নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপথাৰ শান্তিপুৰত নিচাযুক্ত সামগ্ৰীসহ এজনক কৰায়ত্ত

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বৰপথাৰ শান্তিপুৰ আৰক্ষীৰ বৃহৎ সাফল্য।নৈশ বাছৰ পৰা তিনিলক্ষ্যাধিক টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী সহ এজনক কৰায়ত্ব শান্তিপুৰ আৰক্ষীৰ। আজি পুৱতি নিশা বৰপথাৰ শান্তিপুৰ আৰক্ষীয়ে খাকৰাজানৰ নাকা তালাচীত অতৰ্কৃিতে অভিযান চলায় ডিমাপুৰৰ পৰা তিনচুকীয়া অভিমুখী নৈশ বাছ ARO 9A 4784 খনৰ পৰা নিচাযুক্ত সামগ্ৰী সহ হিৰকজ্যোতি দহোটিয়া (২৭) নামৰ সৰবৰাহকাৰীও কৰায়ত্ত কৰে। উলেখ্য যে বৰপথাৰ শান্তিপুৰ আৰক্ষী তথ্য অনুসৰি জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ পৰিমাণ হৈছে 47′;4 গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য তিনি লক্ষ্যাধিক টকাৰ বুলি আৰক্ষী সুত্ৰত প্ৰকাশ। অভিযানৰ নেতৃত্ব দিছিল বৰপথাৰ শান্তিপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন বৰুৱা কুলেন্দ নাথ তথা সহযোগীসকলে।

প্ৰেৰক অমূল্য গোস্বামী

You might also like