নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ আলোচনা-চক্ৰত দিগন্ত বিশ্ব শৰ্মা- যোগে ভাৰতবৰ্ষৰ আধ্যাত্মিক চিন্তাধাৰাক বিশ্বত শক্তিশালী কৰি ৰাখিছে

নিয়মীয়া বাৰ্তা, ২০ জুনঃ ‘সমগ্ৰ জীৱনেই যোগ’ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত আজি উপৰিউক্ত শিৰোনামেৰে অতি গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ অনুযায়ী মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ যোগ কোষৰ সহযোগত মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে সুবক্তা তথা বেদান্ত দৰ্শন আৰু ভাৰতীয় সভ্যতা-সংস্কৃতিৰ তাত্ত্বিক পৰ্যালোচক দিগন্ত বিশ্ব শৰ্মাই৷ শ্ৰীৰামকৃষ্ণ, বিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ অনুগামী তথা বিশিষ্ট অনবুাদক দিগন্ত বিশ্ব শৰ্মাই গীতাৰ বিশ্বৰূপ দৰ্শন খণ্ডৰ এটি শ্লোকেৰে আৰম্ভ কৰা বক্তৃতাটোত যোগাসনৰ উপকাৰৰ লগতে শ্ৰীঅৰবিন্দৰ আপ্তবাক্য “সমগ্ৰ জীৱনেই যোগ’ৰ বিষয়ত তাৎপৰ্যপূৰ্ণ ব্যাখ্যাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ ৰমেন হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে সঞ্চালনা কৰা অনুষ্ঠানৰ মঞ্চত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰভাত শৰ্মা উপস্থিত থাকে। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সভাকক্ষত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক-সন্ধিয়া ‘সমগ্ৰ জীৱনেই যোগ’ শীৰ্ষক আলোচনা চক্ৰৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে যোগে ভাৰতবৰ্ষৰ আধ্যাত্মিক চিন্তাধাৰাক বিশ্বত শক্তিশালী কৰি ৰাখিছে, আধ্যাত্মিক চিন্তা দৰ্শনে আত্মাক শুদ্ধ কৰি শৃংখলাবদ্ধভাৱে পৰিচালিত কৰে। এই শৃংখলাবদ্ধ সমাজ, সুৰুচিসম্পন্ন জীৱনচৰ্যা আৰু আধ্যাত্মিক স্বাস্থ্য সাধন হৈছে মানুহৰ জীৱনবোধৰ শিক্ষা। আধ্যাত্মিক চিন্তা দৰ্শন আমাৰ অতিকৈ আৱশ্যকীয় ধৰ্ম। যোগ কেৱল শাৰীৰিক ব্যায়াম নহয় যোগৰ জৰিয়তে মানৱ জীৱনত আধ্যাত্মিক চিন্তা চৰ্চাক অধিক শক্তিশালী কৰিব পাৰি। আলোচনা চক্ৰৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন তথা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীয়ে সৰস্বতী বন্দনাৰ কৰাৰ লগতে মহাবিদ্যালয় যোগ কোষৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে যোগাসন প্ৰদৰ্শন কৰে। সভাত পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰভাত শৰ্মা, কবি শান্তনু সৰকাৰ, ছাত্ৰী ইমেক্সেল মুক্তানে ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ পুষ্পা সিঙে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like