগৰবেৰাত উপস্থিত হৈ তৎকালীন ভাবে নলা নিস্কাষণৰ দিহা কৰা আৰু বিধ্বস্ত পথচোৱাত শিল-বালিৰে যাতায়তৰ অনুকুল কৰি তোলে | বিধায়িকা গৰাকীৰ সতে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰ ,লোক নিৰ্মাণ বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যবাহী বিষয়া জিতু শইকীয়া ,টেকপইণ্ট ইঞ্জিনিয়াৰ গোষ্ঠীৰ কমল মেধী আদি সকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিধায়িকা গৰাকীৰ সতে কামৰ তদাৰক কৰে | বিধায়িকা গৰাকীয়ে ইতিমধ্যে পথটিৰ মেৰামতি আৰু বহল কৰাৰ বাবে যাৱতীয় যোগাযোগ ৰখা আৰু অচিৰেই নগৰবেৰাৰ যাতায়ত যঠেষ্ট উন্নত হ’ব বুলিও আশা ব্যক্ত কৰে | অঞ্চলবাসী ৰাইজে বিধায়িকা গৰাকীৰ এই তৎপৰতাৰ শলাগ লোৱাৰ উপৰি পথৰ পানী নোহোৱা হোৱাত সন্তুষ্টি প্ৰকাশ কৰে |