নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে ৰূপহী টাউনৰ আইনুল হকৰ বাসগৃত অভিয়ান চলাই ৷ আৰক্ষীৰ অভিয়ানৰ উমান পাই ড্ৰাগছ সৰবহৰাকাৰী আইনুল হক ঘৰৰ পৰা পলায়ন কৰে ৷আৰক্ষীয়ে আইনুলৰ ঘৰৰ পৰা ৮৮ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১১৮ গ্ৰাম ৷ আৰক্ষীয়ে পলায়ন কৰা আইনুলক হকক বিছাৰি অভিযান অব্যাহত ৰাখিছে ৷
প্ৰেৰক জহিৰুল ইছলাম