নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ শনিবাৰে বিয়লিৰ ফালে ধুবুৰী আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেৱলেট আৰু কফচিৰাপ উদ্ধাৰ হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত কালি বিয়লিৰ ফালে ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ এটা দলে চহৰখনৰ ১০ নং ৱাৰ্ডৰ ‘‘এ ইউ লেন’ অঞ্চলৰ এঘৰত অতৰ্কিতে অভিযান চলাইছিল। উক্ত অভিযানত ১১০ বটল নিচাযুক্ত কফচিৰাপ আৰু ৮৫০ৰো অধিক নিচাযুক্ত টেৱলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইপিনে আৰক্ষীৰ অভিযানৰ উমান পাই আছিফ নামৰ এগৰাকী ড্ৰাগচ সৰবৰাহকাৰী এজন পলায়ন কৰে যদিও এগৰাকী মহিলাকে ধৰি ব্যক্তি এগৰাকীক কৰায়ত্ব কৰি আৰক্ষীয়ে শোধপোচ চলাই থকা বুলি প্ৰকাশ। জব্দ কৰা নিচাযুক্ত ঔষধসমূহ পশ্চিমবংগৰ পৰা অনা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like