কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা মহিলা সমিতি গঠন
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মহিলা।সংগঠন কোচ ৰাজবংশী মহিলা সন্মিলনীৰ নগাঁও জিলা সমিতিখন আজি গঠন কৰা হয়।নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি পৰাগধৰ বৰুৱাৰ সভাপতিত্বত নগাঁও চিলাৰায় ভৱনত অনুষ্ঠিত সভাত সন্মিলনীৰ মহিলা সন্মিলনী সম্পাদিকা জয়া দাসে অংশগ্ৰহণ কৰি কোচ ৰাজবংশী সকলৰ জনজাতীয় কৰণ কৰাকে ধৰি বিভিন্ন সমস্যা সমূহৰ বিষয়ে উল্লেখ কৰে। সভাত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰভাত বৰাকে ধৰি বহু কেইজন বিষয় ববীয়াই অংশগ্ৰহণ কৰে। সভাতে বিজু দাসক সভানেত্ৰী,মণি লস্কৰক কাৰ্যকৰী সভানেত্ৰী আৰু সবিতা ৰানী ডেকাক সম্পাদিকা হিচাপে লৈ কোচ ৰাজবংশী সন্মিলনীৰ নগাঁও জিলা মহিলা সমিতিৰ ২১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয়।