জীৱনটো যদি আকৌ এবাৰ যাপন কৰিবলৈ সুযোগ পাওঁ
কেতিয়াবা সম্পূর্ণ বিনা কাৰণত আপোনাৰ মনটো বেয়া লাগেনে? এনেকুৱা মানুহ বোধহয় এজনো নাই, যিজন মানুহৰ মন বেয়া লগাৰ এনে অভিজ্ঞতা জীৱনত এবাৰো হোৱা নাই৷ মোৰ কিন্তু মাত্র এবাৰ নহয়, বহুবাৰ এনে ঘটনা হৈছে৷ মাত্র কেইদিনমান আগতেও বিনামেঘে বজ্রপাত হোৱাৰ দৰে মোৰ মনটো হঠাৎ এক কৰুণ বিষাদ বা বিমর্ষতাই গ্রাস কৰি ধৰিলে৷ মনৰ সেই অৱস্থা দীর্ঘস্থায়ী হ’ব বুলি অনুমান কৰি মই তাৰ প্রতিকাৰৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলোঁ৷ এনে ঘটনা যেতিয়াই হয় তেতিয়াই মই প্রতিকাৰ বিচাৰোঁ কিতাপৰ মাজত৷ মনত পেলাবলৈ চেষ্টা কৰোঁ মোৰ মনটোক উদ্দীপিত কৰি তুলিব পৰা কোনোবা এখন কিতাপৰ কথা৷ এইক্ষেত্রত স্মৃতিয়ে মোক সহায় কৰে৷ সেইদিনাখনো তেনে এখন কিতাপৰ নাম মনত পেলাবলৈ চেষ্টা কৰি থাকোঁতে হঠাৎ মোৰ মনলৈ আহিল কেইমাহমান আগতে কোনোবা এখন কিতাপত পঢ়া এটা কবিতাৰ কথা৷ কবিতাটো মোৰ মুখস্থ নাছিল, কিন্তু সি যে মোৰ মনটো সতেজ কৰি তুলিছিল সেই কথা মোৰ মনত আছিল৷ মোৰ ক্ষুদ্র লাইব্রেৰীটোৰ জৰাজীর্ণ প্রতিখন কিতাপেই মোৰ ইমান চিনাকি যে কিতাপৰ জাপৰ মাজৰ পৰা মই বিচৰা কিতাপখন টান মাৰি উলিয়াবলৈ মোৰ বেছি সময় নালাগে৷ সেইদিনাখনো মই বিচৰা কিতাপখন অতি সহজেই মই বিচাৰি পালোঁ৷ কিতাপখনত পাত লুটিয়াই মই বিচৰা কবিতাটো উলিয়ালোঁ৷ কবিতাটো লিখিছে নাডিন ষ্টেয়াৰ নামৰ এগৰাকী মহিলা কবিয়ে৷ মই তেওঁৰ নামটো ইয়াৰ আগতে কেতিয়াও শুনা নাছিলোঁ৷ সকলোৱে নাম শুনিব পৰাকৈ তেওঁ নিশ্চয় বিখ্যাত কবি নহয়৷ কিন্তু কেতিয়াবা অখ্যাত আৰু অজ্ঞাত কবিৰ কবিতায়ো আমাৰ হূদয় গভীৰভাৱে স্পর্শ কৰে এনেকুৱা কবিৰ কথা ভাবিয়েই বিখ্যাত আমেৰিকান কবি লংফেল’ই তেওঁৰ এটা কবিতাত লিখিছিল–
Read from some humbler poet,
Whose songs gushed from his heart,
As showers from the clouds of summer,
Or tears from the eyelids start,
নাডিন ষ্টেয়াৰে লিখা কবিতাটোৰ নাম হ’লIf I had my life to live over…৷ মানুহে কেতিয়াবা আনক বা নিজকে জানিবলৈ কিছুমান কাল্পনিক প্রশ্ণ সুধিব লগা হয়৷ তেনে এটা জনপ্রিয় প্রশ্ণ হ’ল– তুমি যদি জীৱনটো আকৌ আৰম্ভণিৰে পৰা যাপন কৰিবলৈ সুযোগ পোৱা, তেন্তে তুমি জীৱনটো কেনেকৈ যাপন কৰিবা? এনে এটা প্রশ্ণ বোধহয় অতীতত বহুতকে সোধা হৈছিল আৰু ভৱিষ্যতেও সোধা হ’ব৷ কোনে কি উত্তৰ দিছিল মই নাজানো৷ একমাত্র বেঞ্জামিন ফ্রেংকলিনে দিয়া উত্তৰটো মোৰ মনত আছে৷ তেওঁ কৈছিল– ‘এখন কিতাপৰ দ্বিতীয় সংস্কৰণ প্রকাশ কৰিব লগা হ’লে লেখকজনে যেনেকৈ প্রথমটো সংস্কৰণৰ ভুল–ভ্রান্তিবোৰ শুধৰাই দিয়ে ঠিক তেনেকৈ জীৱনটো দ্বিতীয়বাৰ যাপন কৰিবলৈ সুযোগ পালে ময়ো প্রথমটো জীৱনত কৰা ভুল–ভ্রান্তিবোৰ শুধৰাই ল’ম৷’
কিন্তু নাডিন ষ্টেয়াৰ সেই পথৰ পথিক নহয়৷ তেওঁ দীপ্তকণ্ঠে ঘোষণা কৰিছে যে তেওঁ দ্বিতীয়বাৰ একেটা জীৱনকে যাপন কৰিবলৈ সুযোগ পালে প্রথমটো জীৱনৰ ভুলবোৰৰ শুধৰণিতো নকৰেই, বৰং তেওঁ আগতকৈ বৈছিকৈহে ভুল কৰিব৷ মই মোৰ মনৰ বিষণ্ণ অৱস্থাত আগতে পঢ়া এই কবিতাটোকে আকৌ এবাৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, আৰু বিশ্বাস কৰক, মোৰ মনৰ বিষণ্ণতা বা বিমর্ষতা পলাই ফাট মাৰিলে৷
এতিয়া কবিতাটো শুনকচোন–
ইয়াৰ পিছৰবাৰ মই আগতেই বেছি ভুল কৰিম৷ মই আলস্য উপভোগ কৰিম৷ মই শৰীৰটোক খুব বেছি আৰাম দিম৷ প্রথমবাৰ মই যিমানবোৰ মূর্খামি কৰিছিলোঁ, দ্বিতীয়বাৰ তাতকৈ বহুত বেছি মূর্খামি কৰিম৷ মই খুব কম কথা বা কামকহে গুৰুত্ব সহকাৰে ল’ম৷ মই আগতকৈ বহুত বেছি পর্বত বগাম আৰু বহুত বেছি নদীত সাঁতুৰিম৷ মই উৰহী কমকৈ খাম, বেছিকৈ খাম আইচক্রীম৷ মোৰ সঁচা–সচি সমস্যা বোধহয় খুব বেছিকৈ হ’ব, কিন্তু খুব কম হ’ব কাল্পনিক সমস্যা৷
যিবোৰ মানুহে খুব ভাবি–চিন্তি আৰু আগ–পিছ গুণি প্রহৰৰ পিছত প্রহৰ, আৰু দিনৰ পিছত দিনবোৰ যাপন কৰে ময়ো ঠিক তেনে এজন মানুহ৷
কিন্তু মোৰ জীৱনলৈকো বহুত মুহূর্ত আহিছিল৷ মই যদি জীৱনটো আকৌ এবাৰ যাপন কৰিবলৈ সুযোগ পাওঁ, তেন্তে তেনেকুৱা বহুত বেছি মুহূর্ত মোৰ জীৱনলৈ আহিব৷ প্রত্যেকটো দিন যাপন কৰাৰ আগতে অনাগত বহুতো বছৰ একেলগে যাপন কৰাৰ পৰিৱর্তে মই যাপন কৰিম কেৱল মুহূর্তবোৰ, এটাৰ পিছত এটাকৈ আহি থকা মুহূর্তবোৰ৷ মুহূর্তবোৰৰ বাহিৰে আন একোলৈকে মই ভ্রূক্ষেপ নকৰোঁ৷
মই আছিলোঁ আন বহুতো মানুহৰ নিচিনাকৈ এনে এজন মানুহ– যিজনে লগত এটা থার্মোমিটাৰ, এটা গৰম পানীৰ বটল, এটা পানীকোট আৰু এটা পেৰাছুট নোহোৱাকৈ ক’লৈকো লৰচৰ নকৰিছিল৷ কিন্তু মই যদি জীৱনটো দ্বিতীয়বাৰ যাপন কৰিবলৈ সুযোগ পাওঁ, তেন্তে মই লগত একো বস্তু নিনিয়াকৈ খুব পাতল হৈ ভ্রমণ কৰিম৷ যদি মই জীৱনটো আকৌ যাপন কৰিবলৈ সুযোগ পাওঁ, তেন্তে মই খালী ভৰিৰে বসন্ত কালৰ যাত্রা আৰম্ভ কৰিম আৰু তাৰ পিছত আহিব লগা শীতকাললৈকে মই ঠিক তেনেকৈয়ে থাকিম৷ মই আৰু বেছি নাচিবলৈ যাম৷ মই আৰু বেছিকৈ খেল–ধেমালি কৰিম৷ আৰু বেছিকৈ বনৰীয়া ফুল বুটলিম৷