নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্ত বিষয়টোৱ আহিলেই সাধাৰণতে গো-ধনকে ধৰি আৰু অন্যান্য সামগ্ৰীৰ চোৰাং বেহাৰ বিষয়টোৱে অগ্ৰাধিকাৰ পায়। পিছে নামনি অসমৰ এই জিলা দুখনৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনি নিৰ্মাণকে ধৰি সীমান্তবাসী ৰাইজৰ উন্নয়নৰ বাবে স্বাধীনতাৰ পিছৰে পৰা আজিলৈ খৰচ হোৱা ৰাজকোষৰ কোটি কোটি টকাৰ উচিত সদব্যৱহাৰ হৈছে নে নেনাই সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰূপেই উঠি আহিছে। আনকি চৰকাৰৰ উচ্চস্তৰীয় তদন্তত ৰাজ্যৰ ইতিহাসত এয়া এক সৰ্ববৃহৎ কেলেংকাৰিৰূপে স্থান পোৱাৰ সম্ভাৱনা নথকা নহয় বুলিও মত পোষণ কৰা পোৱা গৈছে ভূৰখা বহুতেই। উল্লেখ্য যে পূৰ্বৰ ধুবুৰী জিলা ( অধুনা ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ নামৰ দুখন জিলা) দুখনৰ ৯৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত–বাংলাদেশৰ সীমান্তৰ এই বিস্তীৰ্ণ অঞ্চলত বাস কৰে লাখ লাখ লোক। আনহাতে জিলা দুখনৰ ৪৩ কিলোমিটাৰ নদী সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চলতো আছে বহু ভাৰতীয় গাওঁ। কিন্তু বাস্তৱ সত্য এয়াই যে স্বাধীনতাৰ পিছৰ পৰা আজিলৈ সুদীৰ্ঘ এই সময়চোৱাত জিলা দুখনৰ এই বিশাল সীমান্তবৰ্তী অঞ্চলৰ গৰিষ্ঠ সংখ্যক ৰাইজ এতিয়াও নুন্যতম সা-সুৱিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে৷ এতিয়াও জিলা দুখনৰ বিভিন্ন অঞ্চলত সীমান্তবাসীয়ে অহা-যোৱা কৰিব পৰা উপযুক্ত বাট-পথেই নিৰ্মাণ হৈ নুঠাৰ লগতে সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাও৷ নাই চিকিৎসাৰ নুন্যতম সুবিধা, নাই বিদ্যুত সংযোগ। আনকি সীমান্তৱৰ্তী ৰাইজৰ উন্নয়নমূলক কামৰ ৰূপায়িত হোৱা বিভিন্ন প্ৰকল্প বাস্তৱত কেৱল চৰকাৰী ফাইলতেই চলি থকা বুলিও সময়ে সময়ে সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে বহুতেই৷ ইফালে জিলাদুখনৰ সীমান্তবাসী ৰাইজৰ আছে বঞ্চনাৰ দীৰ্ঘ ইতিহাস। স্বাধীনতা লভিও যেন পৰাধীন এওঁলোক। বছৰৰ পিছত খৱৰ লবলৈ আহৰি নোপোৱা জনপ্ৰতিনিধিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ স্থানীয় নেতা-পালিনেতাই নিৰ্বাচন আহিলেই ঢাপলি মেলা দেখা যায় সীমান্তবাসীৰ কাষলৈ। ইপিনে স্বাধীনতাৰ পৰা আজিলৈ কোনো এটা ৰাজনৈতিক দলৰ স্থানীয় নেতা অথৱা নিৰ্বাচিত জন প্ৰতিনিধিয়ে সীমান্ত উন্নয়নৰ বিষয়টো লৈ এশাৰী বাক্য উচ্চাৰিত কৰা দেখা যোৱা নাই আৰু এয়া ৰহস্যজনক বুলিয়েই চৰ্চিত। এনে প্ৰেক্ষাপটত দূৰ্নীতিৰ বিৰূদ্ধে কঠোৰ স্থিতি লোৱা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সীমান্ত উন্নয়নৰ বাবে খৰচ হোৱা ধনৰাশিৰ উচিত সদব্যৱহাৰ হৈছে নে নাই সেয়া লৈ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়াটো কামনা কৰিছে সীমান্তবাসীৰ বহুতেই৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী