নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডা–আমেৰিকা–ইংলেণ্ডৰ পর্যটকেৰে ভৰিছে লখিমপুৰৰ মধুপুৰ, কিন্তু কিয় ?

আজিৰ পৰা মীনমোহন জৈৱিক চাহ বাগানৰ ৰূপালী জয়ন্তী

জিতুমণি নেওগ, ১ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ এখন ভিতৰুৱা গাঁৱলৈ আগমন ঘটিছে কানাডা, ইংলেণ্ড, আমেৰিকা আদি দেশৰ পর্যটকৰ ৷ নাৰায়ণপুৰ ৰাজহ চক্রৰ অন্তর্গত মধুপুৰ নামৰ গাঁওখন সাজু হৈ উঠিছে দেশ–বিদেশৰ অভ্যাগতক আদৰিবলৈ ৷ ভোগপুৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ওখোৰা–মোখোৰা পথেৰে প্রায় সাত কিলোমিটাৰ সোমাই গ’লে পোৱা যায় মধুপুৰ গাঁও ৷ মধুপুৰ গাঁৱলৈ দেশ–বিদেশৰ অতিথিৰ আগমনৰ মূল কাৰণ হৈছে গোবিন হাজৰিকা নামৰ ডেকাজনে যোৱা ২৫বছৰ ধৰি চলোৱা কৃচ্ছ্র সাধনা ৷ মৃত পিতৃ–মাতৃৰ নাম চিৰযুগমীয়া কৰি তুলিবৰ বাবে আজিৰ পৰা ২৫ বছৰ পূর্বে মধুপুৰত সাত বিঘা মাটিত গোবিন হাজৰিকাই গঢ় দিছিল এখন জৈৱিক চাহ বাগানৰ ৷

শতাধিক ব্যর্থতা, সীমাহীন দুখ–দুর্দশাৰ পাছতো পিতৃ মোহন চন্দ্র হাজৰিকা আৰু মাতৃ মীনপ্রভা হাজৰিকাৰ নামত গঢ় দিয়া চাহ বাগানখনক দেশৰ ভিতৰতে অনন্য আৰু একক কৰি গঢ়ি তুলি দেশৰ উপৰি আন্তর্জাতিক চাহপাতৰ জগতখনত গোবিন হাজৰিকাই নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হ’ল ৷ ১ আৰু ২ ফেব্রুৱাৰীত মীন–মোহন জৈৱিক চাহ বাগানখনৰ ৰূপালী জয়ন্তী উদযাপনৰ প্রস্তুতি চলাইছে ৷ ইয়াকে লৈ উছাহৰ অন্ত নাই মধুপুৰ গাঁৱত ৷ ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে এই ৰূপালী জয়ন্তীত অংশগ্রহণ কৰাৰ উপৰি বিদেশৰ পৰা অহা পর্যটকেৰে ভৰি পৰিছে চাহ বাগানখন ৷ কানাডাৰ পৰা আহি গাঁওখনত উপস্থিত হৈছেহি কেলকেলী দম্পতী ৷ ইংলেণ্ড, আমেৰিকাৰ পৰাও আহিছে অসংখ্য পর্যটকৰ দল ৷ দেশ–বিদেশৰ পর্যটকৰ এটাই উদ্দেশ্য বিশ্বৰ চাহ জগতত মীন–মোহন জৈৱিক চাহ নামেৰে বিশেষ স্থান লাভ কৰা চাহ বাগানখনৰ গৌৰৱৰ লগত চামিল হোৱা ৷ এই মীন–মোহন চাহ বাগানখনক জৈৱিক চাহপাতৰ আন্তঃৰাষ্ট্রীয় ক্ষেত্রখনত প্রতিষ্ঠা কৰিবলৈ বিগত দিনবোৰত সীমাহীন কষ্ট কৰিছে গোবিন হাজৰিকাই ৷ চাহপাতৰ মান যাতে কোনো কাৰণতে হ্রাস নাপায় তাৰ বাবে ঢেঁকীত খুন্দি, কেৰাহীত ভাজি গোবিন হাজৰিকাই শ শ কেজি জৈৱিক চাহ প্রস্তুত কৰি আহিছে প্রতিবছৰে ।

গোবিন হাজৰিকাই প্রস্তুত কৰা চাহ কানাডাত ২০০৭ চনৰ পৰা মধুপুৰ ভিলেজ টী নামেৰে পেকেজিং কৰি বিক্রী হৈ আহিছে ৷ এই চাহ ইজিপ্তলৈকো মাজে–সময়ে আমদানি হৈছে ৷ তদুপৰি হংকং, অষ্ট্রেলিয়া আদি দেশত গোবিন হাজৰিকাই নিজেই উপস্থিত হৈ মীন–মোহন জৈৱিক চাহৰ জনপ্রিয়তা বৃদ্ধি কৰাৰ চেষ্টা চলাই আহিছে ৷ ‘নিয়মীয়া বার্তা’ৰ লগত হোৱা সাক্ষাৎকাৰত ক্ষুদ্র চাহ খেতিয়কগৰাকীয়ে কয়, ‘১৯৯৫ চনত প্রথমে মা–দেউতাৰ সোঁৱৰণত মই এই চাহ বাগানখন আৰম্ভ কৰিছিলোঁ ৷ প্রথম বছৰকেইটাত জৈৱিক চাহ প্রস্তুত কৰিবলৈ আৰম্ভ কৰি মই বহু প্রত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ ৷ পিছলৈ একাধিক অভিজ্ঞ ব্যক্তিৰ সহায়ত জৈৱিক চাহ উৎপাদন কৰিবলৈ সক্ষম হৈছিলোঁ ৷’ ইতিমধ্যে গোবিন হাজৰিকাই প্রস্তুত কৰা চাহ ১০০ শতাংশই জৈৱিক বুলি টোকোলাই চাহ গৱেষণা কেন্দ্র আৰু কলিকতাৰ চাহ গৱেষণা সংস্থাই স্বীকৃতি দিছে ৷ মাক–দেউতাকৰ প্রতি অপৰিসীম শ্রদ্ধা বুকুত সদায় কঢ়িয়াই লৈ ফুৰা গোবিন হাজৰিকাই কয়, ‘মা–দেউতাৰ আশীর্বাদ হ’লে জীৱনত অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি ৷ মধুপুৰৰ দৰে এখন গাঁৱত উৎপাদন কৰা চাহে মা–দেউতাৰ আশীর্বাদতে দেশ–বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷’

গোবিন হাজৰিকাই প্রস্তুত কৰা ব্লেক আৰু গ্রীন টী বহুল সমাদৃত ৷ প্রতিবছৰে ঢেঁকীত খুন্দি, কেৰাহীত ভাজি ৪০০ কেজিৰো অধিক চাহ বিক্রী কৰি আহিছে গোবিন হাজৰিকাই ৷ কেৱল চাহ উৎপাদনতে নহয় , ৰাহি হোৱা ধনেৰে দৰিদ্র ছাত্র–ছাত্রীক সহায় কৰা, বিভিন্ন ৰাজহুৱা অনুষ্ঠানলৈ বৰঙণি আগবঢ়োৱা আদি কাম বদান্যতাৰে কৰি আহিছে গোবিনে ৷ ২০১৭ চনত অঞ্চলটোৰ প্রায় ৩০০টা পৰিয়ালক এসাঁজকৈ আহাৰ যোগান ধৰিছিল গোবিন হাজৰিকাই ৷ গোবিন হাজৰিকাই সন্মুখীন হৈ অহা অভাৱৰ কথা উল্লেখ কৰি কয়, ‘আমাৰ চাহ বাগানখনলৈ দেশ–বিদেশৰ পর্যটক আহে যদিও চাহ বাগানখনত এতিয়াও বিদ্যুৎ সেৱা উপলব্ধ হোৱা নাই ৷ শক্তি বিভাগক আবেদন–নিবেদন কৰি ভাগৰি পৰিছোঁ ৷ বিদ্যুৎ সেৱা লাভ কৰিলে মোৰ কাম কৰাত যথেষ্ট সুবিধা হয় ৷ ইয়াৰ লগতে কলিকতাৰ চাহ আমদানি–ৰপ্তানি কেন্দ্রটো অসমলৈ স্থানান্তৰ কৰিলে সুবিধা হয় ৷’ দেধাৰ সমস্যা–প্রত্যাহ্বানৰ মাজতো গোবিন হাজৰিকাই জৈৱিক চাহক নতুন মাত্রা প্রদান কৰি আগুৱাই যোৱাত ৰাইজে শলাগ লৈছে ৷

You might also like