নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছই পৰীক্ষাত নাওবৈচাৰ ছয়নিকা বৰাৰ সাফল্য

নিয়মীয়া বার্তা, ২৭ জুলাই: সদ্য ঘোষিত চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত নাওবৈচাৰ ফুলবাৰীৰে ছয়নিকা বৰাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ ৯৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ন হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। লখিমপুৰ নগৰস্থিত ভেলী ভিউ স্কুলৰ পৰা এইবাৰ চিবিএছই পৰীক্ষাৰ দশম শ্ৰেণী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ছয়নিকাই ইংৰাজীত ৮৯ ,হিন্দীত ১০০,গণিতত ৯৯ ,বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৯ আৰু ঐচ্ছিক বিষয় কম্পিউটাত ১০০ নম্বৰ লাভ কৰে।ছয়নিকা বৰা লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰীৰ নিজৰা পাৰ গাঁৱৰ শিক্ষক দম্পত্তি অৰুণ কুমাৰ বৰা আৰু ভানু বৰাৰ কণিষ্ঠা কন্যা। উল্লেখযোগ্য যে ছয়নিকা বৰাই অধ্যয়নৰ লগতে সমান্তৰাল ভাৱে সংগীত চৰ্চাও কৰি আহিছে।

প্ৰেৰক : নিতুল বৰা

You might also like