নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় থানাৰ সমীপতে এটিএম লুট কৰি জ্বলাই দিলে দুৰ্বৃত্তই

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ এইবাৰ সৰিয়হৰ ডুলিতে ভূত!আৰক্ষী থানাৰ নিচেই সমীপবৰ্তী এটিএমৰ পৰা সমুদায় টকা লুট কৰি নিয়াৰ লগতে এটিএমটো জ্বলাই থৈ যোৱা কাণ্ডই ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।যোৱা নিশা সংঘটিত হৈছে এই চাঞ্চল্য ঘটনা ডিব্ৰুগড়ৰ বৰবৰুৱাত। বৰবৰুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা দুটাকৈ এটিএম মেছিন গেছ কাটাৰে কাটি জমা থকা সমুদায় ধন চুৰি কৰি লৈ যায়। কেৱল সিমানেই নহয়,দুটা এটিএমৰ ধন চুৰি কৰাৰ সমান্তৰালকৈ জ্বলাই ভস্মীভূত কৰে দুটাকৈ এটিএম মেচিন।ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাৰ প্ৰায় সমিপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এচ বি আই বেংকৰ এটা আৰু পাঞ্জাৱ নেচনেল বেংকৰ এটা এটিএম মেছিনৰ জৰিয়তে কাতি ধন উলিয়াই পৰৱৰ্তী সময়ত জ্বলাই ভস্মীভূত কৰা ঘটনাই আৰক্ষীৰ ফোপোলা নিৰাপত্তা দিশৰ লগতে আনুসংগিক বহু প্ৰশ্নৰ অৱতাৰণা হৈছে।নিশাৰ ভাগত থানাৰ সমিপতে আৰু ব্যৱসায়িক তথা জনবসতি পূৰ্ণ অঞ্চলত অৱস্থিত দুয়োটা এটিএম এনেদৰে ভাঙি টকা লৈ যোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ সীমাৰ ডিমৌত আন এটা এটিএম একেই পদ্ধতিৰে ভাঙি টকা নিয়াৰ পাছত জ্বলাই দিয়ে।আনকি জানিব পৰামতে ধুৰ্ত চুৰে এটিএমত থকা চিচিটিভি কেমেৰাৰ সংযোগ বিছিন্ন কৰি কেমেৰা সমুলঞ্চে নষ্ট কৰি পেলায়।আনহাতে এটিএম মেছিন গেছৰ জৰিয়তে কাটি এনেদৰে টকা উলিয়াই নিবলৈ চোৰক বহু সময় প্ৰয়োজন হৈছে,যদিও নিশাৰ ভাগত পেট্ৰলিং কৰা আৰক্ষীয়ে বা আন স্থানীয় ৰাইজে কেনেদৰে কোনো শুং-সূত্ৰ লাভ নকৰিলে সেয়াও ৰহস্যজনক।ইফালে এচ বি আইক এটিএম গৃহ ভাড়ালৈ দিয়া গৰাকীয়ে জানিবলৈ দি কয় যে যোৱা নিশা শুই থকা অৱস্থাত ঘৰৰ ভিতৰত বহু ধোঁৱাৰ স্বৃষ্টি হয়।প্ৰথমে মিটাৰ শ্বৰ্টচাৰ্কিট হোৱা বুলি ভাবিছিল।কিন্তু ঘৰৰ বাহিৰলৈ ওলাই অহাতহে এটিএম কক্ষৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ,কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া বুলি জানিবলৈ দিয়ে।ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই এটিএম চুৰি কাণ্ড সংঘটিত হৈ অহাৰ সমান্তৰালভাৱে ডিব্ৰুগড়ত যোৱা নিশা সংঘটিত চুৰি কাণ্ড আৰু এটিএম জ্বলাই যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ইতিমধ্যে বেংক কতৃপক্ষই আৰক্ষীক অভিযোগ দাখিল কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে কিমান দূৰ সফল হয় সেয়া সময়তহে জানিব পৰা যাব।

প্ৰেৰক বিভাস দুৱৰা

You might also like