নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ নির্বাচনৰ দিন ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ  অসম সাহিত্য সভাৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক পদৰ বাবে নির্বাচনী প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ আজিৰ পৰা বলৱৎ হৈছে সাহিত্য সভাৰ নির্বাচনী আচৰণবিধি৷ অহা ২০ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ এই তিনিওটা পদৰ বাবে মনোনয়ন–পত্র প্রদান কৰা হ’ব৷  এই কথা সদৰী কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই৷

গুৱাহাটীস্থিত সাহিত্য সভাৰ কার্যালয়ত এখন সংবাদ মেলত ড০ শইকীয়াই প্রকাশ কৰা অনুসৰি যোৱা ২৭ ছেপ্ঢেম্বৰত অসম ৰাজ্যিক নির্বাচন আয়োগৰ প্রাক্তন আয়ুক্ত হৰেন্দ্রনাথ বৰা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুই অধিবক্তা নীলাঞ্জন ডেকা আৰু জিতেন পায়েঙক সদস্য হিচাপে লৈ নির্বাচনী কমিটী গঠন কৰা হৈছে৷ যোৱা ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ খচৰা ভোটাৰ তালিকা সন্দর্ভত ওজৰ আপত্তি গ্রহণ কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয়– ‘১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব৷ ২০ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ যোৰহাটস্থিত কেন্দ্রীয় কার্যালয়ৰ পৰা মনোনয়ন প্র–পত্র প্রার্থীসকলে সংগ্রহ কৰিব পাৰিব৷ প্রতিখন মনোনয়ন প্র–পত্রৰ বাবদ ১,০০০ টকাৰ চেক জমা দিব লাগিব৷ ইয়াৰ পাছত ২৬ আৰু ২৭ অক্টোবৰত গুৱাহাটীস্থিত সভাৰ প্রশাসনীয় কার্যালয়ত দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈ নির্বাচনী বিষয়াৰ হাতত মনোনয়ন প্র–পত্র জমা দিব পাৰিব৷ প্রত্যেক মনোনয়ন–পত্র সভাৰ এজন স্থায়ী সদস্যই প্রস্তাৱক ৰূপে প্রস্তাৱ কৰিব লাগিব আৰু নূ্যনতম ২৫জন স্থায়ী সদস্যই সমর্থক হিচাপে সমর্থন কৰিব লাগিব৷ প্রস্তাৱক আৰু সমর্থক সভ্যসকলে তেওঁলোকৰ সভ্যপদৰ ক্রমিক নং উল্লেখসহ প্রতিলিপি মনোনয়ন–পত্রত সংলগ্ণ কৰিব লাগিব৷’ ইপিনে ২৮ অক্টোবৰত দিনৰ ১১ বজাৰ পৰা ৫ বজাৰ ভিতৰত মনোনয়ন প্র–পত্র প্রার্থীয়ে প্রত্যাহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মনোনয়ন প্র–পত্র প্রত্যাহাৰৰ বাবে নূ্যনতম ১০জন সমর্থকৰ স্বাক্ষৰসহ মুখ্য নির্বাচনী বিষয়াক লিখিতভাৱে জনাব লাগিব৷ ২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ জিলা আৰু শাখা পর্যায়ত ভোটদানৰ বাবে বেলট কাকত সংগ্রহ কৰিব লাগিব৷ এই বেলট কাকতসমূহ আঞ্চলিক কার্যালয়ৰ সম্পাদকসকলে গুৱাহাটী প্রশাসনীয় কার্যালয়ৰ পৰা সংগ্রহ কৰি তিনি দিনৰ ভিতৰত জিলা আৰু শাখাসমূহত বিতৰণ কৰিব লাগিব৷

এই ভোটদান প্রক্রিয়া সংবিধানৰ নির্বাচন সম্পর্কীয় নিয়ম, ২০১৮ৰ ৪নং দফা অনুসৰি সম্পন্ন কৰিব লাগিব৷ সেই অনুসৰি প্রতি জিলা আৰু শাখাই ভোটদানৰ বাবে এখন সভা আহ্বান কৰিব৷ নৱেম্বৰৰ দ্বিতীয় দেওবাৰৰ ভিতৰত এনে সভা অনুষ্ঠিত কৰিব লাগিব৷ সভাত শাখাৰ–জিলাৰ কার্যানির্বাহকৰ নূ্যনতম ৫০ শতাংশ আৰু আজীৱন সভ্যৰ ৩০ শতাংশ সদস্য উপস্থিত থাকিব লাগিব৷ সভাত গণতান্ত্রিক পদ্ধতিৰে প্রতিটো পদৰ বিপৰীতে প্রথম, দ্বিতীয় আৰু তৃতীয় প্রার্থী নির্বাচিত কৰিব লাগিব৷ সভাৰ বেলট কাকত লেফাফাত ভৰাই সম্পূর্ণৰূপে বন্ধ কৰি ওপৰত প্রতিটো জোৰা ব্রাউন চেলোটেপেৰে ছীল কৰাৰ লগতে লাৰ মোহৰো ওপৰঞ্চি হিচাপে লগাব পাৰিব৷ এই বেলট কাকত থকা লেফাফাটো আন এটা ডাঠ লেফাফাত ভৰাই তাৰ লগত মুখ্য নির্বাচনী বিষয়ালৈ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰ আৰু মোহৰযুক্ত পত্র প্রেৰণ কৰিব লাগিব৷ ১৩ নৱেম্বৰ ভোটদানৰ অন্তিম তাৰিখ নির্ধাৰণ কৰা হৈছে৷ এই নির্বাচনৰ বাবে গুৱাহাটীৰ প্রধান ডাকঘৰ মেঘদূত ভৱনত ভোটবাকচ সংস্থাপিত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ৫ ডিচেম্বৰৰ পুৱা ১০ বজাত নির্বাচনী বিষয়াৰ উপস্থিতিত ভোটবাকচ বন্ধ কৰা হ’ব৷ সেয়েহে অহা ৪ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ বেলট কাকতসমূহ ডাকযোগে প্রেৰণ কৰিব লাগিব৷ ৪ ডিচেম্বৰৰ দিনাই পাণবজাৰ থানাৰ আৰক্ষীৰ নিৰাপত্তাত ভোটবাকচ ৰখা হ’ব৷ আৰু সেই দিনাৰ পৰা আৰক্ষীৰ জিম্মাত ভোটবাকচ ৰখা হ’ব৷ উল্লেখ্য যে অহা ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত হ’বলগীয়া সপ্তম কার্যানির্বাহক সভাত এই ভোটবাকচসমূহ খোলাৰ লগতে ভোটগণনা কৰা হ’ব৷ ভোটগণনাৰ অন্তত নির্বাচনী সমিতিয়ে ফলাফল ঘোষণা কৰিব৷

অৱশ্যে নলবাৰীত অনুষ্ঠিত হ’বলগীয়া কার্যনির্বাহকৰ দিন–বাৰ এতিয়াও নির্ধাৰণ কৰা নাই বুলি উল্লেখ কৰি ড০ শইকীয়াই কয়– ‘নির্বাচনী বাধ্য–বাধ্যকতা আজিৰ পৰাই বলৱৎ হ’ব৷ নির্বাচনৰ প্রচাৰ কার্য হ’ব নালাগে৷ আমি আঞ্চলিক কমিটীসমূহত পর্যবেক্ষক নিযুক্তি দিয়াৰো চিন্তা–চর্চা কৰিছোঁ৷ এইবাৰ খচৰা তালিকাত ৭৯১খন শাখা কমিটীৰ নাম অন্তর্ভুক্ত হৈছে৷ আমি এখন তিনিজনীয়া কমিটী গঠন কৰি দিছিলোঁ৷ এই কমিটীখনে বিভিন্ন দিশ পর্যালোচনা কৰি দাখিল কৰা প্রতিবেদনৰ ভিত্তিত কমিটীৰ নাম খচৰা তালিকাত অন্তর্ভুক্ত কৰা হৈছে৷’ ইফালে বৰাক উপত্যকাৰ কাছাৰ জিলাত থকা পাঁচখন শাখা সাহিত্য সভাৰ ভিতৰত চাৰিখনেই নিষ্ক্রিয় হৈছে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনত সাহিত্য সভাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰা হৈছে৷ চৰ আৰু চাহ বাগিচা অঞ্চলটো নতুন শাখাত গঠনত গুৰুত্ব দিয়া হৈছে৷ বৰাক উপত্যকাত অহা ৩০ অক্টোবৰত এটা বিশেষ কার্যসূচীৰ আয়োজন কৰা হৈছে, য’ত স্থানীয় বিভিন্ন জাতি–জনগোষ্ঠীয়ে তেওঁলোকৰ কলা–কৃষ্টি প্রদর্শন কৰাৰ সুযোগ লাভ কৰিব৷ বিদেশৰ ভিতৰত উত্তৰ আমেৰিকা, ইংলেণ্ডৰ উপৰি দেশৰ দিল্লী–মুম্বাই–কলকাত্ আদিৰ শাখাসমূহ খুব ভালদৰে চলি আছে৷ নতুন প্রজন্মৰ প্রতিনিধি–নতুন ধাৰণা থকা ব্যক্তিসকলক শাখা তথা জিলা পর্যায়ত অগ্রাধিকাৰ দিব লাগে৷ আনহাতে সাহিত্য সভাৰ কর্মচাৰীসকলে নিয়মীয়াভাৱে দৰমহা লাভ নকৰা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– ‘সাহিত্য সভাৰ প্রায় ৪২জনমান কর্মচাৰী আছে৷ তেওঁলোকক দৰমহা দিবলৈ বছৰি প্রায় ১.২০ কোটি টকাৰ প্রয়োজন হয়৷ চৰকাৰে ৪০ লাখ টকা আমাক অনুদান হিচাপে আগবঢ়াইছিল৷ আমি সেই ধনেৰে চাৰি মাহৰ দৰমহা দিছোঁ৷ পৰিপূৰক বাজেট প্রদানৰ বাবে আমি চৰকাৰলৈ পত্র প্রেৰণ কৰি প্রেক্ষাগৃহ ভাৰাৰে আমি কিছু পইচা লাভ কৰি আহিছিলোঁ যদিও ক’ভিডৰ বাবে সেয়া বন্ধ হৈ পৰিল৷ ক’ভিডৰ বাবে বিত্তীয় কাম–কাজসমূহ বন্ধ হৈ পৰিছে৷ চৰকাৰৰ অনুদান পালেই দৰমহা প্রদান কৰিব পাৰিম৷’ একে সময়তে লভিতা নামৰ নাটকক লৈ সৃষ্টি হোৱা বিতর্ক সন্দর্ভত তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ সৃষ্টি সদায় ৰূপকোঁৱৰৰ সৃষ্টি হিচাপেই থকাটো অসমবাসীয়ে বিচাৰে৷ তেওঁৰ সৃষ্টিৰ একক বৈশিষ্ট্য আছে৷ কোনো কাৰণতে ইয়াত বিকৃতকৰণ গ্রহণযোগ্য নহয়৷ পুৰোধা ব্যক্তিসকলৰ সৃষ্টি বিকৃতকৰণ হোৱাটো অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে৷ আজিৰ সংবাদ মেলত নির্বাচন পৰিচালনা সমিতিৰ হৈ হৰেন্দ্র নাথ বৰা উপস্থিত থাকে৷ তদুপৰি গুৱাহাটীৰ প্রশাসনিক কার্যালয়ৰ মনজিৎ সিঙো এই সংবাদ মেলখনত উপস্থিত থাকে৷

You might also like