ইৰানত এমাহতে ৪৫জন অপৰাধীক ফাঁচি প্রশাসনৰ
নিয়মীয়া বাৰ্তা, ২৬জুলাই: ইৰানত এটা মাহতে ৪৫জন বন্দীৰ মৃত্যুদণ্ড কার্যকৰী কৰা হৈছে৷ এজন বন্দীক জনসাধাৰণৰ সন্মুখতে ফাঁচি দিছে ইৰান প্রশাসনে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ইৰান চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈছে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহ৷ আমেৰিকাৰ এটা মানৱ অধিকাৰ সংস্থাই প্রকাশ কৰা অনুসৰি বিগত এটা মাহৰ ভিতৰত ইৰানে ৪৫জন বন্দীক ফাঁচি দিছে৷ ৰাষ্ট্রসংঘতো মানৱ অধিকাৰ সংস্থাটোৱে এই তথ্য দাখিল কৰিছে৷ ইয়াৰ পিছতেই ইৰানৰ এনে কার্যক গৰিহণা দিছে কেইবাখনো দেশে৷ যোৱা শনিবাৰে ইমান ছাবজিকাৰ নামৰ বন্দী এজনক জনসাধাৰণৰ সন্মুখতে ফাঁচি দিয়ে প্রশাসনে৷