নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মেডিকেল কলেজৰ মহাৰজত জয়ন্তী উপলক্ষে আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতা

উপস্থিত থাকিব বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনসহ সাংবাদিক জাৰিৰ হুচেইন

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰজত জয়ন্তী উপলক্ষে স্বৰ্গীয় অধ্যাপক ডাঃ ৰতন কটকী সোঁৱৰণীত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অহা ২৪ ছেপ্টেম্বৰ তাৰিখে এখনি আন্তঃ মহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। তর্ক প্রতিযোগিতাৰ বিষয়বস্তু “সদনৰ মতে ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত আঞ্চলিকতাবাদ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ সহায়ক নহয়।” (“IN THE INDIAN CONTEXT, REGIONALISM IS NOT CONDUCIVE TO BUILDING OF A STRONG NATION.”) 

বিশিষ্ট চিন্তাবিদ  ময়ুৰ বৰাই উদ্বোধন কৰিবলগীয়া উক্ত অনুষ্ঠানটিত সন্মানীয় অতিথিৰ আসন শুৱনি কৰিব বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনে। তদুপৰি অসম বিধানসভাৰ  উপাধ্যক্ষ ডাঃ নোমল মামিন প্ৰতিযোগিতাখনৰ অধ্যক্ষ হিচাপে উপস্থিত থাকিব। প্ৰতিখন মহাবিদ্যালয়ৰ পৰা স্নাতক অথবা স্নাতকোত্তৰ পৰ্য্যায়ৰ পৰা এটি দল হিচাপে এজন সপক্ষে আৰু আনজন বিপক্ষে অংশগ্ৰহণ কৰিব পাৰিব। যোগাযোগৰ অন্তিম দিন ১৮ ছেপ্টেম্বৰ স্থিৰ কৰা হৈছে। সেয়ে সবিশেষ জানিবৰ বাবে ভাৰপ্ৰাপ্ত অধ্যাপক ডাঃ শ্ৰীমন্ত মাধৱ বৰুৱা (9435031848) আৰু তৰ্ক তথা সাহিত্য বিভাগৰ সম্পাদিকা শতাব্দী বৰাক (8638373799) যোগাযোগ কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনাইছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like