নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীৰ আকাশ উজলাবলৈ সাজু বাঁহজানীৰ বাখৰু শিল্পী

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ আলোকৰ উৎসৱ দীপাৱলী সমাগত। আগন্তুক ২৫ অক্টোবৰত দেশবাসী ব্যাপক উৎসাহেৰে দীপাৱলী আৰু শ্যামা পূজা উদযাপন কৰিব। এই উৎসৱক ৰঙীন কৰি তুলিবলৈ নানা ফটকা, ফুলজাৰি তৈয়াৰ কৰি নলবাৰীৰ নিজ বাঁহজানীৰ বাখৰু শিল্পীসকলে তৎপৰ হৈ পৰিছে। মূল্যবৃদ্ধি জুৰুলা কৰা পৰিৱেশতো বংশানুক্ৰমে চলি অহা এই সাতমপুৰুষীয়া আতচবাজী শিল্প বিধক আজিও ধৰি ৰাখিছে নিজ বাঁহজানীৰ শিল্পী সকলে।এই শিল্পীৰ সৈতে জড়িত লোক সকলে কঠোৰ কঠিন পৰিশ্ৰমেৰে যন্ত্ৰৰ সলনি হাতেৰেই ফটকা,ফুলজাৰি আদি তৈয়াৰ কৰি বিৰাট প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে।উল্লেখ্য যে নিজবাঁহজানীৰ হস্তনিৰ্মিত আতচবাজী শিল্পই আজিৰ দিনতো কলকাতা,শিৱকাশীৰ দৰে ব্যয়বহুল আতচবাজী উদ্যোগৰ ৰূপ লোৱা নাই যদিও কঠোৰ সাধনা আৰু পৰিশ্ৰমকেই সম্বল কৰি উল্লিখিত বৃহৎ উদ্যোগত তৈয়াৰ কৰা ফটকা,ফুলজাৰি আদিৰ লগত সমানে আগবাঢ়িবলৈ সক্ষম হৈছে।ইফালে এই পুৰাতন শিল্প বিধে ৰাজ্যৰ থলুৱা উদ্যোগিক বৈশিষ্ঠক জীপাল কৰাৰ লগতে বহু পৰিয়ালে জীৱন নিৰ্বাহ কৰি আছে। নিজবাঁহজানীৰ বাখৰু শিল্পৰ ইতিহাস লিখিত ভাৱে নাই যদিও এই শিল্পৰ সৈতে জড়িত এচাম লোকৰ লগতে সচেতন গঞাৰ স্মৃতিয়ে ঢুকি পোৱা মতে প্ৰায় ১৯ শতিকাতে নিজবাঁহজানী গাঁৱৰ জগৰু তালুকদাৰে আতচবাজী শিল্প আৰম্ভ কৰিছিল।পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত এই শিল্পবিধ চলাবলৈ চৰকাৰী অনুজ্ঞাপত্ৰ বাধ্যতামূলক হোৱাত সুদক্ষ বাখৰু শিল্পী গৰাকীয়ে নিজৰ গৃহ চৌহদত সৰু পকীঘৰ এটা নিৰ্মাণ কৰি চৰকাৰী অনুজ্ঞাপত্ৰ লৈ ব্যৱসায় ভিত্তিত এই শিল্প চলাবলৈ আৰম্ভ কৰে।তেওঁৰ মৃত্যুৰ পিছত ডাঙৰ পুত্ৰ প্ৰসন্ন তালুকদাৰে শিল্পটো চলাই আছিল।শেষত আন এগৰাকী পুত্ৰ হৰকান্ত তালুকদাৰেও শিল্পটোৰ সৈতে জড়িত হয়।সম্প্ৰতি তেওঁৰ পুত্ৰ জয়ন্ত তালুকদাৰে মাতৃ নিলীমা তালুকদাৰৰ তত্বাৱধানত এই শিল্পক আগবঢ়াই নি আছে। নিৰবিচ্ছিন্ন ভাৱে তালুকদাৰ পৰিয়ালে এই শিল্পটোক জিয়াই ৰাখিছে।তদুপৰি গাওঁ খনিৰে প্ৰসন্ন তালুকদাৰেও এই শিল্পৰ সৈতে একাত্ম হৈ আছিল আৰু তেওঁৰ মৃত্যুৰ পিছত পুত্ৰ অনিৰুদ্ধ তালুকদাৰে শিল্পটো চলাই আছে।আনহাতে বাঁহজানীৰে ক্ষুদ্ৰশংকৰা(২নং ডেকাৰবাৰী)গাঁৱৰ পাৰ্গত বাখৰু শিল্পী নাউনাচা তালুকদাৰেও তাহানিতে আতচবাজী শিল্পৰে জড়িত আছিল বুলি জনা যায়। মনকৰিবলগীয়া যে শিৱকাশী,কলকাতাৰ আতচবাজীৰ শব্দৰ প্ৰাবল্য অধিক হোৱাৰ বাবে নলবাৰী জিলাৰ উপৰিও বহিঃজিলাৰ লোকেও বাঁহজানীৰ আতচবাজী ক্ৰয় কৰে। বাঁহজানীত তৈয়াৰী কোনো এবিধ আতচবাজীৰে অনাহকত বিস্ফোৰণ ঘটি দূৰ্ঘটনা ঘটাৰ সম্ভাৱনা নথকাৰ লগতে দীপাৱলীৰ বিশ,পশিচ দিন পূৰ্বে তৈয়াৰ কৰা বাবেও সেমেকা অৱস্থাত পোৱা নাযায়।এনে কিছু কাৰকৰ বাবেই বাঁহজানীৰ আতচবাজীৰ চাহিদা বৃদ্ধি পোৱাৰ উপৰিও বাখৰু শিল্পী সকলৰ মনত আশাৰ বতৰা সঞ্চাৰ হৈছে।দীপাৱলী আগমনৰ লগে লগে ব্যস্ততা বাঢ়ি অহা শিল্পী সকলে নানা কৌশল অৱলম্বন কৰি এইবাৰো লাডেন ফুলজাৰি, ম’টা,ৰকেট,ফানুচ,উৰন্ত চেৰেকী,হিলৈ,চেলেকিৰ গছ,ফটকা আদি তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন সমস্যাৰ মাজতো। আতচবাজীৰ এই শিল্পক বাঁহজানীৰ দৰে অনগ্ৰসৰ ঠাই এখনত আজিও জিয়াই থকাটো আদৰণিয় বুলি সচেতন নাগৰিকে মতপ্ৰকাশ কৰে। শিল্পী সকলৰ আহ্বান চৰকাৰে সহায় সহযোগ কৰিলে আতচবাজীৰ বৃহৎ উদ্যোগ হিচাপে গঢ়ি গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাব পৰাৰ লগতে জীৱন জীৱিকাৰো এক মাধ্যম হব বুলি মন্তব্য কৰে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like