নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ আজি দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্যতিথি। সেই উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত দেশভক্তি দিৱসক তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনায় ৰাজ্যৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ড০ শৰ্মাই তৰুণৰাম ফুকনৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। দেশপ্ৰেমৰ অনন্য নিদৰ্শন আৰু দেশভক্তিৰ চেতনা সঞ্চাৰেৰে জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ ভাব জগাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰা দেশভক্ত তৰুণৰাম ফুকনৰ আজি পৱিত্ৰ পুণ্যতিথি। দক্ষ ৰাজনীতিবিদ, প্ৰখ্যাত বক্তা, সু-লেখকৰূপে পৰিচিত ফুকনে কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ সহযোগত সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামত অসমক সম্পূৰ্ণৰূপে প্ৰতিনিধিত্ব কৰিছিল। অসমীয়া জাতিলৈ ফুকনে আগবঢ়োৱা অৱদান সদায়েই একক আৰু অতুলনীয়। আজি তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেশভক্তি দিৱস হিচাপে পালন কৰে। ভিন্ন কাৰ্যসূচীৰে আজি গুৱাহাটীত আয়োজিত দেশভক্তি দিৱসত পীযুষ হাজৰিকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, দেশভক্ত তৰুণৰাম ফুকনৰ পৰিয়াল তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।