নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষীয়ে হালাকুৰা বজাৰৰ এখন চা দোকানত যোৱা নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ বেদেশী সুৰাৰ লগতে প্ৰায় ১০০ লিটাৰ চুলাই জব্দ কৰে । আনকি অবৈধ সুৰা বেপাৰী দ্বীপেন ৰায়ক আটক কৰে আৰক্ষীয়ে । বিদ্যাডাৱৰী পঞ্চম খণ্ড গাওঁৰ ধৃত দ্বীপেন ৰায়ে হালাকুৰা বজাৰত তেওঁৰ নিজা চা দোকানত অবৈধ ভাবে চুলাই আৰু বিদেশী সুৰা বিক্ৰী কৰাত পৰিৱেশ বিনষ্ট কৰিছে । সেহে ৰাইজৰ অভিযোগত যোৱা নিশা হালাকুৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্য জ্যোতি ইংতীয়ে অভিযান চলাই অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে সুৰা বেপাৰী দ্বীপেন ৰায়ক গ্ৰেপ্তাৰ কৰে । আজি ৰায়ক ধুবুৰী আদালতৰ জৰিয়তে জেইল লৈ প্ৰেৰণ কৰে ।
প্ৰেৰক শ্যামল ৰয়