বিজেপিৰ ভৱিষ্যৎ
লোকসভা নির্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন মহলত চর্চিত হোৱা প্রশ্ণটো হ’ল– বিজেপিয়ে দলটোৰ পূর্বৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰিব নে নোৱাৰিব আৰু পৰিৱর্তন হ’লেও পৰিৱর্তন কিমান দূৰলৈকে হ’ব পাৰে৷ ৰাজনৈতিক কৌশল প্রস্তুতকর্তা হিচাপে বিখ্যাত প্রশান্ত কিশোৰে মন্তব্য কৰিছিল যে বিজেপিৰ স্থানৰ পৰিৱর্তন নহয়, এতিয়া যি ঠাইত আছে, তাৰ পৰা লৰচৰ নহয়, নেতাৰ পৰিৱর্তন হ’ব পাৰে, কিন্তু দলৰ নহয়৷ জনসংঘৰ পৰা জনতা দল, তাৰ পাছত ভাৰতীয় জনতা পার্টী– এই অকল্পনীয় বিৱর্তন আৰু বিকাশৰ মাজতে এটা কথাই স্পষ্ট যে বিজেপিৰ নিভৃত কক্ষত এতিয়াও জনসংঘৰ অক্ষয় বন্তিগছি জ্বলি আছে আৰু তাৰ পোহৰতেই বিজেপি আগবাঢ়ি গৈ আছে৷ কিন্তু আদর্শগত কথাৰ লগতে ৰাজনীতিত নির্বাচন যুদ্ধত জয়ী হোৱাৰ কথাও থাকে৷ আদর্শ কেৱল কিতাপ অথবা দলৰ সংবিধানত স্পষ্টকৈ লিখা থাকিলেই যথেষ্ট নহয়, তাক সর্বসাধাৰণ লোকৰ দৈনন্দিন জীৱনযাত্রাৰ লগত মিলাই দিব পাৰিব লাগিব৷ এই কামটো কৰিব নোৱাৰা বাবেই কমিউনিষ্টৰ দুর্গবোৰ এটা এটাকৈ খহি পৰি গৈ আছে৷ পশ্চিমবংগ, ত্রিপুৰাত কমিউনিষ্টৰ অৱস্থা এনেকুৱা হৈছে যে তেওঁলোকৰ আৰু ৰাজনৈতিক পথাৰত থিয় হ’ব পৰা শক্তি নাই৷ কেৰালাৰ অৱস্থাও বেয়াৰ পিনে গৈ আছে৷ দীঘলীয়া দিনৰ বাবে শাসনৰ গাদীত থকা আৰু বৃহৎসংখ্যক হিতাধিকাৰী, মজবুত ভোটবেংক আৰু প্রত্যক্ষ–পৰোক্ষ সহযোগী হিতাধিকাৰীৰ বিশাল আয়োজন থকাৰ পাছতো কংগ্রেছৰ নাও ডুবি গ’ল৷ এই উদাহৰণবোৰে এটা কথাকেই শিকায় যে জনতা–জনার্দনে কেতিয়া কাক কি কাৰণত বিশ্বাস কৰে আৰু কেতিয়া কি কাৰণত সেই বিশ্বাস উঠাই লয় তাৰ নিশ্চয়তা নাই৷ বিশ্বাস উঠাই লোৱাৰ কাৰণটো কামটো ঘটি যোৱাৰ পাছতহে বিশ্লেষণ কৰিব পাৰি৷ হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিয়ে যে সদায়ে কাম নকৰে, সেই কথা এতিয়া স্পষ্ট৷ তেনেদৰে পূর্বতে সৃষ্টি কৰি থোৱা ভোটবেংক যে দেউলীয়া নহ’ব বা তাক কিনোতা কোনোবা নোলাব, সেই কথাৰো গেৰাণ্টী নাথাকে৷ দেৱকান্ত বৰুৱাই দম্ভ মাৰি ‘আলী’ আৰু ‘কুলী’ নামৰ যি দুটা ভোটবেংকৰ কথা কৈছিল, সেই দুয়োটা বেংকেই এতিয়া আৰু কংগ্রেছৰ বেংক হৈ থকা নাই৷ এতিয়াৰ ৰাজনীতি হ’ল পাৰদর্শিতাৰ ৰাজনীতি, ৰাইজৰ কাম সঠিকভাৱে কৰাৰ পাৰদর্শিতা৷
ভাৰতীয় ৰাজনীতিৰ পৰিৱর্তিত দৃশ্যপটবোৰলৈ মন কৰিলে দেখা যায় যে বিজেপি ডঠিছে আৰু জাঁপ মাৰিছে৷ ১৯৮৪ চনত দুখন আসন লাভ কৰা দলটোৱে ২০১৪ চনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি শাসনৰ গাদীত বহিছিল৷ বিভিন্ন বিৰোধী দল আৰু তেওঁলোকৰ ‘শ্লিপাৰ চেল’ৰ বুদ্ধিজীৱীয়ে সাম্প্রদায়িক দল, ব্রাহ্মণ দল বা সংঘৰ দল বুলি অপপ্রচাৰ চলাই অহাৰ পাছতো সর্বসাধাৰণ ভোটদাতা ৰাইজৰ পৃষ্ঠপোষকতাত বিজেপিয়ে ভাৰতীয় ৰাজনীতিত কেন্দ্রীয় মঞ্চ দখল কৰিছে৷ ২০১৪ চনত ৭খন ৰাজ্যত ক্ষমতাত থকা দলটোৱে এতিয়া ২১খন ৰাজ্যত চৰকাৰ চলাইছে৷ বিজেপি দলটো সদায়ে বিজয়ী হৈ থকাৰ মানসিক স্থিতিত থাকে৷ দলটোৰ মূল শক্তি হ’ল পৰাজিতজনক বিজয়ীৰ বৈশিষ্ট্যলৈ সলনি কৰাৰ কৌশল৷ এই কৌশলেৰে বিজেপিয়ে নিজৰ পৰাজয়ক জয়ৰ শক্তিলৈ ৰূপান্তৰ কৰি আহিছে৷ বিজেপিয়ে মহাৰাষ্ট্রত দেৱেন্দ্র ফাডনাৱিছ, উত্তৰ প্রদেশত যোগী আদিত্যনাথ, অসমত ড০ হিমন্ত বিশ্ব শর্মা, ছট্টিশগডত ৰমণ সিং, ঝাৰখণ্ডত ৰঘুবৰ দাস, ওড়িশাত ধর্মেন্দ্র প্রধান, কর্ণাটকত য়েড্ডিয়ুৰাপ্পা আদিৰ দৰে নেতাক গঢ়ি তুলিছে, যিসকল নিজৰ নিজৰ ৰাজ্যত শক্তিশালী আৰু একে সময়তে ৰাষ্ট্রখনতো পৰিচিত নাম৷ ভাৰতীয় ৰাজনীতিত এইটো এটা নতুন আৰু দিশ পৰিৱর্তনকাৰী সংকেত৷ অসমৰ পিনে চালেই দেখা যাব যে ৰাজ্যখনত বহুত মুখ্যমন্ত্রী আছিল, কিন্তু কিমানজনে সর্বভাৰতীয় পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল৷ ৰাজ্যিক নেতা এগৰাকীয়ে সর্বভাৰতীয় পৰিচয় লাভ কৰিলেই তেওঁক কেন্দ্রীয় মন্ত্রীসভাত স্থান দিব পাৰে বুলি এটা সাধাৰণ বাক্ধাৰাৰ প্রচলন আছে৷ কিন্তু বিজেপিয়ে সেই বাক্ধাৰা সলনি কৰি ৰাজ্যিক নেতাৰ সর্বভাৰতীয় পৰিচয়েৰে দেশখনৰ সংহতি আৰু সামগ্রিক একতাক নতুন ৰূপ দিছে৷ ৰাজনীতিৰ এই নতুন আদর্শৰ প্রচলনে দেশখনৰ আঞ্চলিক ৰাজনীতিৰ চৰিত্র সলনি কৰি দিব৷ বিশেষকৈ ৰাষ্ট্রীয় দলবোৰৰ আঞ্চলিক স্তৰৰ নেতাসকল সাধাৰণতে নিজৰ ৰাজ্যখনৰ মাজতেই ৰৈ যায়, তেওঁলোকে দেশখনৰ এটা ডাঙৰ দলৰ অংশ হিচাপে আত্মসন্তুষ্টি লৈ থাকিলেও ৰাজ্যখনৰ নাগৰিকৰ বাবে তেওঁলোক ৰাজ্যিক স্তৰৰ নেতাহে মাথোন৷ কিন্তু বিজেপিৰ এই আদর্শই ৰাজ্যবোৰক ৰাজনৈতিক আদর্শৰ ভিত্তিত এক বিশাল পৰিসৰৰ লগত মানসিকভাৱে সংযুক্ত হোৱা পৰিৱেশৰ সৃষ্টি কৰি দিছে৷ দেশখনত বিজেপিৰ স্থিতি মজবুত কৰাত এই নতুন আদর্শই কেনেধৰণে কাম কৰিছে, তাৰ এটা সামাজিক–ৰাজনৈতিক অধ্যয়ন আৰু বিশ্লেষণৰ সময় উপস্থিত হৈছে৷