নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ স্পষ্ট চৰকাৰী নিৰ্দেশনা উলংঘা কৰি ধুবুৰীৰ বৰ লুইতত পেটত কণী থকা আৰু পোৱালী ইলিচ মাছৰ অৱাধ নিধন আৰম্ভ হোৱা দেখা গৈছে। উল্লেখ্য যে, বৰ লুইতত ইলিচ মাছ পোৱা নাযায় যদিও বছৰৰ মাৰ্চ আৰু অক্টোবৰ মাহত ১০/১২ দিনৰ বাবে নৈখনত ইলিচৰ উজান উঠে। ঠিক অনুৰূপে, বিগত বছৰৰ লেখীয়াকৈ এইবেলিও বিগত কিছুদিনৰ পৰাই ধুবুৰীৰ বৰ লুইতত মাছমৰীয়াৰ জালত পৰিবলৈ লৈছে বৃহৎ সংখ্যক ইলিচ। আনকি বৰ্তমানে সুদূৰ গুৱাহাটীকে ধৰি চুবুৰীয়া পশ্চিমবংগলৈও ধুবুৰীৰ পৰা ইলিচ মাছ ৰপ্তানী হ’বলৈ লোৱা বুলিও জানিব পৰা গৈছে। পিছে মৎস বিশেষজ্ঞ একাংশৰ মতে, হেৰিং প্ৰজাতিৰ এই বিধ সাগৰীয় মাছে কণী দিবলৈ মাৰ্চ আৰু অক্টোবৰ মাহত জাকে জাকে আহি মোহনাৰে বৰ লুইতত প্ৰৱেশ কৰে আৰু কণী দিয়াৰ পৰা পোৱালী জন্ম দিয়াৰ সেই চক্ৰৰ সময়খিনিত নৈখনত পোৱা যায় এইবিধ মাছ। ল’গতে ৰসনাৰ বাবে কণী দিবলৈ বৰ লুইতলৈ অহা মাছবিধৰ চলি থকা অৱাধ নিধনৰ ফল জীৱন চক্ৰত সৃষ্টি হোৱা জটিলতাৰ বাবে আগত সময়ত এই বিধ প্ৰজাতিৰ ইলিচৰ বিলুপ্তি ঘটাৰ আশংকা প্ৰকাশ কৰি অহাও পোৱা গৈছে তেওঁলোকে। অৱশ্যে ইলিচৰ এই প্ৰজাতি বিধৰ বিলুপ্তি ৰোধ কৰাৰ স্বাৰ্থত ৰাজ্যিক মীন সঞ্চালকালয়ে ধুবুৰীৰ উপৰিও গোৱালপাৰা, বঙাইগাওঁ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তক প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ। ২০১৭ চনৰ ১২ অক্টোবৰৰ এএফ(এছ) ১৫২/২০১৬-১৭/৮৯৯৯-৯০০৪ মেমো নম্বৰৰ সেই পত্ৰথনত এপ্ৰিলৰ পৰা জুন আৰু অক্টোবৰ পৰা জানুৱাৰী মাহলৈ মাছবিধ ধৰা বন্ধ কৰাৰ সময় সমাগত হৈ পৰা বুলি স্পষ্টভাৱে উল্লেখ কৰিছিল সঞ্চালকালয়ে। সেই পত্ৰ লাভ কৰি ২০১৭ চনৰ ৩১ অক্টোবৰৰ দিনা ধুবুৰী জিলা প্ৰশাসনে জিলাখনৰ মীন উন্নয়ন বিষয়াক প্ৰেৰণ কৰিছিল এখন পত্ৰ। ডিআৰএফ/৪৩/২০১৪/৩১১ মেমো নম্বৰৰ সেই পত্ৰখনত ইলিচৰ উৎপাদন বৃদ্ধিৰ স্বাৰ্থত ২৩ চেন্টিমিটাৰৰ তলৰ দৈৰ্ঘ্যৰ ইলিচ মাছ ধৰা আৰু অধিক হাৰত ইলিচ মাছ মৰাৰ ৰোধ কৰাৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু প্ৰতি বছৰে চৰকাৰী সেই নিষেধাজ্ঞা অমান্য কৰি ধুবুৰীৰ বজাৰত মুকলিকৈয়ে ৩০ ছেন্টিমিটাৰৰ তলৰ ইলিচ বিক্ৰী কৰা হৈ আছে যদিও আজিলৈ বিষয়টোলৈ জিলা প্ৰশাসন আৰু মীন বিভাগৰ স্থানীয় বিষয়া–কৰ্মচাৰীসকলে কোনো ধৰণৰ পদক্ষেপ লোৱা যোৱা দেখা নাই আৰু তাৰেই প্ৰেক্ষাপটত কেৱল দুখন চৰকাৰী পত্ৰতেই ইলিচৰ বিলুপ্তি ৰোধ কৰাৰ প্ৰচেষ্টাৰ সমাপ্তি ঘটা বুলিও ক্ষোভ প্ৰকাশ কৰা পোৱা গৈছে সচেতন মহল একাংশই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী