বাভুমাৰ সাফল্যৰ আঁৰত ব্যৱসায়ী পত্নী লোবি
নিউজ ডেস্ক, ১৬ জুন : ল’ৰ্ডছত অষ্ট্রেলিয়াক হৰুৱাই ২৭ বছৰ পিছত সদ্যসমাপ্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দক্ষিণ আফ্রিকাক আইচিচি ট্রফী উপহাৰ দিলে টেম্বা বাভুমাই৷ ইয়াৰ পিছতো নির্লিপ্ত হৈ আছে বাভুমা৷ কিন্তু নিজৰ আৱেগ ধৰি ৰাখিব পৰা নাই তেওঁৰ পত্নী ফিলা লোবিয়ে৷ কাৰণ স্বামীৰ এই সাফল্যৰ আঁৰত আছে তেওঁ নিজেই৷ চাৰি বছৰীয়া সম্পর্কৰ পিছত ২০১৮ চনত বিবাহপাশত আবদ্ধ হয় বাভুমা আৰু লোবি৷ ২০২৩ চনত তেওঁলোকৰ এটি পুত্র সন্তান জন্ম হয়৷ ৰিয়েল ষ্টেটৰ ব্যৱসায়ী লোবিয়ে বাভুমাক পদে পদে সমর্থন জনাই বিভিন্ন প্রত্যাহ্বান নেওচি এই পর্যায়ত উপনীত কৰাইছে৷