বিশেষ বার্তা, ১৯ অক্টোবৰঃ তামিলনাডুৰ এটা মন্দিৰত আবদ্ধ হৈ থকা অসমৰ জয়মালা নামৰ হাতীটোৰ এটা ভিডিঅ ভাইৰেল হৈ পৰাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ জয়মালাৰ সুৰক্ষাৰ লগতে অসমলৈ হাতীটো পুনৰ ঘূৰাই অনাৰ আহ্বানেৰে ভৰি পৰিছিল ছ’চিয়েল মিডিয়া৷ আনকি হাতীটোক উদ্ধাৰ তথা পৰিদর্শনৰ বাবে গুৱাহাটীৰ পৰা তামিলনাডুলৈ এটা উচ্চস্তৰীয় প্রতিনিধিৰ দলো প্রেৰণ কৰা হৈছিল৷ জয়মালা নামৰ হাতীটোৰ প্রতি ৰাজ্যবাসীয়ে অত্যন্ত সংবেদনশীল মনোভাব প্রকাশ কৰাৰ সময়তে ৰাজ্যত মৃত্যুক সাবটিবলগীয়া হৈছে বহুকেইটা বন্যহস্তীয়ে৷ জনাঞ্চল বৃদ্ধিৰ ফলত বনাঞ্চল হ্রাসে বৃদ্ধি কৰা হাতী–মানুহৰ সংঘাত, হস্তীদণ্ডী ভেটি নির্মাণ কৰা আন্তঃগাঁথনি তথা ৰে’লপথ আদিৰ বাবে অকালতে ৰাজ্যত বন্যহস্তীৰ শোকাৱহ মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে৷ চলিত মাহতে বর্তমানলৈ ৰাজ্যত ৯টাকৈ বন্যহস্তীয়ে মৃত্যুক সাবটি লৈছে৷ প্রাপ্ত তথ্য অনুসৰি চলিত মাহৰ বিগত দিনকেইটাত গোৱালপাৰাত তিনিটা, মৰিয়নিত তিনিটা, নগাঁৱত এটা, দিহিং পাটকাইত এটা আৰু ৰাণীত এটা বন্যহস্তীয়ে মৃত্যুক সাবটি লৈছে৷ বিশেষকৈ মৰিয়নিত পোৱালিসহ তিনিটা বন্যহস্তীয়ে ৰাজধানী এক্সপ্রেছৰ খুন্দাত শোকাৱহভাৱে প্রাণ হেৰুওৱা ঘটনাই সকলোকে কন্দুৱাই তুলিছে৷ যোৱা ১০ অক্টোবৰত মৰিয়নিৰ সমীপৰ খৰিকটীয়া অঞ্চলত ৰে’লৰ খুন্দাত পোৱালিসহ দুটা হাতীৰ তাৎক্ষণিকভাৱে মৃত্যু হোৱাৰ লগতে আন এটা হাতী গুৰুতৰভাৱে আহত হয়৷ ৰে’লৰ ইঞ্জিনৰ খুন্দাত হাতীটোৰ পাছৰ অংশত গুৰুতৰভাৱে আহত হোৱা খোজ কাঢ়িবলৈও অসমর্থ হৈ চুঁচৰি চুঁচৰি গৈ খৰিকটীয়া চাহ বাগিচাত আশ্রয় লৈছিল৷ প্রচণ্ড বিষ–যন্ত্রণাত কাতৰ হৈ পৰা হাতীটোক দুদিন পিছত মৃত্যুক সাবটি লয়৷ ইয়াৰ উপৰি যোৱা ১১ অক্টোবৰত ৰাণীৰ সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বাক্রাপাৰাত আন এটা হাতী মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷ সেইদৰে ১৭ অক্টোবৰত নগাঁৱৰ জখলাবন্ধাৰ বাণেশ্বৰ বন শিবিৰত এটা বন্যহস্তীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷ ১৪ অক্টোবৰতো দিহিং পাটকাইত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ আনহাতে, বিগত ১৫ দিনৰ ভিতৰতে গোৱালপাৰা জিলাত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু ঘটিছে৷ যোৱা ১৭ অক্টোবৰত গোৱালপাৰাৰ শোলমাৰীৰ গেন্দ্রা পথাৰত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ তদুপৰি জিলাখনত চাৰি অক্টোবৰত ৰংজুলিৰ কাঁহিবাৰীত এটা আৰু ৬ অক্টোবৰত আনন্দ বজাৰ খেতিপথাৰতে আন এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ ৰাজ্যত এনেদৰে অকালতে মৃত্যুক সাবটি লোৱা বন্যহস্তীসমূহৰ একাংশ ৰোগাক্রান্ত হৈ মৃত্যুক সাবটিলে যদিও ৰে’লৰ খুন্দাত অথবা মানুহৰ সৈতে হোৱা সংঘাতত মৃত্যু হোৱা বন্যহস্তীৰ সংখ্যাই অধিক৷ বিশেষকৈ ক্রমাৎ বনাঞ্চল হ্রাস পোৱাৰ ফলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাক খেদিবৰ বাবে একাংশ লোকে উগ্র পন্থা অৱলম্বন কৰাৰ বাবেও বহু বন্যহস্তীৰ মৃত্যু ঘটিছে৷ আনকি খেতিপথাৰত চলোৱা উপদ্রৱ ৰোধ কৰাৰ বাবে খাদ্যত বিষ মিহলাই হাতী হত্যা কৰাৰো উদাহৰণ ৰাজ্যত আছে৷ অৱশ্যে হস্তীদণ্ডীসমূহৰ ভেটি ৰাজ্যৰ প্রান্তে প্রান্তে নির্মাণ কৰা, ৰে’লপথসমূহত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হোৱা ঘটনাই সর্বাধিক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৰহাট জিলাৰ একমাত্র অভয়াৰণ্য মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত হাতীৰ বাবে উত্তৰ–পূব সীমান্ত ৰে’লৱেই একপ্রকাৰ মৃত্যুদূত হৈ পৰিছে৷ অভয়াৰণ্যখনৰ মাজেৰে পাৰ হৈ যোৱা তিনিচুকীয়া–ডিব্রুগড় পৰা গুৱাহাটীমুখী এই ৰে’ললাইন অভয়াৰণ্যখনৰ হাতীসমূহৰ বাবে কালস্বৰূপ হৈ পৰিছে৷ বিশেষকৈ নকছাৰীৰ পৰা তিতাবৰলৈকে অঞ্চলছোৱা অধিক স্পর্শকাতৰ হৈ পৰিছে৷ অভয়াৰণ্যখনত বিগত প্রায় ১০ বছৰত ৰে’লৰ খুন্দাত ১০টাতকৈও অধিক হাতীৰ মৃত্যু ঘটিছে৷ অভয়াৰণ্যখনৰ পৰা খাদ্যৰ সন্ধানত নিতৌ জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৱে কেইবাটাও ভাগত বিভক্ত হৈ ৰে’ললাইন অতিক্রম কৰে৷ কাটনিবাৰী, পুখুৰীয়া, ডকলংগীয়া আদি অঞ্চলত মৰিয়নি–যোৰহাট শাখা ৰে’ললাইন পাৰ হোৱাৰ বিপৰীতে ডিব্রুগড়–গুৱাহাটী ৰে’ললাইনৰো একাধিক স্থানত এই হাতীৰ জাকটো পাৰ হয়৷ যোৱা ৯ অক্টোবৰত খৰিকটীয়া অঞ্চলত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ মৃত্যু হোৱাৰ পূর্বে ভেলেউগুৰি অঞ্চলত একেলগে দুটা হাতীৰ মৃত্যু হৈছিল৷ ভেলাগুৰি, কঁঠালগুৰি, তিতাবৰ, নগাধূলি আদি স্থানৰ লগতে গিবন অভয়াৰণ্যৰ মাজতো ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হৈছে৷ এই হস্তীদণ্ডীসমূহ অতিক্রম কৰাৰ সময়ত ৰে’লসমূহৰ গতিবেগ কম নকৰা বাবেই অধিক সময়ত এনে দুর্ঘটনা সংঘটিত হৈ অহা বুলিও সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি বন বিভাগৰ অনুৰোধৰ প্রতিও উত্তৰ–পূব সীমান্ত ৰে’লৱেই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ গিবন অভয়াৰণ্যৰ মাজত ৰে’লসমূহৰ গতিবেগ ঘণ্টাত সর্বোচ্চ ৪০ কিলোমিটাৰ নির্ধাৰণ কৰা হৈছে যদিও সেয়া অধিকাংশ চালকেই অমান্য কৰা পৰিলক্ষিত হৈ আহিছে৷ আনকি বহু চালকে ৰে’লৰ ইঞ্জিনৰ হর্ন বজোৱাৰ পৰাও বিৰত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ পৰিপ্রেক্ষিতত অকালতে বন্যহস্তীয়ে মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা এটা হাতীৰ বাবে সমগ্র ৰাজ্যবাসী উদ্বিগ্ণ হৈ পৰাৰ সময়তে ৰাজ্যৰ বনাঞ্চলসমূহত বাস কৰা বন্যহস্তীসমূহক সুৰক্ষা প্রদানত ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিতত বন্যহস্তীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ লক্ষণীয় যে ৰাজ্যৰ আন প্রান্তৰ লগতে গোৱালপাৰা জিলাতো বন্যহস্তী আৰু মানুহৰ সংঘাত দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ হৈছে৷ কেৱল বন্যহস্তী আৰু মানুহৰ সংঘাতেই নহয়, জিলাখনত ৰে’লৰ খুন্দাত নিহত হোৱা হাতীৰ সংখ্যাও বৃদ্ধি পাই আহিছে৷ এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১/২০২২ নম্বৰৰ এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰক কেতবোৰ নির্দেশনা প্রদান কৰিছিল৷ টাস্ক ফ’চ গঠনকে ধৰি বেদখল উচ্ছেদ, পশু চিকিৎসা কেন্দ্র স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনাও ৰাজ্য চৰকাৰলৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়ে প্রদান কৰিছে৷ অৱশ্যে পৰৱর্তী সময়ত বন্যহস্তীৰ সুৰক্ষাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া লক্ষণীয় হ’ব৷