যোগীঘোপাত কমাৰৰ পুত্ৰই আৰক্ষীৰ এছ আই পদত নিযুক্তি লাভ
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ আজি ঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাৰ এজন যুৱকে সফলতা লাভ কৰে ।চলন্তাপাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ কমাৰৰ পুত্ৰ প্ৰভাষ কৰ্মকাৰে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰে ।চলন্তাপাৰা গাঁৱৰ সুভাষ কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ প্ৰভাষ কৰ্মকাৰ ।পিতৃ প্ৰভাষ কৰ্মকাৰে ঘৰতে এখন সৰু দোকান দি কমাৰৰ কাম কৰি নিজৰ পুত্ৰক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিল । অৱশেষত আজি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰি প্ৰভাষ কৰ্মকাৰে পিতৃৰ মুখলৈ হাঁহি বিৰিঙালে । ঘৰতে ছাত্ৰ-ছাত্ৰীক টিউচন কৰি দুপইচা উপাৰ্জন কৰাৰ লগত নৃত্যতো ভাল প্ৰতিভা আছে প্ৰভাষ কৰ্মকাৰৰ ।দৰিদ্ৰ পৰিয়ালৰ প্ৰভাষ কৰ্মকাৰ অসম আৰক্ষীত উপ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰাত অঞ্চলটোত এক আনন্দৰ জোৱাৰ উঠে ।আজি পুৱাৰ পৰাই বিভিন্নজনৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চলন্তাপাৰা আঞ্চলিক সমিতিয়ে যুৱকজনৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।আনহাতে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে স্বচ্ছ নিকা ভাবে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাত ধন্যবাদ জ্ঞাপন কৰে প্ৰভাষ কৰ্মকাৰৰ পৰিয়াল বৰ্গই।