নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল(CISF) বাহিনীৰ ৯ম সংৰক্ষিত বাহিনীৰ ত্ৰিৰংগা সজাগতা

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: নগৰবেৰাৰ পলাহৰটাৰীত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল ,চমুকৈ চিআইএছএফ ৰ ৯ম সংৰক্ষিত বেটেলিয়নৰ প্ৰস্তাৱিত প্ৰকল্পত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে হৰ ঘৰ ত্ৰিৰঙ্গা’ৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষেৰে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় |স্বাধীনতাৰ প্ৰাকক্ষণত চিআইএছএফ’ৰ এই বিশেষ কাৰ্যসূচীত বাহিনীটোৰ ইন্সপেক্টৰ জেনেৰেল অঞ্জন কুমাৰ সি আৰু ডেপুটি ইন্সপেক্টৰ জেনেৰেল সিদ্ধাৰ্থ শংকৰ শৰ্মাকে আদি কৰি ভালেসংখ্যক সেনা বিষয়া উপস্থিত থাকি হৰ ঘৰ ত্ৰিৰঙ্গা সম্পৰ্কে সকলোকে সজাগ কৰি দিয়ে |আনহাতে চিআইএছএফ’ৰ তৰফৰ পৰা মুঠ পাঁচখনকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তিনিবৰণীয়া জাতীয় পতাকা বিতৰণ কৰা হয় | অনুষ্ঠানত নগৰবেৰাৰ পলাহৰটাৰীত বাহিনীটোৰ ৯ম ৰেজিমেণ্টৰ শাখাটো অতি শীঘ্ৰেই প্ৰতিষ্ঠা কৰা হ’ব আৰু সেইমৰ্মে বাউণ্ডাৰী ফেন্সিংকে আদি কৰি যাৱতীয় সকলো কাম ইতিমধ্যেই হৈ উঠা আৰু আগন্তুক তিনি বছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলি ক’ই সকলোকে ১৩ ,১৪ আৰু ১৫ তাৰিখত ঘৰে ঘৰে ত্ৰিৰঙ্গা উৰুৱাই আজাদী কা অমৃত মহোৎসৱ সফলকাম কৰিবলৈ আহ্বান জনোৱা হয় |অনুষ্ঠানত স্থানীয় কেবা শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে |

You might also like