নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত চন্দ্রমোহন মেধি বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই কৈছে– ‘তোৰে মোৰে আলোকৰে যাত্রা/আমি পালোঁ জীৱনৰ অর্থ অভিনৱ৷’ কিন্তু জন্ম, বৃদ্ধি আৰু মৃত্যু– এই তিনিটা বস্তুকে আমি নাম দিছোঁ জীৱন বুলি৷ জীৱনৰ এই অর্থ লাভ কৰি জ্যোতিপ্রসাদে কোৱা জীৱনৰ অর্থ অভিনৱৰ সন্ধান অসমৰ মানুহে পালে নে নাই মই পিছে নাজানো৷ আমি কোনো মতে আপোচৰ মাজেৰে জীয়াই থাকিবলৈ শিকিছেছা৷ কিন্তু আমি নাজানো একত্ব কি৷ এই একত্বৰ ধাৰণা মানুহে এতিয়াও স্থিৰ কৰিব পৰা নাই৷ পৃথিৱীত মানুহৰ কাম মাত্র তিনিটা৷ মানুহৰ এটা কাম হ’ল মানুহে সকলো  বিচাৰে৷ কিন্তু মই যে ভিতৰত অনন্ত সম্ভাৱনা লৈ জন্ম লৈছোঁ, সেয়া বিকশিত কৰিব নালাগিব নেকি? মানুহৰ ভিতৰত অনন্ত সম্ভাৱনা আছে৷ তাক বিকশিত কৰিব লাগিব৷ নে মই কেৱল আত্মপ্রতিষ্ঠাতে নিজৰ জীৱনক উছর্গা কৰি দিম৷ মোৰ ভিতৰত থকা সম্ভাৱনাক মই বিকশিত কৰিম৷ মোৰ সুখ–শক্তি–সম্ভাৱনা বিকশিত কৰিম৷ মই ইয়াত বিকশিত হ’ব বাবেই আহিছোঁ৷ প্রেম, জ্ঞান, শক্তি, আনন্দ আৰু একত্ব আমি এতিয়াও হাচিল কৰিব পৰা নাই৷ একেদৰে আমি নিশ্চিত কৰিব পৰা নাই জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পূর্ণতা৷ আত্মতুষ্টি আৰু ঘৃণাকে আমি প্রেম নাম দিছেছা৷ কিন্তু এতিয়াও আমি প্রেম লাভ কৰা নাই৷ একেদৰে মনৰ ধাৰণাকে আমি নাম দিছোঁ জ্ঞান বুলি৷ ভুল–ভ্রান্তিকে জ্ঞান নাম দিছো৷ আনন্দ লাভ কৰিব পৰা নাই৷ সুখানুভূতি, আনন্দ অনুভূতি নাই৷ গতিকে, জীৱনৰ লক্ষ্য স্থিৰ কৰি পৰিপূর্ণতা লাভৰ বাবে অগ্রসৰ হ’ব লাগিব৷ এই বুলি কয় সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক বিশিষ্ট লেখক দিগন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে তেজপুৰ মহাবিদ্যালয় আৰু চন্দ্রমোহন মেধি সোঁৱৰণী ন্যাসৰ উদ্যোগত মহাবিদ্যালয় চৌহদত আয়োজিত চন্দ্রমোহন মেধি সোঁৱৰণী বত্তৃণতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি শর্মাই শিক্ষাথ্সকলক জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা বিষয়ক সাৰগর্ভ ভাষণ দিয়ে৷ তেজপুৰ মহাবিদ্যালয়ৰ ৰূপকাৰ প্রয়াত চন্দ্রমোহন মেধিয়ে সুদীর্ঘ ২৭ বছৰ অধ্যক্ষ ৰূপে কার্যনির্বাহ কৰি মহাবিদ্যালয়খনক দি যোৱা অনবদ্য অৱদানৰ বাবেই প্রতিবছৰে এইদৰে প্রয়াত চন্দ্রমোহন মেধিৰ সোঁৱৰণত তর্ক প্রতিযোগিতা আৰু বত্তৃণতানুষ্ঠানৰ আয়োজন কৰি অহা হৈছে৷ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বত্তৃণতানুষ্ঠানত প্রয়াত চন্দ্রমোহন মেধিৰ জীৱন আৰু দর্শন সম্পর্কত বক্তব্য আগবঢ়ায় মহাবিদ্যালয়খনৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ প্রাণজিৎ হাজৰিকাই৷ অৱসৰপ্রাপ্ত উপাধ্যক্ষ সুভাষ শর্মা, পৰিচালনা সমিতিৰ সদস্য শিৱৰঞ্জন মহন্ত ডপস্থিত থকা এই বত্তৃণতানুষ্ঠানৰ আঁত ধৰে অধ্যাপক দেৱজিৎ দত্তই৷

You might also like