নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বনিয়োজনত অধিক গুৰুত্ব দিয়কঃ ত্রিশ হাজাৰ চাকৰিত আবেদন ১৪.৩০ লাখ উচ্চ শিক্ষিত প্রার্থীৰ

অসম চৰকাৰৰ তৃতীয় আৰু চতুর্থ বর্গৰ কর্মচাৰীৰ নিয়োগৰ বাবে অনুষ্ঠিত প্রথমটো পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে৷ ব্যাপক আৰক্ষী সুৰক্ষা পৰিবেষ্টনীৰ মাজত ইণ্টাৰনেট সেৱা বন্ধ কৰি অনুষ্ঠিত পৰীক্ষাটো সম্বন্ধত কোনোধৰণৰ নেতিবাচক কথা এতিয়ালৈকে শুনা নাই৷ আটাইতকৈ ভাল কথাটো হৈছে মানুহে স্বচ্ছতাৰে চাকৰিত মকৰল হ’ব৷ যোগ্যজন নির্বাচিত হ’লে চৰকাৰৰো পাৰদর্শিতা বাঢ়িব৷ সেই প্রেক্ষাপটত স্বচ্ছতাৰ এই নিয়োগ প্রক্রিয়াটোক আদৰণি জনাইছো৷ ইয়াৰ লগতে মই এটাই অনুৰোধ জনাম যে ইণ্টাৰনেট বন্ধ নকৰাকৈ পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰি নেকি? কাৰণ অ’লা–উবেৰ–জমেট’–ছুইগী ইত্যাদিৰ লগতে সকলো মানুহৰ বিভিন্ন সেৱা আজিৰ সময়ত ইণ্টাৰনেট নির্ভৰশীল আৰু হাজাৰ–হাজাৰ ল’ৰা–ছোৱালী এইক্ষেত্রবোৰত নিয়োজিত হৈ আছে৷ ইণ্টাৰনেট বন্ধ হ’লে, ৰাইজৰ বহু বিলাই–বিপত্তি হয়৷ পৰীক্ষা হ’লৰ ওচৰে–পাজৰে বিভিন্ন উচ্চ প্রযুক্তি জেমাৰ বা এনেধৰণৰ ব্যৱস্থা কৰি প্রশ্ণকাকত ফাদিল নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি নেকি সেই সন্দর্ভত চৰকাৰে চিন্তা কৰিলে ভাল৷ প্রতিবাৰেই এনেদৰে ইণ্টাৰনেট বন্ধ কৰি পৰীক্ষা অনুষ্ঠিত কৰা সমীচীন নহ’ব।

আজি মই যি কথা আলোচনা কৰিব বিচাৰিছো সেই কথাটোৱে মোক মানসিকভাৱে পীড়া দিয়ে৷ এজন উচ্চপদস্থ বিষয়াই জনালে যে ড্রাইভাৰৰ চাকৰিৰ কাৰণে এম এ ইক’নমিক্স পাছ কৰা ল’ৰা, তৃতীয়–চতুর্থ বর্গৰ চাকৰিৰ বাবে বহু অভিযান্ত্রিক ডিগ্রীধাৰীয়ে পৰীক্ষা দিছে৷ এইটো এটা অতি চিন্তনীয় বিষয়, আমাৰ সমাজৰ বাবে৷
সকলো মানুহেই যদি চৰকাৰী চাকৰিৰ বাবে হাত সাবটি বহি থাকে তেতিয়া ভৱিষ্যত কি হ’ব? অসমত ২৫ লাখতকৈও অধিক নিবনুৱা আছে৷ চৰকাৰে ১ লাখ চাকৰি দিলেও বাকীসকলৰ কি হ’ব? চাকৰি সৃষ্টি এইখন চৰকাৰৰ আটাইতকৈ বৃহৎ প্রত্যাহ্বান৷ নিবনুৱা সমস্যাই দেশখনক বহুক্ষেত্রত পিছুৱাই নিব৷ বিশেষকৈ অসমৰ দৰে পিছপৰা অঞ্চলৰ বাবে এয়া আৰু ভয়াৱহ সমস্যা৷ তাৰ লগতে চাকৰিবিহীন অর্থনীতিৰ বৃদ্ধিয়ে ৰাজনীতিত বৃহৎ প্রভাৱ পেলায়৷ মানুহে ক্ষুব্ধ হৈ আন্দোলন কৰে৷ বিচ্ছিন্নতাবাদী চিন্তাধাৰাই গা কৰি উঠে৷ গতিকে মোৰ দৃষ্টিত এইখন চৰকাৰৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে চাকৰি সৃষ্টিৰ প্রয়াস৷ স্বনির্ভৰশীলতাৰ কাৰণে একধৰণৰ সজাগতা সৃষ্টিৰো প্রয়োজন হৈছে৷ চাকৰি কেৱল চৰকাৰেই দিব নোৱাৰে৷ চাকৰিৰ বাবে ব্যক্তিগত খণ্ডত বিনিয়োগৰ ক্ষেত্রত কিছু পদক্ষেপ লোৱা হৈছে আৰু বহু ল’বলগীয়া আছে৷ অসমখন বিনিয়োগৰ বাবে বর্তমানেও পছন্দৰ ৰাজ্য নহয়৷ আজিকালি বিনিয়োগকাৰীক জেজাৱায়েকৰ দৰে আদৰি অনা হয় অসমলৈ বিনিয়োগকাৰী আহিব বিচাৰে কিন্তু পৰিৱেশ এটা সৃষ্টিৰ বাবে সমগ্র ইক’ ছিষ্টেম সাজু হৈ উঠা নাই৷ অসমলৈ বিনিয়োগ অনাৰ পৰিৱেশ সৃষ্টিৰ বাবে এক ব্যাপক মার্কেটিং ড্রাইভৰ প্রয়োজন৷ অসমৰ পৰিৱেশ পূর্বতকৈ উন্নত৷ সংযোগ ব্যৱস্থা, আইন–শৃংখলাৰ ব্যৱস্থা ভাল৷ মই ভাবোঁ আমি গুৰুত্ব সহকাৰে প্রচেষ্টা ল’লে অসমলৈ বিনিয়োগ আহিব৷ তাৰ লগে লগে সমগ্র অসমতে উদ্যমিতা সংস্কৃতি সৃষ্টিৰ বাবে ব্যাপক প্রয়াস কৰিব লাগিব৷ সমাজত কোম্পানীৰ চাকৰি বুলি ক’লে হেয় চকুৰে চোৱাটো ডাঙৰ সমস্যা৷ প্রাইভেট কোম্পানীত চাকৰি কৰি মানুহে লাখ লাখ টকা উপার্জন কৰি আছে৷ মই নিজে ব্যক্তিগত খণ্ডত বহুদিন কাম কৰি যথেষ্ট দৰমহা পাইছিলো৷ মই যিখিনি কথা আপোনালোকক ক’ব পাৰিছেছা সেয়া দেশৰ বিভিন্ন প্রান্তত কাম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰাহে৷ কোম্পানীৰ চাকৰি মানে বেয়া নহয়৷ ব্যক্তিগত খণ্ডৰ প্রতি এক ধৰণৰ অনুকূল পৰিৱেশ অনাটো অতি প্রয়োজনীয়৷ তাৰ লগে লগে পঢ়া–শুনাত মেধাৱী ল’ৰা–ছোৱালীবোৰে তৃতীয় বা চতুর্থ বর্গৰ এটা চাকৰিৰ উপৰি এখন বৃহৎ নিয়োগৰ পৃথিৱী আছে এই কথাখিনি বুজিব লাগিব৷ চাকৰি নোপোৱাসকলে এই সময়বোৰত কিবা এটা কৰাৰ প্রচেষ্টা ল’ব লাগে৷ এইক্ষেত্রত আজিকালি বহুখিনি সা–সুবিধা আহিছে৷ এম এ পাছ বা ইঞ্জিনীয়াৰিং কৰা বা ডক্টৰেট কৰি তৃতীয় বা চতুর্থ বর্গৰ চাকৰিৰ বাবে হাবাথুৰি খোৱা লোকৰ মাজত বহু যথেষ্ট প্রতিভাধৰ অসমীয়া ল’ৰা–ছোৱালীও আছে৷পৰৱর্তী পর্যায়ত স্বনিয়োজন তথা চৰকাৰী সুবিধাসমূহৰ কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম৷

মই চাকৰি জীৱনৰ আৰম্ভণিতে বিত্তীয় অনুষ্ঠান নেডফিত ড০ জয়ন্ত মাধৱ, জে পি শইকীয়াৰ দৰে বেংকাৰৰ তত্ত্বাৱধানত কাম কৰিছিলো, নেডফিৰ ঋণ দিয়া বিভাগত এটা মুখ্য ভূমিকা লৈ কাম কৰিছিলো৷ মই সংযোজিত হৈ থকা বহুকেইজন থলুৱা উদ্যোগী এতিয়া যথেষ্ট প্রতিষ্ঠিত৷ যিসকলে চাকৰি ত্যাগ কৰি নিজাকৈ কিবা আৰম্ভ কৰিলে তেওঁলোকৰ প্রত্যেকেই সমাজৰ একো–একোজন প্রতিষ্ঠিত ব্যক্তি৷ নেমকেয়াৰ হাস্পতালৰ প্রতিষ্ঠাপক ডাঃ হিতেশ বৰুৱা আহিছিল৷ তেওঁ মোক কৈছিল যে তেখেতে চাকৰি নহয় নিজাকৈ কিবা কৰিব বিচাৰে৷ তেওঁৰ লগত আছিল ড০ মিহিৰ বৰুৱা আৰু ৰঞ্জন ডেকা৷ নেডফিলৈ আহোঁতে তেওঁলোকৰ কোনো অভিজ্ঞতা, বিশেষ টকা–পইচা নাছিল আৰু ঋণ পোৱাটো সহজ নাছিল৷ কিন্তু কিবা এটা কৰাৰ হাবিয়াস দেখিছিলো আৰু সেই সূত্রেই তেওঁলোকক বিত্তীয় অনুদান দিবলৈ আমাৰ মেনেজমেণ্টক সৈমান কৰাৰ চেষ্টা কৰিছিলো৷ বহু ঘাত–প্রতিঘাত পাৰ কৰি সৰুকৈ আৰম্ভ কৰা প্রকল্পটো এতিয়া ১০০–২০০ কোটি টকা ঋণ ল’ব পৰাকৈ বৃহৎ হৈ উঠিল৷ এনেকৈ কষ্ট কৰি ক্রমান্বয়ে আগুৱাই যোৱা বহু উদ্যোগী মই দেখিছো৷

আগতকৈ আজিকালি চৰকাৰৰ সা–সুবিধা বহুত৷ সৰুকৈ কিবা আৰম্ভ কৰিব বিচাৰিলে মুদ্রাঋণৰ ব্যৱস্থা আছে৷ কোনোবাই ডাঙৰকৈ এখন দোকান খুলিছে, কোনোবাই এখন পার্লাৰ, কোনোবাই হ’ম ষ্টে, সৰু ৰেস্তোৰাঁ খুলিছে বা ডেণ্টেল ক্লিনিক বা কোনোবাই জিম এটা খুলিছে বা এনেধৰণৰ বিভিন্ন প্রকল্পৰ কাৰণে আজিকালি মানুহে কাম কৰিবলৈ লৈছে৷ কিবা এটা নতুন কাম কৰাৰ আগতে সেই বিষয়ত অভিজ্ঞতা অর্জন কৰি ল’লে ভাল৷ অলপ বাণিজ্য জনা মানুহে ড্রেডিঙত ভাল কাম কৰিছে৷ সেই বিষয়বোৰত নিজে পাৰদর্শী হ’লে আৰম্ভ কৰিবলৈ ভাল৷ মুদ্রাঋণ দহ লাখ টকালৈকে দিয়া হয়৷ নিজে ১৫ শতাংশ প্রকল্পত লগাব লাগে, বাকী ৮৫ শতাংশ বেংকে দিয়ে৷ তাত কোনো মর্টগেজৰ দৰকাৰ নাই৷ এতিয়া বহুতে মোক কয় যে বেংকলৈ গৈ জোতা চেণ্ডেল ক্ষয় যায় কিন্তু বেংকে ঋণ নিদিয়ে৷ কিন্তু বেংকিং ব্যৱস্থাত বহু দীঘলীয়া অভিজ্ঞতাৰে মই ডাঠি ক’ব পাৰোঁ যে ভাল প্রকল্পৰ বাবে টকাৰ অভাৱ নাই৷ এতিয়া কথাটো হৈছে বেংকলৈ যোৱাৰ আগতে আমি নিজে সাজু হৈ যাব লাগিব৷ বেংকে মানুহজনৰ পৰিচয়, শিক্ষা, অভিজ্ঞতা আৰু তেওঁ কৰিব বিচৰা কামটোৰ ওপৰত তেখেতৰ দক্ষতা বিচাৰ কৰে৷ তাৰ কাৰণে প্রাথমিকভাৱে এটা নিজৰ বেংক একাউণ্ট লাগে, পেন কার্ড লাগে৷ প্রধান কথাটোৱেই নিজকে সাজু কৰি লোৱা৷ প্রকল্পত যি খৰচ কৰে নিজৰ একাউণ্টৰ পৰা কৰিব লাগে৷ আজিকালি বেংকে চিবিল স্ক’ৰ চায়৷ আপুনি যদি যিকোনো ধৰণৰ, ধৰি লওক মটৰচাইকেলৰ বাবে ঋণ এটা লৈছে সময় মতে তাক পৰিশোধ কৰিছেনে নাই বা ক্রেডিট কার্ডৰ বিল সময় মতে দিছেনে নাই তাৰ ওপৰত সেই চিবিল স্ক’ৰ চাই ঋণ দিয়ে৷ একো নথকা ব্যক্তি এজনেও যদি বিষয়টোত নিজকে শক্তিশালীভাৱে উপস্থাপন কৰিব পাৰে সেইজন ব্যক্তিয়ে কামটো আগুৱাই নিব পাৰিব৷ প্রধানমন্ত্রীৰ ষ্টেণ্ড আপ ইণ্ডিয়াৰ উদ্যোগত মহিলা উদ্যমীৰ বাবে বিশেষকৈ অনুসূচিত জাতি–জনজাতিৰ উদ্যোগীৰ বাবে ১০ শতাংশ নিজৰ বিনিয়োগেৰে ১ কোটি টকালৈকে ঋণৰ ব্যৱস্থা আছে৷ প্রথমতে আপুনি ৫ লাখেৰে আৰম্ভ কৰি ক্রমান্বয়ে ১০ৰ ২০ লাখ ঋণ লওক৷ প্রথম ঋণটো লোৱাতোহে সমস্যা৷ বেংকক সময়মতে ঋণ ওভতাই দিলে বেংকে উপযাচি আহি পইচা দিয়ে৷ কিবা এটা কৰাৰ আগ্রহ থাকিলে আগবাঢ়ি যোৱাত প্রকৃততে অসুবিধা নাই৷

অসমৰ হস্তশিল্পৰ যথেষ্ট আদৰ দেখিছোঁ৷ অলপতে আমি বেংককৰ চেণ্ট্ৰল ৱর্ল্ডত নর্থ–ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন কৰিছিলো৷ তাত থাইলেণ্ডৰ উপ–প্রধানমন্ত্রীকে ধৰি চৰকাৰৰ মন্ত্রী, উচ্চপদস্থ বিষয়াসকলো আহিছিল, উত্তৰ–পূবৰ কেইবাজনো মুখ্যমন্ত্রীকে ধৰি, কেবিনেট মন্ত্রী, বিষয়া, উদ্যোগী, সাংস্কৃতিক দলকে ধৰি প্রায় পাঁচশ লোক গৈছিল৷ থাইলেণ্ডৰ বহুখিনি ক্রেতাও আহিছিল আৰু আমাৰ বিক্রেতাৰ লগত মিলিত হৈছিল৷ আমাৰ হস্তশিল্পই বিশেষকৈ ফেশ্বন শ্ব’ত প্রদর্শন হোৱা পাট–মুগাৰ কাপোৰে বৃহৎ সমাদৰ লাভ কৰে৷ আমাৰ ডিজাইনাৰে কেইবা লাখ টকাৰো অর্ডাৰ লাভ কৰিছে৷ অসমৰ হস্তশিল্পৰ কাৰু–কার্যত বহু লোক অভিভূত হৈছে৷ আমাৰ মুগা–এৰী–পাটত প্রসাৰৰ বাবে অসম চৰকাৰেও বহুতো ভাল প্রকল্পৰ ব্যৱস্থা কৰিছে৷ সেই প্রকল্পবোৰৰ পৰা মানুহে সুবিধা ল’ব লাগে৷ শিপিনীসকলৰ সুবিধার্থে অসম চৰকাৰে স্বনির্ভৰ নাৰী নামৰ এটা নতুন প্রকল্প কৰিছে৷ ইয়াৰ জৰিয়তে শিপিনীৰ পৰা প্রত্যক্ষভাৱে চৰকাৰে কাপোৰ কিনিব আৰু যাৱতীয় সুবিধাও কৰি দিব৷ গামোচা বা বিভিন্ন ছার্ট, টাইৰ দৰে বস্তুৰ চাহিদা দেখিছেছা৷ ডিজাইনবোৰ ভাল কৰিব পাৰিলে সমগ্র ভাৰততে যথেষ্ট চাহিদা হৈছে৷ হস্তশিল্পৰ এক ব্যাপক জাগৰণ হৈছে, সমগ্র দেশতে৷ এইক্ষেত্রত অসমৰ মুখ্যমন্ত্রীয়েও যথেষ্ট গুৰুত্ব দিয়া দেখিছেছা৷ থলুৱা গামোচাৰ বজাৰ সৃষ্টি এক অতি সুন্দৰ পদক্ষেপ৷ মই ভাবোঁ যে হস্তশিল্পৰ বজাৰ দিব পাৰিলে বৃহৎ অর্থনীতি গঢ়ি উঠিব৷ নতুন চামক আহ্বান জনাওঁ যে তেওঁলোকে যেন হস্তশিল্পৰ ক্ষেত্রত মনোনিৱেশ কৰে৷ আজিকালি ভালকৈ ডিজাইন কৰিলে বিক্রী কৰিবলৈ সহজ৷ আপোনালোকে ইনষ্টাগ্রাম বা ফেচবুকত ভালদৰে প্রচাৰ চলাওক৷ তাত পেমেণ্টৰ উপায় কৰিলে দিল্লী বা আমেৰিকা যিকোনো ঠাইৰ পৰা ক্রেতাই কিনিব পাৰিব৷ এম এ পাছ কৰি, ডক্টৰেট কৰি তৃতীয়–চতুর্থ বর্গৰ চাকৰি নকৰাকৈ হস্তশিল্পৰ ব্যৱসায় কৰি মর্যাদাৰে লাখ লাখ টকা উপার্জন কৰিব পৰা যায়৷

এইবাৰ থাইলেণ্ডত বহু ক্রেতাই কৈছিল অসম তথা উত্তৰ–পূবৰ গাহৰিৰ বাবে দক্ষিণ–পূব এছিয়াত বৃহৎ বজাৰৰ কথা৷ থাইলেণ্ড–ম্যানমাৰ ইত্যাদিত পুৱাৰ আহাৰৰ পৰা দুপৰীয়া–ৰাতি সকলো সময়তে তেওঁলোকে গাহৰি পছন্দ কৰে৷ গতিকে গাহৰিৰ চাহিদা অধিক৷ অসমত গাহৰি পালন আৰু প্রচেছিঙৰ বৃহৎ বজাৰ দেখিছেছা৷ ফুড বা মিট প্রচেছিঙৰ ক্ষেত্রত চৰকাৰী সুবিধাও বহুত আছে ভাৰত চৰকাৰৰ ফুড সংশাধন মন্ত্রালয়ৰ৷
কৃষিজাত সামগ্রীৰ বজাৰ আছে৷ যদি গুণবিশিষ্ট মানৰ প্রডাক্ট বনাব পাৰি বিশেষকৈ আচাৰ, চিপছ ইত্যাদিৰ, ভাল বজাৰ আছে৷ চাহ বিশেষকৈ গ্রীন টী, হোৱাইট টী, পার্পোল টীৰ চাহিদা বহুত৷ পর্যটনৰ ক্ষেত্রত গাডী, হ’ম ষ্টে’ৰ, সৰু কটেজ, বাটৰ বিশ্রামৰ ঠাই ইত্যাদিত অনাগত দিনত ব্যাপক চাহিদা বৃদ্ধি পাব৷ বেকাৰীৰ চাহিদাও বহুত৷ সৰুকৈ আৰম্ভ কৰি বেকাৰীৰ বৃহৎ বজাৰ হ’ব পাৰে৷ মই ভাবোঁ থলুৱা বজাৰ থকা বস্তুৰ ব্যৱসায়ৰ সম্ভাৱনা এই সময়ত অধিক৷ বেংকেও এনে প্রকল্পত ঋণ দিব বিচাৰে৷

তাৰ কাৰণে, কিবা প্রকল্প কৰাৰ আগতে নিজা এখন ফার্ম বা কোম্পানী কৰি ল’ব লাগে৷ প্রকল্পটোৰ এটা ভাল ধাৰণা তৈয়াৰ কৰি প্রজেক্ট ৰিপ’ট কৰিব লাগে৷ ভাৰত চৰকাৰৰ এম এছ এম ই মিনিষ্ট্রীত পঞ্জীয়ন কৰিব লাগে৷ ইয়াৰ পৰাও যথেষ্ট সা–সুবিধা পাই থকা যায়৷ পঞ্জীয়নভুক্ত উদ্যোগীক অসমৰ বাহিৰত প্রদর্শনী কৰিবলৈ সুবিধা দিয়া হয়৷ বিশেষকৈ মহিলা আৰু অনুসূচিত জাতি আৰু জনজাতিৰ বাবে বিভিন্নধৰণৰ সুবিধা আছে, ছাবচিডীৰ ব্যৱস্থা আছে৷ অলপতে এম এছ এম ই মিনিষ্ট্রীরলৈ গৈ সুবিধাসমূহ দেখি মই আচৰিত হৈ গ’লো আমাৰ বহু উদ্যমীয়ে এইবোৰ কথা নাজানে৷ চৰকাৰখনে বহু সুবিধা দিছে যিবোৰ আমি ল’ব পৰা নাই৷ আমি এতিয়াও চৰকাৰী চাকৰি এটাৰ পাছত দৌৰি আছো৷ বেংকলৈ যাওঁতে প্রকল্পৰ লগত খাপ খুৱাকৈ এটা ৰিপ’ট তৈয়াৰ কৰি নিব লাগে৷ যদি প্রকল্পটো সবলভাৱে উত্থাপন কৰা হয়, আপোনাৰ দৃঢ়তা আৰু প্রজেক্টটোৰ জ্ঞান থাকে বেংকে ঋণ দিয়াটো নির্ঘাত৷ আমাৰ অসমত জমা থোৱা আৰু ঋণৰ হাৰ ৪০ শতাংশ মান, বাকী ৰাজ্যতকৈ বহু কম৷ বেংকৰো যথেষ্ট দায়িত্ব আছে৷ চৰকাৰে তেওঁলোকক সহযোগিতা কৰিব লাগে লগতে ঋণ দিবলৈ বাধ্য কৰাব লাগিব৷ মই ভাবোঁ ভাল প্রকল্প হ’লে পইচাৰ নাটনি নাই৷ মাত্র প্রক্রিয়াবোৰ সুচাৰুৰূপে কৰি যাব লাগে৷

উদ্যমিতা সৃষ্টিত চৰকাৰৰ বৃহৎ দায়িত্ব আছে৷ এইক্ষেত্রত সজাগতা সৃষ্টিৰ বাবে চৰকাৰৰ বহু কাম কৰিবলগীয়া আছে৷ আজিকালি ষ্টার্ট আপৰ ক্ষেত্রত চৰকাৰে ভাল কাম কৰি আছে৷ নতুন প্রকল্প কিছুমানৰ ধাৰণা দিব পাৰিলে আমবাৰীত থকা অসম ষ্টার্ট আপে ধাৰণাটো আগবঢ়াই নিয়াত সহায় কৰে৷ ভাল প্রকল্প হ’লে ৫ৰ পৰা ১৫ লাখ টকালৈকে সাহায্যও দিয়ে৷ সেয়ে উদ্যোগী সৃষ্টিৰ বাবে দৰকাৰী পৰিৱেশটোৰ বাবে চেষ্টা কৰি যাব লাগিব৷ বিনিয়োগ সৃষ্টিৰ পৰিৱেশৰ বাবেও চেষ্টা কৰি যাব লাগিব৷ এইটো এদিনতে সৃষ্টি হোৱা পৰিৱেশ নহয়৷ আগতকৈ বহুখিনি হৈছে৷ আগতে আমি নেডফিত কাম কৰোঁতে থলুৱা উদ্যমী নাছিলেই৷ আজিকালি বহু ওলাই আহিছে আৰু পৰিৱেশো সৃষ্টি হৈছে৷ মই অত্যন্ত আশাবাদী যে অনাগত দিনত এইক্ষেত্রত কাম হ’ব৷ মহাৰাষ্ট্র, গুজৰাট, তামিলনাডুৰ জনমূৰি আয় বৃদ্ধিত তেওঁলোকৰ উদ্যোগীৰ ভূমিকা সর্বাধিক৷ অসমতো নিশ্চয় হ’ব৷
চৰকাৰৰ প্রতি মোৰ এটাই আহ্বান যে থলুৱাভাৱে ভাল কাম কৰি থকা উদ্যোগীসকলক সহায় কৰক৷ বিশেষকৈ কিছু অনা অসমীয়া উদ্যোগী বিভিন্ন চৰকাৰী ব্যৱস্থা পৰিচালনা, মেনেজ কৰাত সিদ্ধহস্ত৷ তেওঁলোকে সদায় চৰকাৰী কামত অগ্রাধিকাৰ পায়৷ এই পৰিৱেশটো সলনি কৰিব লাগিব৷ থলুৱা ভাল উদ্যমীসকলক উদ্গনি দিলেহে নতুন চাম ওলাই আহিবলৈ আগ্রহী হ’ব৷ ক্ষুদ্র আৰু মধ্যম খণ্ডত মানুহে নিজে কাম কৰিবলৈ আৰম্ভ কৰিলে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত যথেষ্ট সুবিধা হ’ব৷ সজাগতা সৃষ্টিৰ ক্ষেত্রত সকলোৰে বৃহৎ দায়িত্ব আছে৷ অসমৰ চৰকাৰী ক্ষেত্রত কিছুমান উদ্যমী সৃষ্টিৰ ফেচিলিটেচন চেণ্টাৰ কৰাৰ বাবে আগভাগ ল’ব লাগে৷ আশা কৰোঁ আমাৰ জীৱনকালতে এটা নতুন কথা দেখিবলৈ পাম যে বেছিভাগ মানুহ চৰকাৰী চাকৰি নহয়, উদ্যমিতাৰ প্রতি আগ্রহী হৈছে আৰু ৰাজ্যখনৰ উন্নতিত শক্তিশালী ভূমিকা লৈছে৷ এয়াই আমাৰ কামনা৷

You might also like