নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰা মহকুমা তথ্য-জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত ”দেশভক্তি দিৱস” পালন

নিয়মীয়া বাৰ্তা, ২৮ জুলাই, ২০২২ : আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ উদ্যোগত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাকক্ষত দ্বিতীয়বাৰৰ বাবে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়‌।   অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা সভাখনত স্থানীয় সমাজকৰ্মী সুবল ৰাভাই সভাপতিত্ব কৰে। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা পৰ্বতঝোৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অনছুলা বসুমতাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেশভক্ত তৰুণৰাম ফুকনৰ নীতি-আদৰ্শ আৰু অৱদান সম্পৰ্কে সুললিত বক্তব্য আগবঢ়ায়। লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম‌ই দেশভক্তগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰাৰ উপৰি সুধাকণ্ঠৰ “অসম আমাৰ ৰূপহী” গীতটিৰে উপস্থিত ৰাইজক আনন্দিত কৰে । আজিৰ অনুষ্ঠানত পৰ্বতঝোৰা মহকুমাৰ সহকাৰী আয়ুক্ত প্ৰিয়ংকৰ প্ৰীতম ডেকা, কাজিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ফণী ব্ৰহ্ম আৰু খোপাতি হাইস্কুলৰ শিক্ষক নাৰায়ণ চন্দ্ৰ শৰ্মায়ো দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, কৰ্মৰাজি তথা স্বদেশৰ কাৰণে তেখেতৰ যি মহান অৱদান, সেই সম্পৰ্কে চমু ভাষণ আগবঢ়ায়। কেবাগৰাকীও বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা আজিৰ এই অনুষ্ঠানটিত কাজিগাঁও হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক কৃষ্ণ কুমাৰ ব্ৰহ্ম,  কাজিগাঁও হাইস্কুলৰ শিক্ষক উৎপল ব্ৰহ্ম, বগৰীবাৰী হাইস্কুলৰ শিক্ষক শ্যামল পাল, অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক ধৰ্মেশ্বৰ দাস, হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষক ইন্দ্ৰমোহন নাথ, মহকুমা কৃষি বিষয়া ৰাকেব ব্ৰহ্ম আদিও উপস্থিত থাকে। লগতে একাংশ ছাত্র-ছাত্ৰীৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক ধৰ্মেশ্বৰ দাস, হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষক ইন্দ্ৰমোহন নাথ, মহকুমা কৃষি বিষয়া ৰাকেব ব্ৰহ্ম আদিও উপস্থিত থাকে। লগতে একাংশ ছাত্র-ছাত্ৰীৰ উপৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, সাংবাদিক আদি উপস্থিত থাকি দেশভক্তগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like