নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

T20Iৰ পৰা অৱসৰ বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ Mushfiqur Rahim ৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ বাংলাদেশৰ তাৰকা ক্ৰিকেটাৰ তথা উইকেট ৰক্ষক বেটছমেন মুছফিকুৰ ৰহিমে আন্তঃৰাষ্ট্ৰীয় টি-২০ ৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৩৫ বছৰীয়া প্ৰবীণ খেলুৱৈগৰাকীয়ে এক চাঞ্চল্যকৰ সিদ্ধান্তৰে ভৱিষ্যতৰ পৰিকল্পনাও প্ৰকাশ কৰে। এছিয়া কাপ ২০২২ত বাংলাদেশ দলৰ অংশ হৈ থকা মুছফিকুৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত টুইট কৰি নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে যে তেওঁ টেষ্ট আৰু এদিনীয়া ফৰ্মেটত খেলি থাকিব।

মুছফিকুৰে তেওঁৰ পোষ্টত লিখিছে, ‘মই টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছোঁ আৰু লগতে টেষ্ট-এদিনীয়া ফৰ্মেটত অধিক গুৰুত্ব দিব বিচাৰিছোঁ। সুযোগ পালে মই ফ্ৰেঞ্চাইজি লীগত খেলিবলৈ উপলব্ধ হ’ম। দুইটা ফৰ্মেটত মোৰ দেশক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিবলৈ আগ্ৰহী।”

উল্লেখ্য যে চলিত এছিয়া কাপত হতাশাজনক প্ৰদৰ্শন দেখা গৈছিল বাংলাদেশৰ উইকেটৰক্ষকগৰাকীক। গ্ৰুপ ষ্টেজত খেলা দুখন মেচত তেওঁ মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিছিল। ইয়াত তেওঁ আফগানিস্তানৰ বিৰুদ্ধে ১ আৰু শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ চাৰি ৰানহে কৰিব পাৰিছিল। অৱশ্যে তেওঁৰ T20 কেৰিয়াৰ আছিল দীঘলীয়া আৰু মিশ্ৰিত। তেওঁ মুঠ ১০২ খন মেচ খেলি গড়ে ১৯.৪৮ আৰু ১১৫ ষ্ট্ৰাইক ৰেটসহ ১৫০০ ৰান সংগ্ৰহ কৰিছে।

You might also like