গয়বাৰীত বড়ো সাহিত্য সভাৰ স্মৃতি স্তম্ভৰ নৱনিৰ্মিত দুৱাৰ উদ্ধোধন : থুনলাই আড্ডা
বড়ো সাহিত্য সভাৰ সোনালী জয়ন্তী বৰ্ষ ২০০২ বৰ্ষৰ ১৯, ২০, ২১, ২২ আৰু ২৩ ফেব্ৰুৱাৰীত পাঁচ দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে গয়বাৰী জৌহৌলাও শ্বৌম্বলা ফৌথাৰত অনুষ্ঠিত হয় । চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী ঠাইত অনুষ্ঠিত অধিবেশনৰ লগত সংগতি ৰাখি বড়ো সাহিত্য সভাৰ স্মৃতি স্তম্ভ সম্বলিত প্ৰত্বীক চিহ্ন স্থাপন কৰা হয় । স্মৃতি স্তম্ভৰ চাৰিওফালে নতুনকৈ পকী ওৱাল আৰু তোৰণ (দুৱাৰ)আটক-ধুনীয়াকৈ নিৰ্মাণ কৰা হয় । উক্ত স্মৃতি স্তম্ভৰ দুৱাৰটি শুভ উদ্ধোধন কৰা হয় । ফিটা কাটি শুভ উদ্ধোধন কৰে বি টি চিৰ বন আৰু ৰিভিনিউ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । তেওঁ উদ্ধোধন কৰি বড়ো জাতিৰ উৎকৰ্ষ সাধনত বড়ো সাহিত্য সভাৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি ভৱিষ্যতে সকলো প্ৰকাৰৰ সহযোগিতাৰ আশ্বাস দিয়ে । ইয়াৰ অন্তত থুনলাই আড্ডা অনুষ্ঠিত হয় । ৰাজা দেৱজিত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠান উদ্ধোধন কৰে শিশু সাহিত্যৰ ওপৰত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত লক্ষ্মীনাথ ব্ৰহ্মই । তেওঁ এটি স্বৰচিত কবিতা পাঠ কৰে । অনুষ্ঠানটিত বি টি চিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়েও উপস্থিত সকলোৰে মনোগ্ৰাহীকৈ কবিতা পাঠ কৰে । ৩১ নং চিদলী (জনজাতি) সংৰক্ষিত সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকি বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য উৎকৰ্ষ সাধনত বড়ো সাহিত্য সভা নেৰানেপেৰাকৈ লাগি থকা কাৰ্যক তেওঁ শলাগ লৈ কিছু পৰামৰ্শ আগবঢ়ায় । বড়ো সাহিত্য সভাৰ উপসভানেত্ৰী ৰমেলা ইশ্লাৰী, ৰবীন বড়ো, সুৱল চন্দ্ৰ বসুমতাৰী ইত্যাদিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে । সুৱল চন্দ্ৰ বসুমতাৰীয়ে গয়বাৰী(বাসুগাঁও)ত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ সোনালী জয়ন্তী বৰ্ষৰ ৰোমন্থন কৰে । বড়ো ছবিৰ প্ৰযোজন-পৰিচালক ৰজেন নাৰ্জাৰীয়ে প্ৰেম-ভালপোৱা, ৰোমাঞ্চৰ ওপৰত কবিতা পাঠ কৰে ।অনুষ্ঠানটিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তৰেন বড়ো, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গোবিন্দ বসুমতাৰী, হৰিনাৰায়ণ খাখলাৰী, বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ ৰনেন চন্দ্ৰ মুছাহাৰী, ট্ৰাইবেল সংঘৰ উপদেষ্টা তথা গৰুভাষা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন নাৰ্জাৰী, চিৰাং জিলা ট্ৰাইবেল সংঘৰ সভাপতি সুখেল বসুমতাৰী ইত্যাদি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
ভৃগু মুনি ৰায়, বাসুগাঁও, ২৩/০৭/২০২২