নিয়মীয়া বাৰ্তা, ৩০ জুলাই: বানপীড়িত কৃষকসকলক সকাহ দিবলৈ ৰাজ্যৰ আন প্ৰান্তৰ দৰে কামৰূপ জিলা কৃষি বিভাগৰ অন্তৰ্গত বিভিন্ন ঠাইত সমুহীয়া কঠিয়াতলী প্ৰস্তুত কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২২-২৩ ৰ অধীনত প্ৰস্তুত কৰা কঠীয়াতলীৰ পৰা কঠীয়া বিতৰণ পৰ্ব আৰম্ভ হৈছে। ৰঙিয়া কৃষি মহকুমাৰ অন্তৰ্গত বাৰাংহাটী আৰু জাঁজীকোণাত কালি কৃষকৰ মাজত শালিধানৰ কঠীয়া বিতৰণ কৰা হয়। ইপিনে, বনগাওঁ কৃষি চক্ৰৰ বাঁহজানী আৰু নকুলৰ ইচ্ছাদঘৰীয়াতো সমূহীয়া কঠীয়াতলী প্ৰস্তুত হৈ উঠিছে। সমান্তৰালকৈ বিতৰণ কাৰ্যসূচী আৰম্ভ হৈছে।
You might also like