নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধমধমাত এখন বাঁহৰ দলঙে বিপদ ঘন্টা বজাইছে ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিষীকাত যাতায়াত ব্যৱস্থা বিঘ্নিত হৈ পৰাৰ সমান্তৰালকৈ নলবাৰী আৰু বাকসা জিলাৰ ভালেকেইটা পথ বিচ্চিন্ন হৈছিল৷ তাৰ ভিতৰত ধমধমা -ৰঙিয়া গড়কাপ্তানি পথ, ধমধমা-তামুলপুৰ গড়কাপ্তানি পথ, ধমধমা-গড়ভিতৰ ভেৰভেৰী পথ, গড়ভিতৰ-উজিৰখাট পথ, ধমধমা-উত্তৰ বৰশিৰাল গড়কাপ্তানি পথ৷ এই পথ সমূহৰ অধিকাংশই আজিও যাতায়তৰ অনুপযোগী হৈ আছে৷ ইয়াৰে ধমধমা-ৰঙিয়া গড়কাপ্তানি পথৰ ওপৰত বিভাগীয় ভাবে অতি নিম্ন মানদণ্ডৰে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও সম্প্ৰতি দলংখনে জৰাজীৰ্ণ ৰূপ লোৱাত দলংখনেৰে যাতায়ত কৰা একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে৷ এই পথটোৰে দৈনিক হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে বিপদসংকুল ভাবে যাতায়ত কৰি আছে৷ বছৰি বানত এই পথটো বিচ্ছিন্ন হয় যদিও পথটো নিৰ্মাণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তি বিদ্যা ব্যৱহাৰ নকৰাৰ ফলত অঞ্চলবাসী বছৰি যাতায়তৰ নামত নৰক যন্ত্ৰনা ভূগিবলগীয়া হয়৷ বিভাগীয় ভাবে নিৰ্মাণ কৰা জৰাজীৰ্ণ বাঁহৰ দলংখন অতি দীঘল হোৱা হেতুকে ছাত্ৰ-ছাত্ৰীসকলে দলংখন পাৰ হোৱাৰ ক্ষেত্ৰত শংকিত হৈ পৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজে শীঘ্ৰেই পথটোৰ ওপৰত এখন আধুনিক প্ৰযুক্তি বিদ্যা ব্যবহাৰ কৰি দলং নতুবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷
You might also like