নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষ্যে মৰিয়নি মহাবিদ্যালয়ৰ সজাগতা শোভাযাত্ৰা; ৰাষ্ট্ৰীয় পতাকা বিতৰণ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: বৃহত্তৰ মৰিয়নি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মৰিয়নি মহাবিদ্যালয়ৰ উদ্যোগত ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উপলক্ষ্যে আজি এক সজাগতা শোভাযাত্ৰা উলিওৱা হয় । ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উপলক্ষ্যে ‘ ঘৰে ঘৰে জাতীয় পতাকা” উত্তোলনৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই সজাগতা শোভাযাত্ৰা বাহিৰ কৰা হয় । মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ- ছাত্ৰী, এন এছ এছ গোট, এন চি চি গোট আদিয়ে অংশগ্ৰহণ কৰা এই সজাগতা শোভাযাত্ৰাই মৰিয়নি মহাবিদ্যালয় প্ৰশাসনীয় চৌহদৰ পৰা আৰম্ভ কৰি সমগ্ৰ মৰিয়নি নগৰ পৰিভ্ৰমণ কৰে । শোভাযাত্ৰাকাৰীসকলে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচী সফল কৰি তুলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° হৰেন গোৱালাই শোভাযাত্ৰা আৰম্ভ কৰি দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মহোৎসৱৰ প্ৰাকক্ষণত সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই মহোৎসৱক উপলব্ধি কৰিবলৈ আহ্বান জনায় । তেওঁ কয় – এই মহোৎসৱ উদযাপনে ভাৰতীয়সকলৰ অন্তৰত দেশপ্ৰেমৰ মহৎ অনুভৱ জগাই তুলিবলৈ সক্ষম হ’ব । অধ্যক্ষ ড° গোৱালাই নেতৃত্ব দিয়া এই শোভাযাত্ৰাত প্ৰায় পাঁ‌চ শতাধিকে অংশগ্ৰহণ কৰে । আনহাতে, শোভাযাত্ৰাৰ সময়ছোৱাত মৰিয়নি নগৰৰ মাজত বহু লোকৰ মাজত জাতীয় পতাকা বিতৰণ কৰা হয় ।

You might also like