নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বিদ্যাপাৰা জামে মছজিদ কমিটিৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মাদক দ্ৰব্য নিবাৰণৰ ওপৰত সজাগতা সভা

 

নিয়মীয়া বাৰ্তা, ২৩ জুলাই:আজি বিয়লি ধুবুৰীৰ ঐতিহ্যমণ্ডিত বিদ্যাপাৰা জামে মচজিদ কমিটিয়ে সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মাদক দ্ৰব্য নিবাৰণৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। ধুবুৰী চহৰৰ মাজমজিয়াৰ বিদ্যাপাৰা এম. ই. মাদ্ৰাছা স্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা সেই সজাগতা সভাখনত মচজিদ কমিটিৰ বিষয়ববীয়া, বিদ্যাপাৰা জামে মচজিদৰ ইমাম, চহৰখনৰ ৭, ৮ আৰু ৯নং ৱাৰ্ডৰ ৰাইজ আৰু বহু গণ্যমান্য ব্যাক্তিকে ধৰি সেই ৱাৰ্ড তিনিটাৰ ৱাৰ্ড আয়ুক্ত কেইগৰাকী উপস্থিত আছিল। সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থকা ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক বিদ্যুত বিকাশ বৰাকে ধৰি আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে মাদক দ্ৰব্য নিবাৰণৰ বিষয়টোৰ ওপৰত বিভিন্ন দিশ সাঙুৰি দিয়া মনোগ্ৰাহী ভাষণ উপস্থিত ৰাইজৰ ভূয়সী প্ৰশংসা লভিবলৈ সক্ষম হয়।

You might also like