নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই সোপাধৰাৰ সন্দেহত হত্যাকাণ্ডঃ বৰ্তমানলৈ মূল অভিযুক্তসহ মুঠ ৮ জনক গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা জোনাই গণহত্যা কাণ্ডত জড়িত সকলৰ বিৰুদ্ধে  জোনাই আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে ৷ তাৰ মাজতে আজি এই অমানৱীয় ঘটনাৰ লগত জড়িত ৮ জন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে জোনাই আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ নাম ২ নং মাজুলীপুৰৰ অশ্বিনী পেগু, বৰদণ্ডী গাঁৱৰ উমাকান্ত দ’লে, বৈকুণ্ঠপুৰৰ  টেপুৰাম পাংগিং, ৰাকুট ককেৰ মনিকান্ত পেগু,  ৰামধন দিখাৰীৰ নিত কুলি, দিখাৰীৰ অৰ্জুন পামে, ৰামধন দিখাৰীৰ ৰামজানে পামে আৰুগালী শান্তিপুৰ নয়নমনি কুলি  বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত ৮ জনক জোনাই মহকুমা ন্যায়িক দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰি তদন্তৰ ভাৱে জোনাই আৰক্ষীৰ জিম্মাত ৰাখিছে ৷

 

উক্ত ঘটনাত আৰু ব্যক্তি জড়িত আছে বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে উল্লেখ্য যে, বুধবাৰে এটি কেঁচুৱাক মাকৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে প্ৰহাৰ কৰি কৰিছিল হত্যা ৷ মৃত লোকজন ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা (32) ৷  পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত গোলাপ বৰুৱা প্ৰায় পোন্ধৰ বছৰ পূৰ্বৰ পৰাই মানসিক ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি আছিল বুলি জনায়৷ এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে নিশা ৰনোজ টায়ে আৰু কুঞ্জন টায়েক নামৰ দুজন ব্যক্তিকো সোধা-পোচাৰ বাবে আটক কৰিছিল যদিও শুকুৰবাৰে দুয়োকে মোকলাই দিয়ে৷
You might also like