নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বচ্ছ নিযুক্তিৰ পদক্ষেপ

মাথোঁ চৰকাৰী চাকৰিত নিয়োগৰ জৰিয়তে ৰাজ্যৰ বিস্ফোৰক নিবনুৱা সমস্যা কোনো এখন চৰকাৰে সমাধান কৰিব নোৱাৰে৷ এই কথা ৰাজ্যখনৰ পঞ্জীভুক্ত প্রায় ২০ লাখ নিবনুৱা যুৱক–যুৱতীয়েই নহয়, তেওঁলোকৰ অভিভাৱকসকলেও ভালদৰে বুজে৷ কিন্তু চৰকাৰী চাকৰিক সুৰক্ষিত কর্মসংস্থাপন হিচাপে গণ্য কৰে৷ অধিকাংশ নিবনুৱা যুৱক–যুৱতী তথা তেওঁলোকৰ অভিভাৱকসকলে৷ ইয়াৰ অন্যতম কাৰণ হ’ল দৰমহাকে ধৰি অন্যান্য সা–সুবিধা৷ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত প্রায় ৫ লাখ বিষয়া–কর্মচাৰী নিয়োজিত হৈ আছে৷ ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ অনুপাতে ৰাজ্য চৰকাৰৰ বিভাগসমূহত কর্মচাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অধিকাংশ বিভাগত কর্মচাৰীৰ সংখ্যা সংকুচিত হৈছে৷ বিগত প্রায় আঢ়ৈ দশকত ৰাজ্য চৰকাৰৰ বিভাগসমূহত অৱসৰ লাভ কৰা বিষয়া–কর্মচাৰীৰ বিপৰীতে নতুন নিযুক্তি হোৱা নাই৷ ইয়াৰ মাজত যিসমূহ বিভাগত নিযুক্তি সমাপন হৈছে তাক লৈও বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ চৰকাৰী চাকৰিৰ মহঙা দিনত নিযুক্তি প্রক্রিয়াক লৈ উত্থাপিত দুর্নীতি–নিয়মৰ অভিযোগৰ সত্যতা নুই কৰিব নোৱাৰি৷ চৰকাৰী নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা ব্যৱস্থা বলৱৎ নোহোৱাৰ বাবেই বছৰ বছৰ ধৰি চৰকাৰী নিযুক্তি প্রক্রিয়াত এখন ক’লা বজাৰ চলি আছে৷ এই বজাৰখনৰ বাবেই চৰকাৰী নিযুক্তিত যোগ্য নিবনুৱা যুৱক–যুৱতীসকলৰ্ বিপৰীতে স্বজন–তোষণ আৰু ধনৰ বিনিময়ত চাকৰি লাভ কৰাটো এক নিয়মত পৰিণত হৈছিল৷ ৰাজ্যখনৰ ১ লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিয়োগ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিশ্রুতি প্রদানৰ অংশ হিচাপে এইবাৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুর্থ শ্রেণীৰ ৩০ হাজাৰ পদত নিযুক্তিৰ বাবে পৰীক্ষা হৈছে৷ দেওবাৰে ৰাজ্যখনৰ ২৫খন জিলাৰ ১,০৩৬টা কেন্দ্রত চতুর্থ বর্গৰ পদৰ বাবে দুটা পর্যায়ত পৰীক্ষা অনুষ্ঠিত হৈছে৷ তৃতীয় বর্গৰ পদসমূহৰ বাবে অহা ২৮ আগষ্টত আৰু গাড়ীচালকৰ পদৰ বাবে ১১ ছেপ্ঢেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৰাজ্য চৰকাৰৰ অধীনস্থ পদসমূহত নিযুক্তিৰ প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই এইবাৰ কঠোৰ সিদ্ধান্ত লৈছে৷ নিযুক্তি প্রক্রিয়াত কোনো ৰাজনৈতিক নেতা–পালিনেতা আৰু প্রশাসনীয় বিষয়াৰ চক্রই যাতে অসাধু পন্থা গ্রহণ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে সমগ্র প্রক্রিয়াটোত কঠোৰ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে৷ নিযুক্তি পৰীক্ষাৰ পূর্বে ১৭ আগষ্টত মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ জিলা উপায়ুক্তসকলৰ স’তে ভার্চুৱেল বৈঠকত কঠোৰ নির্দেশনা জাৰি কৰিছে৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত এছ অ’ পি জাৰি কৰাও প্রথমবাৰৰ বাবে দেখা গৈছে৷ প্রতিটো পৰীক্ষা কেন্দ্রত এছ অ’ পি কঠোৰভাৱে বলৱৎ কৰাৰ লগতে ইয়াৰ নিৰীক্ষণৰ দায়িত্ব ৰাজপত্রিত বিষয়াক অর্পণ কৰা হৈছে৷ পৰীক্ষার্থীসকলকেই নহয়, নিৰীক্ষকসকলৰ বাবেও ম’বাইল ফোন, অথবা ইলেক্ট্র’নিক সামগ্রী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷ ফলত প্রথমটো বৃহৎ নিযুক্তিৰ পৰীক্ষা দেওবাৰে সফলতাৰে সম্পন্ন হৈছে৷
ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থ বর্গৰ ৩০ হাজাৰ পদৰ বাবে ৰাজ্যখনৰ ১৪.৩০ লাখ নিবনুৱা যুৱক–যুৱতীয়ে আবেদন কৰিছে৷ প্রতিজন চাকৰিপ্রত্যাশীয়ে নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকাকৈ সম্পন্ন হোৱাটো কামনা কৰে৷ চৰকাৰী বিভাগসমূহত যোগ্য প্রার্থীক নিযুক্তি প্রদান কৰাটো এখন কল্যাণকামী চৰকাৰৰ দায়িত্ব আৰু কর্তব্য৷ ২০১২ চনত ৰাজ্যখনত টেট পৰীক্ষাৰ জৰিয়তে প্রায় ৭০ হাজাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্রত প্রথমবাৰৰ বাবে স্বচ্ছ আৰু নিকা পন্থা গ্রহণ কৰা হৈছে৷ সেই সময়ত ৰাজ্যখনৰ শিক্ষামন্ত্রীৰ দায়িত্বত আছিল বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মা৷ প্রকৃততে বিভাগীয় মুৰব্বীজনৰ সদিচ্ছা আৰু একাগ্রতা থাকিলে যে চৰকাৰী নিয়োগ প্রক্রিয়া স্বচ্ছতাৰে সম্পন্ন কৰি যোগ্য প্রার্থীক ন্যায় দিব পাৰি সেয়া ২০ বছৰ পূর্বে টেট শিক্ষকৰ নিযুক্তিৰ প্রক্রিয়াৰ জৰিয়তে প্রমাণ হৈছে৷ এইবাৰো যিদৰে নিয়োগ প্রক্রিয়া আৰম্ভ হৈছে সেয়া সফলতাৰে সম্পন্ন হ’লে নিশ্চিতভাৱে যোগ্য নিবনুৱা যুৱক–যুৱতীসকল উপকৃত হ’ব৷ হয়তো এই বৃহৎ প্রক্রিয়াত এইবাৰ প্রথমবাৰৰ বাবে কোনো ধৰণৰ চুপাৰিছ আৰু উপঢ়ৌকন অবিহনে প্রতিভাৱান দুখীয়া যুৱক–যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব৷ আমাৰ প্রশাসন ব্যৱস্থা এতিয়া দুর্নীতিৰ বোকাত লুতুৰি–পুতুৰি হৈছে৷ নির্বাচনৰ পূর্বে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দল আৰু বৰমূৰীয়াসকলে যিমানেই স্বচ্ছ আৰু নিকা প্রশাসনৰ শ্ল’গান নিদিয়ক কিয়, বাস্তৱত ইয়াৰ সুফল কোনো দিনেই লাভ কৰা নাই সর্বসাধাৰণ ৰাইজে৷ চৰকাৰী বিভাগসমূহত দুৱাৰখন এতিয়াও মুকলি হৈ থকা নাই সর্বসাধাৰণ ৰাইজৰ সুবিধাৰ বাবে৷ প্রতিটো বিভাগতে দুর্নীতি–নিয়ম কম–বেছি পৰিমাণে চলি আছে৷ এই চক্রটোত বিভাগসমূহৰ কেইজনমান বিষয়া–কর্মচাৰী থাকে৷ এই চক্রটোৰ ওপৰতে যেন নির্ভৰ কৰে বিভাগীয় মন্ত্রীৰ পৰা শীর্ষ আমোলালৈকে৷ প্রশাসনীয় ব্যৱস্থাত দুর্নীতি নির্মূল কৰি জনগণক স্বচ্ছ আৰু নিকা প্রশাসনৰ সুফল দিবলৈ হ’লে চৰকাৰী নিয়োগ প্রক্রিয়াও স্বচ্ছ হ’ব লাগিব৷ যদিহে মুখ্যমন্ত্রী ড০ শর্মাই আশা কৰাধৰণে সফল হয় তেন্তে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত নতুনকৈ নিযুক্তি লাভ কৰিব লগা ৩০ হাজাৰ যুৱক–যুৱতীক লৈ এক শক্তিশালী শক্তি ৰাজ্য চৰকাৰখনে লাভ কৰিব৷ কোনোধৰণৰ উপঢ়ৌকন অবিহনে নিযুক্তি লাভ কৰা এই শক্তিটোৱে ৰাজ্যৰ প্রশাসন ব্যৱস্থাক নতুন গতি দান কৰিব পাৰিব বুলি আশা কৰিব পাৰি৷

You might also like