নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ বজাৰত জ্বলিছে জুইঃ ৩ দিনতে পিঁয়াজৰ দাম বাঢ়িল ১৫ টকা, বাঢ়িছে চাউল-মগু দাইলৰ দামো

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ক্রমবর্ধমান দাম বৃদ্ধিৰ যেন ৰাজ্যৰ বজাৰত জুইহে জ্বলিছে৷ খাদ্যবস্তুকে ধৰি নিত্য ব্যৱহার্য সামগ্রীৰ পৰা জীৱনদায়িনী ঔষধলৈ, গাখীৰ–শিশু খাদ্যৰ পৰা ফলমূললৈ, ইন্ধনৰ পৰা নির্মাণ সামগ্রীলৈ ঊর্ধ্বমুখী দৰে কার্যতঃ বিপর্যস্ত কৰিছে সর্বসাধাৰণ জনতাক৷ ইয়াৰ মাজতে হঠাতে ৰাজ্যৰ বজাৰত আলু–পিঁয়াজ মহার্ঘ্য হোৱাৰ দিশে গতি কৰিছে৷ মাত্র তিনি–চাৰিটা দিনৰ ভিতৰতে আকাশলংঘী হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্রী দুবিধৰ দাম৷ আনকি অভাৱনীয়ভাৱে পিঁয়াজৰ দাম প্রতি কিলোগ্রামত ১৫ টকা আৰু আলুৰ দাম প্রতিকিলোগ্রামত ১০ টকা পর্যন্ত বাঢ়িছে৷

গুৱাহাটী মহানগৰীৰ খুচুৰা বজাৰৰ তথ্য অনুসৰি তিনি–চাৰি দিন আগলৈকে প্রতিকিলোগ্রাম নাছিকৰ পিঁয়াজৰ দাম আছিল ২৫ টকা৷ পিছে আজি পুৱাৰ ভাগত খুচুৰা বজাৰ খোলাৰ সময়ত নাছিকৰ পিঁয়াজৰ বিক্রী দৰ হয়গৈ ৩০ৰ পৰা ৩৫ টকা৷ সেইদৰে বাংগালুৰুৰ পিঁয়াজ পূর্বে প্রতিকিলোগ্রামত ৩৫ টকাত বিক্রী হৈছিল যদিও এতিয়া দাম বৃদ্ধি হৈছে ৪৫ৰ পৰা ৫০ টকা পর্যন্ত৷ সেইদৰে বেংগলৰ আলু প্রতিকিলোগ্রামত ২০ৰ পৰা ২৫ টকাত উপলব্ধ আছিল৷ কিন্তু আজিৰ দিনটোত বেংগলৰ আলু বিক্রী হৈছে ২৮ৰ পৰা ৩০ টকাত৷ সেইদৰে আগ্রাৰ আলু ২৫ৰ পৰা ৩০ টকাত গ্রাহকে ক্রয় কৰিব পাৰিছিল যদিও এতিয়া সেই দাম ৩৫ৰ পৰা ৪০ টকা পর্যন্ত বৃদ্ধি হৈছে৷ খুচুৰা বজাৰৰ সমান্তৰালভাৱে পাইকাৰী বজাৰতো বাঢ়িছে দুয়োবিধ সামগ্রীৰ দাম৷

বর্তমান খুচুৰা ব্যৱসায়ীসকলে প্রতি কুইণ্টল পিঁয়াজ ৩,৬০০ টকাত আৰু আলু ২,৭০০ টকাত পাইকাৰী ব্যৱসায়ীৰ পৰা ক্রয় কৰিবলগীয়া হৈছে৷ এনেদৰে হঠাতে পিঁয়াজ আৰু আলুৰ মূল্য আকাশলংঘী হাৰত বঢ়াটো বান–খহনীয়া–খৰাংস্ প্রাকৃতিক দুর্যোগত পীড়িত অসমবাসীৰ মূৰত কার্যতঃ আন এক ৰাম–টাঙোন৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে পিঁয়াজ–আলুৰ পূর্বে ৰাজ্যৰ বজাৰত আকস্মিকভাৱে বৃদ্ধি পাইছিল চাউলৰ দৰ৷ স্থানীয়ভাৱে উৎপাদিত হোৱা আৰু বহিঃৰাজ্যৰ পৰা আমদানি কৰা বিভিন্ন প্রকাৰৰ চাউলৰ দাম বৃদ্ধি পাইছিল প্রতিকিলোগ্রামত ১৫ৰ পৰা ২০ টকা পর্যন্ত৷ কিছুদিন পূর্বলৈকে ২৭ টকাত বিক্রী হোৱা স্থানীয়ভাৱে উৎপাদিত চাউলৰ এতিয়া দৰ ৩২ টকা৷ আৰহাম ব্রেণ্ডৰ চাউলৰ বিক্রী দামো ৪২ টকাৰ পৰা ৪৬ টকালৈ বৃদ্ধি পাইছে৷

সেইদৰে ডিবিটি চাউলৰ দাম ৪২ টকাৰ পৰা ৫০ টকালৈ, সোণাশক্তি চাউলৰ দাম ৪৮ টকাৰ পৰা ৬২ টকালৈ আৰু বাছমতি চাউলৰ দাম ১১১ টকাৰ পৰা বাঢ়িছে ১১৮ টকালৈ৷ কোৱা বাহুল্য যে অসমৰ জনসাধাৰণৰ মূল আহাৰ ভাত৷ তেনেস্থলত চাউলৰ আকস্মিক দাম বৃদ্ধিত ধোঁৱাকোৱা দেখা ৰাজ্যবাসীয়ে এইবাৰ পিঁয়াজ–আলুক লৈ আন এক বোজা ব’বলগীয়া হ’ল৷ তদুপৰি শেহতীয়াকৈ মগু দাইলৰ দামো বৃদ্ধি পাইছে৷ কেইটামান দিন আগলৈকে খুচুৰা বজাৰত প্রতিকিলোগ্রাম মগু দাইল ৯৫ৰ পৰা ১০০ টকাত উপলব্ধ আছিল যদিও সম্প্রতি সেই দাম বাঢ়ি হৈছেগৈ ১১০ টকা পর্যন্ত৷ ৰাজ্যৰ পাচলি বজাৰখনলৈও বর্তমান পর্যন্ত স্থিতাৱস্থা ঘূৰি অহা নাই৷

বিশেষকৈ গুৱাহাটী মহানগৰকে ধৰি চহৰাঞ্চলৰ বজাৰত পাচলি এতিয়াও আকাশলংঘী দামতেই বিক্রী হৈ আছে৷ ইয়াৰ বিপৰীতে কিন্তু মূৰৰ ঘাম মাটিত পেলাই কৃষিকর্মত নিয়োজিত কৃষক–জনতাই উৎপাদিত ফচলৰ বিপৰীতে লাভ কৰা নাই সমুচিত মূল্য৷ বৰপেটা, খাৰুপেটীয়াকে ধৰি নামনি অসমৰ পাচলি উৎপাদন হোৱা স্থানসমূহত কৃষকে নূ্যনতম দামতেই উৎপাদিত ফচল বিক্রী কৰিছে যদিও গুৱাহাটী তথা চহৰাঞ্চলত তেনে পাচলিবোৰ বিক্রী হৈছে অভাৱনীয় দৰত৷ উদাহৰণস্বৰূপে আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত প্রতি কিলোগ্রাম কেঁচা মটৰৰ দাম আছিল ২০০ টকা৷ সেইদৰে ফুলকবি ৫০ৰ পৰা ৬০ টকা, বন্ধাকবি ৩০ৰ পৰা ৪০ টকা, কেপচিকাম ১২০ টকা, বিলাহী ৫০ৰ পৰা ৬০ টকা, জিকা ৫০ৰ পৰা ৬০ টকা, ওলকবি ৪০–৫০ টকা, গাজৰ ১২০ টকা, বেঙেনা ৫০ৰ পৰা ৬০ টকা, লেছেৰা ৫০ৰ পৰা ৬০ টকা, জলকীয়া ২০০ টকা আৰু ভেণ্ডী ৫০ টকাত বিক্রী হৈ আছে৷ দাম বৃদ্ধিৰ এই বিষয়টো সংবাদ মাধ্যমত নিতৌ শিৰোনাম দখল কৰিছে যদিও আজি পর্যন্ত কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগে বজাৰ নিয়ন্ত্রণ কৰাৰ কোনোধৰণৰ কার্যকৰী পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ একমাত্র ঘোষণাতেই সীমাবদ্ধ থাকিল যোগান বিভাগকে ধৰি সংশ্লিষ্ট কর্তৃপক্ষৰ ঘোষণাসমূহ৷ এনে প্রেক্ষাপটত ক’ভিড মহামাৰীত পিষ্ট আৰু প্রাকৃতিক দুর্যোগত দিশহাৰা ৰাজ্যবাসীক খাদ্যবস্তু তথা নিত্য ব্যৱহার্য সামগ্রীৰ ক্রমবর্ধমান দাম বৃদ্ধিয়ে অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিছে৷

You might also like