নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ জ্ঞানপীঠ জাতীয় বিদ্যালয়ত কবিতা আবৃতিৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয়ত আজি কবিতা আবৃতিৰ এক কৰ্মশালা অনুষ্ঠিত হয় । বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালভাবে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো সমানে আগবঢ়াই নিয়াৰ লক্ষ্যৰে বিদ্যালয় খনত এই কৰ্মশালাৰ আয়োজন কৰা হয় । বিদ্যালয়খনৰ সচিব খাদেমুল হুছেইনে পৰিচালনা কৰা কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, লেখিকা তথা অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰ আৰু বিশিষ্ট কবি তথা আবৃতিকাৰ ৰাধিকা মোহন দাস । কৰ্মশালাখনত বিশেষকৈ আবৃত্তিৰ সময়ত উচ্চাৰণ, বিভিন্ন শব্দৰ গঠন, বিভিন্ন শব্দৰ কথনভংগী, কণ্ঠ নিয়ন্ত্ৰণ আদিৰ ওপৰত মনোযোগ প্ৰদান কৰা হৈছিল। কৰ্মশালাত বিদ্যালয়খনৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুছাৰফ হুছেইন, বিত্ত সচিব ৰমনাথ মণ্ডল আৰু অধ্যক্ষ নিখিল দাসেও অংশগ্ৰহন কৰে ।

টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like