নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ আশ্ৰয় শিবিৰত শিশুৰ বাবে বিশেষ ব্যৱস্থাঃ বানৰ বিভীষিকাৰ মাজতো শিশুৱে পঢ়িছে, গাইছে, খেলিছেঃ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ বানপানীৰ সময়ত ধন-জনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে সংকটপূৰ্ণ পৰিস্থিতিৰ বাবে কণ কণ শিশুসকলৰ মনতো ঋণাত্মক প্ৰভাৱ পৰে৷ বানত বুৰ যোৱা নিজৰ ঘৰখন এৰি, প্ৰিয় খেলপথাৰখনৰ পৰা আঁতৰি নিস্পাপ বহু শিশুৱে অভিভাৱকৰ সৈতে আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হয়; ফলত স্তব্ধ হৈ পৰে দুৰ্ভগীয়া সেই শিশুসকলৰ স্বাভাৱিক জীৱন শৈলী। সেই বিশেষ দিশটোলৈ লক্ষ্য ৰাখি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নীতিৰ আধাৰত ধুবুৰী জিলা প্ৰশাসনে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। জিলাখনৰ বানাক্ৰান্তৰ বাবে স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰবোৰতে শিশুসকলৰ বাবে শিশু উপযোগী স্থান নিৰ্মাণ কৰি তেওঁলোকক বানৰ বিভীষিকাৰ মাজতো পঢ়া-শুনা, গীত-মাত, খেলা-ধূলাৰ মাজেদি শিশুসকলক উৎফুল্লিত কৰি ৰখাৰ এক প্ৰয়াস চলোৱা দেখা গৈছে প্ৰশাসনে। জানিব পৰা মকে, ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিৰ বিশেষ তৎপৰতাত ইতিমধ্যে ৪৩টা আশ্ৰয় শিবিৰৰ প্ৰায় ১৫ টা শিবিৰত এনে শিশু উপযোগী স্থান সাজু কৰি শিশুসকলক গুণগত সময় পাৰ কৰাৰ সুবিধা কৰি দিয়া হৈছে আৰু আন শিবিৰবোৰতো দুই-এদিনৰ ভিতৰতে এনে পৰিবেশ গঢ়ি তোলা হ’ব বুলিও জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like