চামগুৰিত মৰিগাঁও আৰক্ষীৰ অভিযানঃ শূন্যলৈ গুলী চালনা কৰি দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: নগাঁও জিলাৰ চামগুৰিৰ শিৱস্থান ৰ সমীপৰ এটি স্থানত কালি নিশা ৮ বজাত মৰিগাঁও আৰক্ষী আৰু এন্টি নাৰকটিক্স স্কোৱাৰ্ড ৰ গোটে অভিযান চলাই ২ ত ড্ৰাগছ সৰবৰাহ কাৰী ক গ্ৰেপ্তাৰ কৰাৰ লগতে ১ কোটি টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ।। গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে ক্ৰমে ইক্ৰামুল হুছেইন আৰু শুকুৰ আলি।এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও আৰক্ষীৰ এন্টি নাৰ্কটিক স্কোৱাডে নগাঁও জিলাৰ চামগুৰিত উক্ত ড্ৰাগছ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে।
আনহাতে আৰক্ষীৰ অভিযানৰ উমান পাই ড্ৰাগছ সৰবৰাহকাৰী দুজন পলায়ন কৰিবলৈ বিচাৰিছিল যদিও অভিযানকাৰী আৰক্ষী দলে শূণ্যলৈ গুলী চালনা কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আনহাতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত তেলাহীৰ পৰা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয় বুলি মৰিগাঁও আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে। উক্ত জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য এককোটি টকা হ’ব বুলি প্ৰকাশ কৰিছে। ইপিনে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক ধৰমতুল থানাত জেৰা অব্যাহত ৰখা বুলি জানিব দিছে মৰিগাঁৱ ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই।