নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বিজ্ঞান আৰু প্রযুক্তি যোগাযোগৰ ক্ষেত্রত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৯ চনৰ ৰাষ্ট্রীয় বঁটা লাভ কৰিছে বিশিষ্ট শিক্ষাবিদ, গৱেষক, জনপ্রিয় বিজ্ঞান লেখক, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ তথা জিনিয়াছ একাডেমীৰ ৰেক্টৰ ড০ অমিয়া ৰাজবংশীয়ে৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় বিজ্ঞান আৰু প্রযুক্তি যোগাযোগ পৰিষদে ছপা মাধ্যমৰ লগতে গ্রন্থ আৰু আলোচনীৰ জৰিয়তে বিজ্ঞান আৰু প্রযুক্তি যোগাযোগলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে ড০ ৰাজবংশীক এই বঁটা প্রদান কৰিছে৷ অহা ২৮ ফেব্রুৱাৰীত নতুন দিল্লীত বিজ্ঞান ভৱনত ৰাষ্ট্রীয় বিজ্ঞান দিৱসৰ আড়ম্বৰপূর্ণ অনুষ্ঠানত লখিমপুৰ জিলাৰ খেলমাটি নিৱাসী ড০ অমিয়া ৰাজবংশীক আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰা হ’ব বুলি ৰাষ্ট্রীয় বিজ্ঞান আৰু প্রযুক্তি যোগাযোগ পৰিষদৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ এই বঁটাত নগদ ২ লাখ টকাসহ প্রশংসা–পত্র আৰু স্মাৰক আছে৷