নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ

  • প্ৰতিথযশা শিল্পী ড° লক্ষহীৰা দাসক ডি লিট প্ৰদান
  • বিশিষ্ট বিজ্ঞানী ড° জগদীশ মহন্তক ডি এচ চি প্ৰদান

নিয়মীয়া বাৰ্তা, ২৮ জুন:  দেশৰ উচ্চশিক্ষা খণ্ডলৈ অপৰিসীম অৱদান আগবঢ়াই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি সম্পন্ন হয় বিশ্ববিদ্যালয়খনৰ ২০ সংখ্যক দীক্ষান্ত সমাৰোহ। এই সমাৰোহত সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য প্ৰাধ্যাপক জগদীশ মুখীয়ে। সভাপতিৰ ভাষণত আচাৰ্যগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুণগত শৈক্ষিক মানৰ প্ৰশংসা কৰে আৰু জ্ঞানৰ সহায়ত সমাজক সেৱা আগবঢ়াবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়। ভাষণ প্ৰসংগত আচাৰ্যগৰাকীয়ে কয় – ” আমাৰ বিশ্ববিদ্যালয়সমূহ হৈছে জ্ঞানৰ কেন্দ্ৰ আৰু অদ্বিতীয় শৈক্ষিক কেন্দ্ৰ হিচাপে আত্ম-প্ৰকাশ কৰিব পৰাকৈ সেইবোৰৰ সম্ভাৱনা আছে। এইটো এটা সত্য কথা যে আমেৰিকাৰ নাছাৰ ৩০% বিজ্ঞানীয়েই হৈছে ভাৰতীয় বিশ্ববিদ্যালয়বোৰৰ সৃষ্টি। ইয়াকে লৈ আমি গৌৰৱ অনুভৱ কৰোঁ‌। বিশ্ববিদ্যালয়সমূহ কেৱল জ্ঞানৰ কেন্দ্ৰই নহয়, প্ৰগতিৰো কেন্দ্ৰ হোৱা উচিত।”

গাম্ভীৰ্যপূৰ্ণ এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটস্থিত বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদ- উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( CSIR-NEIST) ৰ সঞ্চালক তথা বিশিষ্ট বিজ্ঞানী ড° জি নৰহৰি শাস্ত্ৰী। মুখ্য অতিথিৰ দীক্ষান্ত ভাষণত বিজ্ঞানীগৰাকীয়ে ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক শুভকামনা জনাই আৰু ব্যক্তিগত জীৱন, সমাজ আৰু ৰাষ্ট্ৰৰ কথা ভাবি জ্ঞানৰ আলোকেৰে জীৱন পথত আগুৱাই যাবলৈ তেওঁ‌লোকৰ প্ৰতি আহ্বান জনায়। নিয়োগ সৃষ্টিৰ প্ৰাসংগিকতাৰ বিষয়ে ক’বলৈ গৈ বিজ্ঞানীগৰাকীয়ে কয় – ‘ কৰ্ম-সংস্থাপনৰ দিহা কৰাটো সম্প্ৰতি এক গুৰুতৰ সমস্যা হৈ পৰিছে আৰু যুৱক-সমাজে নিজৰ নিয়োগ-সক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি এই বিষয়ে চিন্তাৰ কৰাৰ লগতে কৰ্ম-সংস্থাপন কেনেকৈ বৃদ্ধি কৰিব পাৰি এই বিষয়তো মনোনিৱেশ কৰিব লাগে।”

এই সমাৰোহত আদৰনী ভাষণ প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক লীলাকান্ত নাথে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে আৰু এনেদৰে কয়- ‘ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে উপলদ্ধি কৰিছে যে ২০৩০ চনৰ ভিতৰত সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে বহু-বিষয়ক ( multi-disciplinary) পাঠ্যক্ৰমৰ প্ৰতিষ্ঠান হ’বলৈ লক্ষ্য বান্ধি ল’ব। এক সামগ্ৰিক আৰু বহু- বিষয়ক পাঠ্যক্ৰমৰ শিক্ষাই মানুহৰ বৌদ্ধিক, নান্দনিক, সামাজিক, শাৰীৰিক, আবেগিক আৰু নৈতিক বিকাশক এক সংহত ৰূপত উন্নত কৰিবলৈ লক্ষ্য হিচাপে ল’ব। এই কথাবোৰ বিবেচনা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলাইছে।” এই সমাৰোহতে অসমৰ বিদ্যায়তনিক, সাংস্কৃতিক আৰু সংগীত জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰতিথযশা শিল্পী ড° লক্ষহীৰা দাসক তেখেতৰ বিৰল প্ৰতিভাৰ স্বীকৃতি হিচাপে সন্মানীয় ডি লিট ( D.Litt.)ডিগ্ৰী প্ৰদান কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে শিল্পীগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। লগতে বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতি হিচাপে লাহোৱালস্থিত ICMR -RMRC ৰ প্ৰাক্তন সঞ্চালক, বিশিষ্ট বিজ্ঞানী ড° জগদীশ মহন্তক ডি এচ চি (D.Sc.)সন্মান প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই জনোৱা অনুসৰি এই দীক্ষান্ত সমাৰোহত ২৯,৫২৬ গৰাকী ছাত্ৰ ছাত্ৰীক বিভিন্ন শৈক্ষিক ডিগ্ৰীসমূহ প্ৰদান কৰা হয়। তাৰে ১৮৮ গৰাকীক PhD, ১৭২ গৰাকীক M.Phil, ৩,৭৭৯ গৰাকীক স্নাতকোত্তৰ আৰু ২৫,৩৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, ১৯৬৫ চনত স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে দেশৰ এই অংশত স্থাপন হোৱা অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠাৰ দিন ধৰি শিক্ষাৰ সম্প্ৰসাৰণত এই বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like