নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠান সম্পন্ন

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠান আজি সফলতাৰে সামৰণি পৰে ৷ খগেন মহন্ত প্ৰেক্ষাগৃহত দিনজোৰাকৈ গীত-মাত-কথাৰে এই অনুষ্ঠান সম্পন্ন হয় ৷ পুৱা ৯ বজাৰ পৰা ন-পুৰনি ছাত্ৰ-ছাত্ৰীসকলৰ চিনাকী পৰ্বৰ পিছতে আনুষ্ঠানিক অনুষ্ঠান দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানলৈ অতিথি, অভিভাৱক, সংবাদকৰ্মী আৰু নৱাগত শিক্ষাৰ্থীসকলক আদৰণি জনাই শপত বাক্য পাঠ কৰোৱাই পঞ্জীয়ক অধ্যাপক মৃণাল কুমাৰ বৰাই৷ ইয়াৰ পিছতে ভাষণ আগৱঢ়াই বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ন-পুৰনি শিক্ষাৰ্থীক আশীষ বচন প্ৰদান কৰি একো একোজন সৎ চৰিত্ৰবান ব্যক্তিহৈ সমাজৰ এজন সফল হ’বলৈ আহ্বান জনায় ৷গগৈয়ে লগতে কয়- “বিশ্ববিদ্যালয়খনৰ প্ৰতিটো চুকে-কোনে শংকৰদেৱ গুৰুজনাৰ আত্মা নিহিত হৈ আছে। আদৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাই শিক্ষাৰ্থীসকলক নিজ লক্ষ্যৰ পৰা বিচলিত নহ’বলৈ পৰামৰ্শ আগবঢ়াই কয়, চাকৰি পিছত দৌৰি নাথাকি শিক্ষাৰ্থীসকলে সমাজখনক ভাল পাব লাগিব ৷ শিক্ষাৰ্থীসকলক একো একোজন সামাজিক-অৰ্থনৈতিক-ৰাজনৈতিক বিপ্লৱী আখ্যা দি সকলো শিক্ষাৰ্থীক শিক্ষিত আৰু দিক্ষিত হ’বলৈ পৰামৰ্শ আগবঢ়াই আমন্ত্ৰিত অতিথি প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোনিত কুমাৰ ভূঞাই৷ তেওঁ আৰু কয় “নিজৰ মাজত থকা দক্ষতা, অৰ্হতাক হৃদয়ঙ্গম কৰিব পাৰিলে এজন মানুহ সফল হ’ব পাৰে৷ অনুষ্ঠানত কবিতা পাঠ কৰে অৰ্থনীতি বিভাগৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰী মৃদুস্মিতা দাস, অনুভৱ প্ৰকাশ কৰে শিক্ষাতত্ব বিভাগৰ ছাত্ৰী ববিতা নাথে ৷ সমান্তৰালকৈ ইংৰাজী বিভাগৰ অধ্যাপক ড° জয়ন্ত মাধৱ তামুলী আৰু শিক্ষাতত্ব বিভাগৰ মুৰব্বী ত্ৰিৱেণী শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি নিজা বক্তব্য আগবঢ়াই ৷ অনুষ্ঠানৰ শেষৰ ফালে উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষাৰ্থীক মৃদুভাষী, বিনয়ী আৰু অধ্যয়ন পিপাসু হোৱাৰ পোষকতা কৰি ভাল সংগই কিদৰে মানুহৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে তাক উদাহৰণ সহ উল্লেখ কৰে ৷ ছাত্ৰীদ্বয় মৃধুস্মৃতা হাজৰিকা আৰু অন্তৰা পৰাশৰে আঁতধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই সহকাৰী গ্ৰন্থাগাৰিক শেখৰজ্যোতি নেওগে । আনহাতে, বিয়লি ২ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰে ন-পুৰনি শিক্ষাৰ্থীসকলে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like