নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত নৱসূৰুয গোষ্ঠীৰ “নাট আৰু নৃত্য” কৰ্মশালাৰ সামৰণি

বিশেষ বাৰ্তা, ২৫ জুলাই : নগাঁও জিলাৰ বঢ়মপুৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৱসূৰুয গোষ্ঠী আৰু শ্বহীদ পুথিভঁৰালৰ ব্যৱস্থাপনাত বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ লগতে বামুনী আৰু বৰবাৰী অঞ্চলৰ ছাত্ৰ -ছাত্ৰী সকলৰ বিভিন্ন দিশত থকা সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ মানসেৰে বিভিন্ন বিষয় যেনে :- যোগাসন , সত্ৰীয়া নৃত্য , আধুনিক নৃত্য , নাটক , ঢোলবাদন , বিহুনাচ , কবিতা আবৃত্তি , তবলাবাদন আৰু হস্তশিল্প অন্তৰ্ভুক্ত কৰি যোৱা ৩ জুলাইৰ পৰা আয়োজন কৰা গ্ৰীষ্মকালীন “” নাট আৰু নৃত্য “” কৰ্মশালাৰ আজি সামৰণী অনুষ্ঠান বঢ়মপুৰ শ্বহীদ ভৱনত অনুষ্ঠিত কৰা হয়। পুৱা ৯ বজাত গোষ্ঠীৰ পতাকা উত্তোলন কৰে সভাপতি ৰঞ্জন কলিতাই তাৰ পিছতেই গোষ্ঠীৰ সমূহ সদস্য আৰু কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে এক শোভাযাত্ৰা কৰি বঢ়মপুৰৰ বীৰ শ্বহীদ চাৰিগৰাকীৰ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে । দিনৰ ১১ বজাত গোষ্ঠীৰ সম্পাদক বিমল বৰাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰি জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ বৰ্মনে কয় যে ” নৱসূৰুজ গোষ্ঠীয়ে বিগত ২০১২ বৰ্ষৰ পৰাই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি এক নিদৰ্শন দাঙি ধৰিছে যাতে সকলো লৰা -ছোৱালী সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে।” তাৰ পিছতেই নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বঢ়মপুৰ উন্নয়ন খণ্ডৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণৱে । তাৰ পিছতেই ২০ দিনীয়া কৰ্মশালাত অংশগ্ৰহন কৰা ছাত্ৰ -ছাত্ৰীসকলে উপস্থিত দৰ্শকৰ আগত যোগাসন, সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য , ঢোলবাদন , বিহুনাচ , কবিতা আবৃত্তি আৰু নাটক উপস্থাপন কৰে । অনুষ্ঠানৰ শেষত সকলো ছাত্ৰ -ছাত্ৰীক মানপত্ৰ বিতৰণ কৰা হয় । সামৰণী অনুষ্ঠানত নগাওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক হৃষীকেশ ভূঞা, ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰবক্তা ডঃ কিশোৰ কুমাৰ সাহা , অসম যুৱ পৰিষদ নগাওঁ জিলাৰ সাধাৰণ সম্পাদক কাশ্যপ ফুকন , অসম ছাত্ৰ পৰিষদ নগাওঁ জিলাৰ সভাপতি পল কুমাৰ বৰদলৈ , উপ-সভাপতি ময়ূৰ ডেকা ৰাজা, আমন্ত্ৰিত অতিথি ক্ৰমে ৰক্তিম বৰঠাকুৰ , দীপাংকৰ কাকতি , পদুম বৰুৱা, নিলোৎপল কলিতা , ভূপেন শইকীয়া, অজিত বসুমতাৰী,অষ্টম এছিয়া যোগ ক্ৰীড়া প্ৰতিযোগিতাৰ সোণৰ পদক প্ৰাপ্ত পঞ্চি বৰা, বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰা , মিন্টু বৰা , শুভ কলিতা , ভৱেন গায়ন, মুকুট মহন্ত, নৱজ্যোতি শইকীয়া, নীলকমল বৰা , কৰ্মশালাৰ প্ৰশিক্ষক সকল ক্ৰমে পৰিস্মিতা শৰ্মা , প্ৰাপ্তিলিকা কলিতা , ৰাজদ্বীপ বৰা , নাৰায়ণ বৰা ,পূজা মুদৈ, বিজিত নাথ , পল্লৱী দলৈৰ লগতে অভিভাৱক-অভিভাৱিকা সকল, গোষ্ঠীৰ সাংস্কৃতিক সম্পাদক প্ৰাচুৰ্যপ্ৰাণ নাথ , সমূহ বিষয়ববীয়া , সদস্যসকল আৰু শতাধিক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে।

প্ৰেৰক কনক হাজৰিকা

You might also like