হোমেন বৰগোহাঞি
মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে ধ্যানৰ প্রয়োজন অতি বেছি৷ সকলো ধর্মৰ শাস্ত্রত ধ্যানৰ কথা কোৱা হৈছে যদিও আধুনিক স্বাস্থ্য বিজ্ঞানীসকলে ধ্যানৰ এটা নতুন মংগলদায়িনী শক্তি বিচাৰি পাইছে৷ যোগাসনৰ জনপ্রিয়তা বর্তমান সময়ত অতি দ্রুতগতিৰে বাঢ়িব লাগিছে৷ ভাৰত চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই পৃথিৱীৰ প্রায় প্রতিখন দেশেই মাত্র সৌ সিদিনা আন্তর্জাতিক যোগ দিৱস পালন কৰিছে৷ যোগৰ এটা অবিচ্ছেদ্য অংগ হ’ল ধ্যান৷ ধ্যানৰ বিষয়ে দীঘলীয়া ব্যাখ্যা কৰি বুজোৱাৰ প্রয়োজন নাই৷ এজন মানুহে মাত্র এমাহ ধ্যান কৰাৰ পিছতেই অতি ক্ষুদ্র পৰিমাণে হ’লেও তাৰ উপকাৰ পাবলৈ আৰম্ভ কৰে৷ কিন্তু মই দাবী কৰিব খোজোঁ যে বর্ণ পৰিচয় হোৱাৰ পিছতেই কিতাপ পঢ়িবলৈ আৰম্ভ কৰি আজিলৈকে কিতাপেই পঢ়ি আছোঁ৷ মোৰ মতে গভীৰ মনোযোগ দি কিতাপ পঢ়াটোও একপ্রকাৰৰ ধ্যান৷ কেনেকৈ? ধ্যান কৰোঁতে মানুহজনে সমস্ত জগত–সংসাৰ পাহৰি এটা নির্দিষ্ট সময়ৰ কাৰণে যিকোনো এটা মাত্র শব্দ বা দৃশ্যত মনটো কেন্দ্রীভূত কৰিব লাগে৷ সেই শব্দটো হ’ব পাৰে ৰাম বা ৰহিম বা আন যিকোনো এটা সংখ্যা৷ যিকোনো এটা শব্দ বা দৃশ্যত মনটো নিবদ্ধ কৰি কেৱল নিজৰ উশাহ–নিশাহৰ লগত মনোযোগ সংযুক্ত কৰিলে শৰীৰ আৰু মনলৈ এক গভীৰ প্রশান্তি সঞ্চাৰিত হয়৷ যদি আপুনি কিতাপ পঢ়োঁতে কিতাপখনে আপোনাৰ মনটোক বা মনোযোগটোক সম্পূর্ণৰূপে গ্রাস কৰি ধৰে, তেন্তে সেইটোকো ধ্যান বুলি ক’ব নোৱাৰিনে? দিনটোত অন্ততঃ আধা ঘণ্টা সময়ৰ কাৰণে একে সময়তে চিন্তা আৰু আনন্দৰ খোৰাক দিব পৰা কিতাপ পঢ়িলে সেইটোকো ধ্যান বুলি ক’ব পাৰি আৰু ধ্যানৰ সকলো সুফল পাব পাৰি৷
স্বাস্থ্য ৰক্ষাৰ আৰু এটা প্রধান চর্ত হ’ল জীৱনৰ প্রতি ইতিবাচক মনোভাব৷ মই মোৰ বাল্যকালত ষষ্ঠ শ্রেণীৰ ইংৰাজী পাঠ্যপুথিত এটা কবিতা পঢ়িছিলোঁ৷ কবিতাটোৱে মোৰ মনত ইমান দকৈ সাঁচ বহুৱাইছিল যে সেই দিন ধৰি আজিলৈকে কবিতাটোৰ দুটা শাৰী মই এদিনৰ কাৰণেও পাহৰিব পৰা নাই৷ এই বিষয়ে বেছি কথালৈ যোৱাৰ আগতে পদ্যটোৰ সেই দুটা শাৰী আগতেই কৈ লওঁ–
Two men looked out from the prison bars,
One saw the mud, and the other, stars.
পৃথিৱীৰ সকলো মানুহৰ ক্ষেত্রতে এই কথা প্রযোজ্য৷ সকলো মানুহেই একেধৰণৰ ঘৰতে বা একেধৰণৰ ফাটেকতে বাস কৰে কিন্তু বাহিৰলৈ চাই পঠিয়ালে এজনে দেখে ভৰিৰ তলৰ বোকাবোৰ আৰু আনজনে দেখে আকাশৰ তৰাবোৰ৷ ঠিক সেইদৰে এনেকুৱা বহুত মানুহ আছে, যিসকলে যিকোনো বস্তুৰ ভাল দিশটোৰ প্রতি সম্পূর্ণ অন্ধ হৈ কেৱল বেয়া দিশটোৰ ওপৰতহে নিজৰ দৃষ্টি নিবদ্ধ কৰি ৰাখে৷
এদিন এজন শিক্ষকে তেওঁৰ ছাত্রসকলৰ এটা বিশেষ পৰীক্ষা ল’বলৈ মন কৰিলে৷ শ্রেণীটোত যিমান ছাত্র আছিল, প্রত্যেকৰ ভাগত পৰাকৈ তেওঁ একোখন কাগজত কিবা এটা ছবি আঁকিলে৷ তাৰ পিছত তেওঁ ল’ৰাবোৰক ক’লে– ‘তহঁতে মোৰ টেবুলৰ পৰা একোখন কাগজ নি তাত কি আছে সেইটো চাবলৈ যত্ন কৰিবি আৰু তহঁতে কোনে কি দেখিলি সেই কথা মোক ক’বি৷’
ল’ৰাবোৰে কাগজবোৰ মেলি চাই দেখিলে, কাগজখনৰ সোঁ মাজতে এটা চিঞাহীৰ ফোঁটৰ বাহিৰে আন একো নাই৷ শিক্ষকৰ প্রশ্ণৰ উত্তৰত প্রত্যেকজন ছাত্রই ক’লে– ‘ছাৰ, কাগজখনত এটা চিঞাহীৰ ডাগৰ বাহিৰে আন একো বস্তু আমি দেখা নাই৷’ তেতিয়া শিক্ষকজনে ক’লে– ‘মই তহঁতক জীৱনৰ এটা ডাঙৰ শিক্ষা দিবৰ কাৰণে এই পৰীক্ষাটো কৰিছিলোঁ৷ তহঁতে ঠিকেই কৈছ– কাগজখনৰ সোঁ–মাজত এটা চিঞাহীৰ ডাগ আছে৷ তহঁতৰ চকু পৰিল কেৱল সেই ডাগটোৰ ওপৰত৷ কিন্তু সেই ক্ষুদ্র ডাগটোৰ বিপৰীতে এখন বহল সুন্দৰ বগা কাগজ তহঁতৰ চকুৰ আগত পৰি আছে সেইখিনি তহঁতৰ চকুত নপৰিল কিয়? মই তহঁতক এই শিক্ষা দিব খুজিছোঁ যে মানুহৰ জীৱনৰ ক’লা ডাগবোৰৰ ওপৰতহে, অর্থাৎ দুখ, যন্ত্রণা আৰু ব্যর্থতাবোৰৰ ওপৰতহে মানুহৰ চকু পৰে আৰু সেইবোৰৰ ওপৰতে মানুহৰ দৃষ্টি নিবদ্ধ হৈ থাকে৷ তহঁতৰ সন্মুখত থকা কাগজখনৰ দৰেই এটা ক্ষুদ্র চিঞাহীৰ ডাগক কেন্দ্র কৰি সুখ, আনন্দ আৰু সাফল্যৰ এটা বিশাল অংশ জিলিকি থাকে৷ কিন্তু সেইবোৰলৈ বেছি সময়ৰ কাৰণে মানুহৰ চকু নাযায়৷ চকু থৰ লাগি ৰয় কেৱল ক্ষুদ্র ডাগবোৰৰ ওপৰত৷’
জীৱনৰ প্রতি ইতিবাচক আৰু নেতিবাচক দৃষ্টিভংগীৰ ব্যাখ্যা কৰিবলৈ শিক্ষকজনে সেই কাহিনীটোৰ অৱতাৰণা কৰিছিল৷ মই দাবী কৰিব খোজোঁ যে মোৰ সুস্বাস্থ্যৰ এটা প্রধান কাৰণ হ’ল জীৱনৰ প্রতি এটা ইতিবাচক দৃষ্টিভংগী৷ প্রত্যেকটো বস্তুৰে বা ঘটনাৰে ভাল আৰু বেয়া দুয়োটা দিশ নিশ্চয় থাকিব পাৰে৷ মোৰ কিন্তু প্রথমে চকু পৰে ভাল দিশটোৰ ওপৰত৷
চিকিৎসা বিজ্ঞানীসকলে কোৱা মতে মানুহৰ এশটা ৰোগৰ ভিতৰত ৯৯টা ৰোগৰে প্রধান কাৰণ হ’ল ষ্ট্রেছ Stress)৷ অর্থাৎ শৰীৰ আৰু মনৰ ওপৰত অনবৰত হৈ থকা কামৰ হেঁচা, দুঃশ্চিন্তাৰ হেঁচা আৰু কাল্পনিক বিপদ–বিঘিনি বা সমস্যাৰ হেঁচা৷ মই বহুত কিতাপ–পত্র পঢ়ি ষ্ট্রেছৰ পৰা নিস্তাৰ পোৱাৰ এটা উপায় শিকি লৈছোঁ৷ মোৰ স্বাস্থ্যৰক্ষাত সিয়ো মোক যথেষ্টভাৱে সহায় কৰিছে৷ আপোনালোকে কথাটো সহজে বুজিবৰ কাৰণে আন এজন শিক্ষকৰ কথা এইখিনিতে আপোনালোকক ক’ব খোজোঁ৷
এদিন এজন শিক্ষকে তেওঁৰ ছাত্রবোৰক ক’লে– ‘মানুহৰ জীৱনৰ এটা প্রধান শত্রু হ’ল ষ্ট্রেছ৷ ইয়েই হ’ল বহুটো শাৰীৰিক আৰু মানসিক ৰোগৰ প্রধান কাৰণ৷ এটা প্রত্যক্ষ উদাহৰণ দি মই তোমালোকক কথাটো বুজাব খোজোঁ৷’
শিক্ষকজনৰ সন্মুখৰ টেবুলত এগিলাচ পানী আছিল৷ পানী গিলাচ হাতত লৈ তেওঁ নিজৰ হাতখন সন্মুখৰ ফালে দীঘলকৈ মেলি দিলে৷ তেওঁ ছাত্রসকলক সুধিলে– ‘এই পানীভর্তি গিলাচটো যদি হাতত লৈ মই এতিয়া কৰাৰ নিচিনাকৈ হাতখন দীঘলকৈ মেলি পাঁচ মিনিট সময় থাকোঁ, তেন্তে মোৰ হাতখনৰ কি হ’ব?’
ল’ৰাবোৰে একমুখে উত্তৰ দিলে– ‘অলপ সময়ৰ কাৰণে হাতখনত অকণমান দুখ অনুভৱ কৰিব৷ তাৰ বাহিৰে আন একো নহয়৷’
‘যদি মই পোন্ধৰ মিনিট সময় তেনেকৈ থাকোঁ, তেতিয়া কি হ’ব?’
ছাত্রসকলে আকৌ একমুখে উত্তৰ দিলে– ‘আপোনাৰ হাতখন বিষাবলৈ আৰম্ভ কৰিব৷’
‘যদি মই আধা ঘণ্টা সময় তেনেকৈ থাকোঁ?’
ল’ৰাবোৰে আকৌ ক’লে– ‘আপোনাৰ হাতখন খুব বেছিকৈ বিষাব৷ গিলাচটো হাতৰ পৰা পেলাই দিবলৈ মন যাব, আনকি আপোনাক হাস্পতাললৈ নিব লগা হ’বও পাৰে৷’
শিক্ষকজনে ক’লে– ‘ষ্ট্রেছৰ বিষয়েও ঠিক সেই একেটা কথাকে ক’ব পাৰি৷ মানুহৰ জীৱনলৈ মাজে মাজে ষ্ট্রেছ আহিবই৷ অলপ সময়ৰ কাৰণে থকা ষ্ট্রেছে মানুহৰ সহ্য কৰিব পৰা বিধৰ সামান্য শাৰীৰিক কষ্টৰ বাহিৰে আন একো ক্ষতি নকৰে৷ কিন্তু মই ১৫ মিনিট পানীৰ গিলাচটো হাতত ধৰি ৰাখি বেছিকৈ কষ্ট পোৱাৰ দৰে ষ্ট্রেছো যদি দীর্ঘস্থায়ী হয়, তেন্তে সি মানুহক যথেষ্ট শাৰীৰিক আৰু মানসিক কষ্ট দিব৷ এই মাত্র তোমালোকে ক’লা যে মই যদি গিলাচটো আধা ঘণ্টাৰ কাৰণে ধৰি ৰাখোঁ, তেন্তে মোৰ কষ্ট অসহ্য হোৱাৰ উপৰি মোক হাস্পতাললৈ নিব লগা অৱস্থা হ’ব পাৰে৷ দীর্ঘস্থায়ী ষ্ট্রেছেও মানুহক নানা প্রকাৰে ৰুগীয়া কৰে৷ গতিকে ষ্ট্রেছক জয় কৰাটোৱেই হ’ল ৰোগমুক্ত হোৱাৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হোৱা এটা প্রধান উপায়৷ সেইটো কেনেকৈ কৰা যায়? ধ্যান কৰি৷ জীৱনটোক ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ নিজকে শিক্ষা দি, ষ্ট্রেছৰ স্থায়িত্ব কমাবলৈ নিজে দকৈ চিন্তা কৰি নানা উপায় উদ্ভাৱন কৰি৷ কাম কৰি আনন্দ পোৱাটো হ’ল ষ্ট্রেছ জয় কৰাৰ এটা প্রধান উপায়৷