ৰং–ৰহইচ নাথাকিলেও, কঙালী হ’লেও কাতি বিহু অসমৰ ৰাইজৰ অতি আদৰৰ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে কাতি বিহু নিজা নিজা পৰম্পৰাৰে পালন কৰে৷ কিন্তু সকলো জনগোষ্ঠীয়েই সেই দিনা তুলসী পুলি ৰোৱে আৰু পথাৰত, ভঁৰালত, তুলসীৰ তলত, বাগিচাত চাকি–বন্তি দিয়ে৷ অবিভক্ত গোৱালপাৰা জিলাত কাতি বিহুৰ নাম কাতিগাছা৷ গাছা মানে চাকি৷ কাতি বিহুৰ দিনা সন্ধিয়া পৰত পথাৰত কৃষকসকলে ঔৰ খলপত চাকি জ্বলায়৷ বাঁহৰ জেকনি অথবা মৰাপাটৰ ঠাৰিৰে অস্থায়ী গছা সাজি কৃষকসকলে পথাৰত বন্তি জ্বলাই লখিমী আইক আদৰে৷ পিছে পথাৰত জ্বলোৱা এই চাকিগছিৰ আধ্যাত্মিক তাৎপর্যৰ লগতে বিজ্ঞানসন্মত এক কাৰণো আছে৷ সেয়া হ’ল আহিন–কাতি মাহত ধানৰ থোক পৰে৷ এই কুমলীয়া গাখীৰতী ধান খাবলৈ জাকে জাকে পোক–পৰুৱা আহে৷ এনে পোক–পৰুৱাবোৰক নিয়ন্ত্রণ কৰিবলৈ কৃষকে পথাৰত চাকি দিয়ে৷ চাকিৰ জুইত পতংগবোৰ জাহ যায়৷ ভঁৰাল, বাগিচাৰ মাজত চাকি জ্বলোৱাৰো তাৎপর্য এইটোৱেই৷ আকাশ বন্তি জ্বলোৱাৰ অন্তৰালতো দৰাচলতে পতংগ নিয়ন্ত্রণৰ উদ্দেশ্য লুকাই থাকে৷ কিছুমান ওখ উদ্যান শস্য, যেনে– তামোল, নাৰিকল আদিৰ থোকত পতংগই আক্রমণ কৰে৷ ইমান ওপৰত লগা ফলৰ কলি পতংগৰ আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ আকাশ বন্তি জ্বলাই পতংগ নিয়ন্ত্রণ কৰিব পাৰি৷ আকাশ বন্তিৰ জুইত পৰি এই পতংগ জাহ যায়৷ কীটনাশক দৰব নোলোৱা সময়ত পুৰণি কালৰ কৃষকসকলে এনেদৰে চাকি বা জুই জ্বলায়েই পোক–পৰুৱাৰ আক্রমণৰ পৰা শস্য ৰক্ষা কৰিছিল আৰু কালক্রমত ই এক পৰম্পৰাত পৰিণত হৈছিল৷ লোক–বিজ্ঞান লোক–কৃষ্টিত পৰিণত হৈছিল৷ দৰাচলতে কাতি বিহু এক ব্যৱহাৰিক লোক–বিজ্ঞান, যাৰ সৈতে কৃষিকার্য জড়িত থকাৰ লগতে পৰিৱেশ আৰু স্বচ্ছতাৰ প্রসংগও সাঙোৰ খাই আছে৷ কাতি বিহুৰ এক প্রধান কার্যসূচী হৈছে তুলসী ৰোপণ৷ তুলসীৰ পৰা নিসৰিত বিশুদ্ধ আৰু বিশেষ গুণসম্পন্ন অম্লজানে বায়ু প্রদূষণ নিয়ন্ত্রণ কৰে৷ তুলসী বিভিন্ন প্রকাৰৰ৷ আমি সাধাৰণতে কৃষ্ণ আৰু শ্বেত তুলসী ৰোওঁ৷ মাংগলিক কাম–কাজত সাধাৰণতে এই দুবিধ তুলসীয়েই ব্যৱহাৰ হয়৷ কিন্তু তুলসীৰ একুৰিৰো অধিক প্রজাতি আছে৷ যেনে– ৰাম তুলসী, ভূঁই তুলসী,বন তুলসী, মিঠা তুলসী ইত্যাদি৷ প্রতিবিধ তুলসীয়েই ঔষধি গুণসম্পন্ন৷ কাতি বিহুত সাধাৰণতে কৃষ্ণ আৰু শ্বেত তুলসী ৰোপণ কৰা হয়৷ এই দুবিধ তুলসীৰ গোন্ধ স্নিগ্ধ৷ ৰাম তুলসী, বন তুলসীৰ গোন্ধ উগ্র৷ কিন্তু প্রতিবিধ তুলসীয়েই বতাহ স্বচ্ছ কৰিব পাৰে৷ তুলসী হৈছে বায়ুৰ প্রাকৃতিক পৰিশোধক৷ সেই বাবে তাজমহল কর্তৃপক্ষই এই ঐতিহাসিক স্মৃতি সৌধটো প্রদূষণৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ ইয়াৰ চৌপাশে বছৰি এশজোপাকৈ তুলসী ৰোপণ কৰে৷ উল্লেখ্য যে প্রদূষিত বায়ুৰ প্রভাৱত বায়ুমণ্ডলত এচিডযুক্ত মেঘ সৃষ্টি হয়৷ তাৰ ফলত এচিড বৰষুণ হয়৷ এনে এচিড বৰষুণে তাজমহলৰ বেৰ, ছাল আদিৰ ইতিমধ্যে ক্ষতি কৰিছে৷ তাজমহলৰ কাষেৰে বৈ যোৱা যমুনা নদীৰ পানী নর্দমাৰ পানীৰ দৰেই লেতেৰা৷ একেদৰে ইয়াৰ বায়ুমণ্ডলো বেয়াকৈ প্রদূষিত হৈ পৰিছে৷ এনে প্রদূষণ প্রশমনৰ উপায় হিচাপে তুলসী ৰোপণ কৰা হৈছে৷ আমাৰ পূর্বপুৰুষসকলে গঢ়ি থৈ যোৱা কাতি বিহুত তুলসী ৰোৱাৰ পৰম্পৰা কিমান বিজ্ঞানসন্মত আৰু স্বচ্ছতা তথা পৰিৱেশ সুৰক্ষাৰ দিশৰ পৰা গুৰুত্বপূর্ণ, সেই কথা ইয়াৰ পৰাই উপলব্ধি কৰিব পাৰি৷
চোতালত থকা তুলসীয়ে পৰিয়াল এটাৰ চৌপাশৰ বায়ুমণ্ডল পৰিশুদ্ধ আৰু নিকা কৰি ৰাখে৷ তুলসীৰ ঔষধি গুণ সম্পর্কে আমি সকলোৱে অৱগত৷ তুলসী কেনে মহৌষধ সেয়া মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তুলসী আতৈৰ এক কাহিনীৰ পৰাও জানিব পৰা যায়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্যৰ এবাৰ কুষ্ঠ ৰোগ হৈছিল৷ তেওঁ এই ৰোগৰ প্রতিকাৰ বিচাৰি শংকৰদেৱৰ কাষ চাপে৷ গুৰুজনাই তেওঁক পৰামর্শ দিয়ে তুলসী ৰুই তুলসীৰ পৰিৱেশত বাস কৰিবলৈ, তুলসীৰ পাত ছিঙিবলৈ আৰু তুলসীৰ ঘ্রাণ ল’বলৈ৷ ভকতজনে গুৰুৰ পৰামর্শ মানি সেইমতে তুলসীৰ বাগিচা পাতি তাৰ কাষৰ জুপুৰিত বাস কৰিবলৈ লয় আৰু তেনেদৰে কেইমাহমান থকাৰ পাছত তেওঁ আৰোগ্য লাভ কৰে৷ তেতিয়াৰ পৰা তেওঁ তুলসী আতৈ নামেৰে প্রখ্যাত হৈ পৰে৷ তুলসীৰ পৰা বিভিন্ন ৰোগৰ দৰব বর্তমানো উৎপাদন কৰা হয়৷ হিমালয়ৰ পাদদেশত বৃক্ষ তুলসীৰ গছো আছে৷ এনে বৃক্ষ তুলসীৰ খুঁটা বৰপেটা সত্র নির্মাণ কৰোঁতে ব্যৱহাৰ কৰা হৈছিল৷ হিমালয়ৰ পাদদেশত হেনো কিছুমান পাহাৰ কেৱল তুলসীজাতীয় বনেৰে ভৰা আৰু এনে পাহাৰৰ মাজেৰে বৈ অহা জান–জুৰিবোৰে গংগা নৈত পৰিছিল বাবেই গংগাৰ পানী অতি পৱিত্র ৰূপত পোৱা গৈছিল৷ বর্তমানো গংগোত্রী অঞ্চলত এনে বিশুদ্ধ পানী পোৱা যায়৷ কিন্তু ক্রমে ঔদ্যোগিক অঞ্চলত প্রৱেশ কৰাৰ লগে লগে গংগাৰ পানীও প্রদূষিত হৈ পৰে৷
কাতি বিহুত আইসকলে তুলসীৰ তল লেপি–মচি পৰিষ্কাৰ কৰি ধূপ–ধূনা জ্বলাই, নৈবেদ্য আগবঢ়াই নাম–কীর্তন কৰে৷ তুলসী পৱিত্রতাৰ প্রতীক হিচাপে গণ্য কৰা হয়৷ তুলসী লখিমীৰো প্রতীক৷ কাতি বিহুত অসমৰ ৰাইজে তুলসী ৰোপণ কৰি, তুলসীৰ তলত চাকি দি, নাম–গুণ গাই পৰম আনন্দ অনুভৱ কৰে৷