লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বাহন বাৰণ দিৱস পালন
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: প্ৰতিদিনে শ শ দুচকীয়া-চাৰিচকীয়া যান বাহনেৰে ভৰি থকা চৌহদ টো আজি ইঞ্জিনৰ গৰ্জন, হৰ্ণৰ মাত আৰু কাৰ্বন নিৰ্গমনৰ পৰা মুক্ত হয়। আজি এনে এক অগতানুগতিক দৃশ্য দেখিবলৈ পোৱা গ’ল লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত। মহাবিদ্যালয়ে আজি পালন কৰে বাহন বাৰণ বা ন’ ভেহিক’ল দে। প্ৰতিমাহৰ দ্বিতীয়টো শনিবাৰত বলবৎ হোৱা এই বাহন বাৰণ দিৱসৰ দিনা মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীয়ে কোনো ধৰণৰ ইঞ্জিনযুক্ত বাহন অনাৰ পৰা বিৰত থাকে। বায়ুমণ্ডলত প্ৰতিদিনে হৈ থকা কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে এক ক্ষুদ্ৰ প্ৰচেষ্টা হিচাপে বলবৎ কৰা এদিনীয়া এই কৰ্য্যসুচীৰ যোগেদি গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিবৰ্ত্তনৰ বিষয়ত সজাগতা বৃদ্ধিৰ বাবেই এনে দিৱস আয়োজন কৰা হৈছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই জানিবলৈ দিছে। মহাবিদ্যালয়ৰ পৰিবহন কোষৰ সৌজণ্যত বলবৎ হোৱা এই কাৰ্য্যসুচী সফলতাৰে পালন কৰাৰ বাবে কোষৰ সমন্বয়ৰক্ষী অধ্যাপক অচ্যুত গগৈয়ে সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।